পৰিয়ালকেন্দ্ৰীক সংঘাত-আব্দুল কাদেৰ মিঞা

Rinku Rajowar
0
পৰিয়াল মানেই সুখ-দুখৰ লগতে সাহসৰ অন্য এক নাম।যিয়ে হেজাৰ বাধা আৰু সমস্যাৰ মাজতো আপোনাক দৃঢ় ভাৱে জীয়াই ৰাখে, এখন দেৱালৰ দৰে থিয় হৈ আপোনাক আশ্ৰয় দিয়ে।জীৱন-মৃত্যুৰ খেলত পৰিয়ালৰ ভূমিকা প্ৰথম।পৰিয়াল মানেই কেৱল স্বামী-স্ত্ৰী বা সন্তানক নুবুজায়।পৰিয়ালে সামৰি লয় অঙহী-বঙহী তেজ(অৰ্থাৎ বংশ) বা বিবাহ - সূত্ৰ সম্বন্ধ থকা লোক) আৰু মিতিৰ কুটুম সকলো। জেষ্ঠ্যজনৰ পৰা কনিষ্ঠ জনলৈ। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ।সেইবাবে পৰিয়ালক কোৱা হয় সমাজ এখনৰ প্ৰাথমিক গোট। কিন্তু এই পৰিয়ালৰ সুখ সকলোৰে ভাগ্যত নাথাকে। কিছুসংখ্যক ব্যক্তি আছে যি পৰিয়ালৰ স্বাৰ্থত নিজৰ প্ৰয়োজনীয় সকলো ত্যাগ কৰে কিন্তু বিনিময়ত পায় কেৱল শূণ্যতা!এনে ধৰণৰ মানুহে নিজৰ বিপদৰ সময়তো পৰিয়ালৰ পৰা সহযোগিতা নাপায় আৰু নিদিয়ে কোনো উৎসাহৰ এষাৰ মাত।কোনো এটা পৰিয়ালত কেৱল অৰ্থৰ দ্বাৰায়েই সহায় কৰা এয়া নহয়।বিপদৰ সময়ত সঠিক পৰামৰ্শ দি কাষত থাকিলে মানুহৰ মনটো সমস্যাৰ সৈতে যুঁজিবৰ বাবে সাহস দিয়ে।কিছুমান মানুহ আছে আকৌ স্ব-ইচ্ছৰে নিবিচাৰে নিজৰ পৰিয়াল পৰিজন।এনেধৰণৰ পৰিস্থিতি সাধাৰণতে দুই ধৰণৰ ফলত সৃষ্টি হয়। প্ৰথম , মানুহজন হয়তো আত্মগৌৰৱী , যথেষ্ট ধনী আৰু স্বয়ম্ভূ। দ্বিতীয়তে, হয়তো মানুহজন সময়ৰ লগে লগে পৰিয়ালৰ মানুহ বিলাকৰ প্ৰকৃত ৰূপ দেখা পাইছে। উপলব্ধি কৰিব পাৰিছে কোন কেনেকুৱা আৰু কোনে কি ভাৱ মনত ৰাখে। সেইবাবে মানুহজন আঁতৰি থাকিব বিচাৰে।বৰ্তমান সময়ৰ পৰিয়ালৰ পৰিস্থিতি যদি ভালকৈ চাওঁ দেখা পাম যে প্ৰায়বোৰ পৰিয়ালতে সদস্য সকলৰ মাজত ভেদা-ভেদি , হিংসুকতাৰ ভাৱ , চকুচৰহা, এজনৰ উন্নতি সহ্য নহয় আনজনৰ। এনে পৰিস্থিতিয়ে সমাজখন ভৰি পৰিছে। আকৌ বহুতে স্বাৰ্থৰ বাবেও ৰক্ষা কৰি আছে সম্পৰ্ক।এনেধৰণৰ মানুহ হয়তো সকলোৰে চকুত আছে। ইয়াৰ সমান্তৰালত এটা ভাল পৰিয়ালৰ অস্তিত্ব এই সমাজত নাই তেনে নহয়।
আজিও এনে অসংখ্য পৰিয়াল আছে,  যি সদায়ে নিজ সত্ত্বাটোক প্ৰতিপল যত্ন , আদৰ কৰাৰ দৰেই গুৰুত্ব দি মিলাপ্ৰীতিৰে প্ৰতিটো সমস্যাত একত্ৰিত হৈ সমস্যাৰ সমাধান উলিয়াই মৰমেৰে ধৰি ৰাখিছে পৰিয়ালটোক । প্ৰতিজন মানুহৰে পৰিয়ালৰ প্ৰতি দ্বায়িত্ব আৰু কৰণীয় থাকে।সময়ৰ সোঁতত বৰ্তমান এনে পৰিস্থিতি হৈছে যে পৰিয়ালৰ সকলোতকৈ কনিষ্ঠ জনে পৰিয়ালৰ জ্যেষ্ঠ জনক বা আপোন জনক হেৰাই গৈ আছে।ভুল সময়ৰ নে ব্যস্ততাৰ? নে আইন কাৰোবাৰ!বৰ্তমান সময়ত সকলোৰে চকুত পৰা সমস্যাৰ ভিতৰত পৰিয়াল কেন্দ্ৰীক সংঘাত বোৰে জটিল ৰূপ ধাৰণ কৰিছে আহিছে।পৃথিৱীক ওচৰত চপাই অনা ইন্টাৰনেটৰ মাধ্যমটোৱে এনে ঘটনাৰ বৃহৎ কাৰক হৈ পৰিছে। যাৰ ফলত পৰকীয়া প্ৰেম, বিচ্ছেদ, আত্মহত্যা , প্ৰতাৰণা আদিৰ দৰে জঘন্য ঘটনাৰ সৃষ্টি হৈ আছে।