বিষাদ-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
এদিন হঠাৎ দূৰণিলৈ গুচি যাম
জীৱনৰ পৃষ্ঠাবোৰ ধ্বংস কৰি
জীৱন মায়াবৃত্তৰ মায়াজাল ভাঙি
দূৰণিৰ নিৰিবলি দেশত 
মোৰ সপোনৰ ঘৰ সাজিম
নতুনকৈ ৰঙেৰে আঁকিম 
মোৰ অভিমানী মনৰ উকা পৃষ্ঠা ।
গুচি যাম অচিনাকী চৰাইজাকৰ সৈতে
মুক্ত মনে উৰিবলৈ
আপোন মনে থাকিবলৈ।
আনৰ মন্তব্যত নিজকে
বুজাব নোৱাৰা শক্তিৰ
সন্মুখীন তেতিয়া হয়তো 
হ'বলগীয়া নহ'ব !
কাৰণ অচিনাকী চৰাইজাকে
মোক উৰিবলৈ শিকাব
মোক আপোন কৰি ল'ব।
নিৰিবিলি সময়ৰ সুখৰ
আৱেগ বাৰে বাৰে জীপাল হ'ব 
জীৱন নদীৰ সোঁতত
বিলুপ্ত হ'ব অৱসাদ
হেৰাই যাব দোমোজাৰ ছবি
লুকাই যাব চকুলো
উজলিব কেৱল মাথোঁ হাঁহি।



🔳দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)