স্বামী-স্ত্ৰীৰ সম্পৰ্ক শেষ কৰা এনে দিশবোৰক ইন্টাৰনেটৰ বিয়োগাত্মক দিশবোৰৰ মাজত থৈ চলিব লাগিব। ইয়ে সত্য। কাৰণ বৰ্তমান জীৱনৰ ই-অপৰিহাৰ্য অংগ হৈ পৰিছে। কোনো সময়ত মুষ্টিমেয় বন্ধুৰ মাজত সুখ-দুখৰ ভাগ কৰিয়েই মানুহ সুখী হৈ আছিল। কিন্তু আজি হাজাৰ জন বন্ধুৰ মাজত থাকিও সেই আনন্দ উপভোগ কৰিব নোৱাৰে।আত্মীয় পৰিজনে ফেচবুক, হোৱাটচ অপত দিয়া কোনো খবৰ এটা শুনি বাহ: বাহ: , ইচ , আচ কৰোঁ কিন্তু বাস্তৱিকতে আমি সুখ-দুখত এওঁলোকক সঙ্গ দিবলৈ সময়ে উলিয়াব নোৱাৰোঁ।
বৰ্তমান যান্ৰিকতাৰ পৃথিৱীত বৃদ্ধ পিতৃ মাতৃক দিবলৈ সময়ে নাথাকে বহুতৰ।সময় নথকাৰ মাজতে বহুতে সামাজিক কাম কৰি দিন ৰাতি ঘূৰি ফুৰে।বৃদ্ধাশ্ৰমৰ বৃদ্ধক সুখৰ হাঁহি বিলাবলৈ যোৱা তেনে সকলৰ ছবি দেখি মন ভৰি পৰে, কিন্তু সকলোৰে নহয় , তাৰে কিছুসংখ্যক সমাজ আৰু পৰিয়ালৰ প্ৰতিমূৰ্ত্তি দুই বিন্দুত স্থিত হৈ থাকে। তেনে লোকৰ নৈতিকাৰ শুধৰণি নোহোৱালৈকে সমাজ চলিলেওঁ পৰিয়াল ধ্বংসৰ গৰাহত পৰাতো খাটাং।
সন্তানৰ ওচৰত বহি থাকি কোনো আপোনজনক দেখিও নিজে ভাৰ্চুৱেল পৃথিৱীৰ বন্ধুৰ মাজত নিজক বিচাৰি থকাটোয়ে মনৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।এই সময়খিনি সম্মুখত থকা জনৰ বাবে খৰচ কৰিলে চাগে এটা সম্পৰ্কই পোখা মেলি ফুলি উঠিলেহেঁতেন ।যিটো বৰ্তমান সময়ৰ পৰিয়ালৰ বাবে অতি প্ৰয়োজনীয়।নিজৰ সন্তানক সময় দিব নোৱাৰি যেতিয়া টি.ভি ,মোবাইলক সিহঁতৰ আত্মীয়  বনাই দিয়ে , তেতিয়া আপুনি কিয় সিহঁতক ভৱিষ্যতৰ বাহক হিচাবে আশা কৰে | সিহঁতক অকলশৰীয়া কৰি গঢ়ি তোলোতে মাক দেউতাকে ক্ৰুটি কৰিছে  বাবেই এওঁলোক এনেকুৱা অকলশৰীয়া , এনেধৰণৰ সন্তান আত্মকেন্দ্ৰীক হৈ পৰিছে। সমাজ দূৰৰ কথা , পৰিয়ালে সিহঁতৰ মনত অশান্তি বুলি ভাবিবলৈ লৈছে | কিন্তু ইচ্ছা কৰিলেই আমি এনেবোৰ কাৰকৰ প্ৰভাবৰ পৰা আমাক মুক্ত কৰিব পাৰিম | বাস্তৱৰ পৃথিৱীখনক গ্ৰহণ কৰি চলাৰ অভ্যাস এটা সকলোৱে নিজ সন্তানক  গঢ়ি দিব লাগে |পৰিয়াল এটা সুন্দৰ ভাৱে সজাবলৈ অভিভাৱকৰ কৰণীয় অতি গুৰুত্বপূৰ্ণ।সৰুকালৰে পৰাই শিশুক পিতৃ মাতৃয়ে নৈতিক শিক্ষা প্ৰদান কৰা উচিত যাতে শিশু জনে কোনো ধৰণৰ অনৈতিক কাৰ্যত লিপ্ত হৈ নিজৰ লগতে সমাজ আৰু দেশৰ ক্ষতি কৰিব নোৱাৰে।
সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলি সিহঁতৰ জীৱনক মানুহ কৰাৰ প্ৰয়াস কৰক | জীৱনৰ প্ৰথম খোজটো হওঁক পিতৃ-মাতৃৰ প্ৰতি, ঘৰখনৰ প্ৰতি , তাৰ পিছত সমাজলৈ ওলাই যাওঁক , মুক্ত মনে কাম কৰক  | মানুহে মানুহৰ মৰম বুজি আত্মীয়তা গঢ়ক , তেতিয়াহে সংঘাত কমিব |


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)