আজি বৃহস্পতিবাৰ ১৪ আঘোণ ১৪২৯ শকাব্দ । ইং ১ ডিচেম্বৰ ২০২২ । আজিৰ সংখ্যাটো আপোনালোকলৈ আগবঢ়ালো পঢ়ি কেনেকুৱা পাইছে কমেন্ট কৰি জনাবচোন ।
সমালোচনা আৰু অপেচাদাৰী নাটৰ আৰৰ সমস্যা
◾জনাৰ্দন তালুকদাৰ।
জিলাঃ- নলবাৰী(অসম)
যোগাযোগঃ- ৬৯০০৭৮৮৮৭০
এটা জাতিৰ কৃষ্টি-সংস্কৃতিকে আদি কৰি সমাজ এখনৰ বিভিন্ন দিশক সাঙুৰি লৈ বাস্তৱ প্ৰতিচ্ছবি দাঙি ধৰাৰ প্ৰধান মাধ্যমটোৱে হ'ল নাটক। সাহিত্যৰ প্ৰধান বিভাগসমূহৰ ভিতৰত নাটকৰ জনপ্ৰিয়তা সৰ্বাধিক। নাটক যে এবিধ সন্মানীয় কলা মাধ্যম, সেই কথা সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠিত। নাটকৰ সংজ্ঞাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে উমান পোৱা যায় যে "নাটক হৈছে জীৱন বিষয়ক ধাৰণাক অভিনয়ৰ জৰিয়তে দেখুৱাব পৰা এক শিল্প ৰূপ।" নাটক এনেকুৱা এটা মাধ্যম যিয়ে জীৱনক প্ৰতিফলিত কৰি অতি সহজে দৰ্শকৰ মন আৰু মগজুত প্ৰৱেশ কৰে।
এতিয়া আহোঁ অপেচাদাৰী নাটৰ ভিতৰলৈ। ভ্ৰাম্যমাণ অসমীয়া নাটকৰ গৌৰৱ যদিও ইয়াৰ আত্মা কিন্তু চহৰ নগৰ গাওঁকে ধৰি অসমৰ চুকে-কোণে অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতামূলক বা অপ্ৰতিযোগিতামূলক নাট্যানুষ্ঠানবোৰৰ মাজতহে আছে। এনে নাট্যানুষ্ঠানবোৰক বাদ দি ভ্ৰাম্যমাণ জগতত কিমান সংখ্যক শিল্পী, কলা-কুশলী ওলাব যিয়ে কোনো ৰাষ্ট্ৰীয় স্তৰৰ স্কুল নাইবা কৰ্মশালাৰ পৰা আহি দপদপনিৰ সৃষ্টি কৰিছে। বৰ্তমান ভ্ৰাম্যমাণৰ অভিনেতা-অভিনেত্ৰী সকলে এটা সময়ত এই অপেচাদাৰী মঞ্চতেই তেওঁলোকৰ নয়ৰ জীৱনৰ পাতনি মেলিছিল। এতিয়া কথা হ'ল নাটকৰ এই আত্মা অৰ্থাৎ অপেচাদাৰী নাটকৰ সমস্যা কি ? নাটক এখন মঞ্চস্থ কৰাৰ বাবে যি ধনৰ প্ৰয়োজন হয়, সেই ধন অপেচাদাৰী দলৰ প্ৰায়েই নাথাকে। কোনো ধনী ব্যক্তি বা প্ৰতিষ্ঠানে তেনে নাটকত অৰ্থ বিনিয়োগ কৰিবলৈ আগবাঢ়ি নাহে, তাৰ মূল কাৰণ হ'ল সেই বিনিয়োগৰ ধন ঘূৰি অহাৰ কোনো পথ নাথাকে। এয়াই হ'ল অপেচাদাৰী নাটৰ প্ৰকৃত সমস্যা। কিন্তু তাৰ মাজতেও তেওঁলোকে নাটক কৰিয়েই থাকে। প্ৰশ্ন হয়, এনেদৰে নাটক কৰি থকাৰ কাৰণ কি? কাৰণ এটাই নাটকৰ প্ৰতি থকা অন্তহীন ভালপোৱা। নাটকৰ জৰিয়তে জীৱনক আৱিস্কাৰ কৰাৰ, অনুভৱ কৰাৰ যি আনন্দ; সেই আনন্দৰ মুখামুখি হোৱা।
বৰ্তমানেও বহুল প্ৰচলিত সামাজিক মাধ্যমত নাটকৰ সমস্যা কেন্দ্ৰীক আলোচনা-সমালোচনা সমূহ এতিয়াও ভ্ৰাম্যমাণক লৈয়ে সীমাবদ্ধ হৈ আছে। নাটকৰ সমস্যা মানে যেন অন্য নহয়, ভ্ৰাম্যমাণৰহে আৰু এইখিনিতে আমি নাট্য সমালোচক আৰু নাট্যপ্ৰেমী দৰ্শকৰ দৃষ্টিভংগী সলনি হোৱাটো বিচাৰোঁ। আমি বিচাৰো সচেতন নাট্য সমালোচকে নাটকৰ সমস্যাৰ প্ৰতি সচেতনভাৱে নজৰ দিয়ক। অপেচাদাৰী নাটকে ভুগি থকা গুৰুতৰ সমস্যাৰ মাজত সমালোচকে এটা চকু মুদি আনটো চকুৰে নাট্য সমালোচনা মানে কেৱল ভ্ৰাম্যমাণৰ নাট সমালোচনাতে সীমবদ্ধ থকাটোও এক অন্যতম সমস্যা। নিজ ঐতিহ্য, পৰম্পৰা, সংস্কৃতি পাহৰি অন্য দিশ বা অন্য ধাৰাৰ কাষ চাপি নাটক ৰচনা কৰিবলৈ যোৱাটো অপেচাদাৰী অসমীয়া নাট্যকাৰৰ আন এক ক্ৰতি। কিন্তু স্বীকাৰ কৰিব লাগিব যে অপেচাদাৰী নাট্যক্ষেত্ৰখনৰ লগত এতিয়াও ভালেখিনি সুনিপুণ নাট্যকাৰ জড়িত হৈ আছে। এয়া অপেচাদাৰী নাট্যক্ষেত্ৰখনৰ বাবে এক আশাৰ সংকেত। ব্যৱসায় ভিত্তিত গঢ় লৈ উঠা ভ্ৰাম্যমাণক বাদ দি অপেচাদাৰী নাটৰ প্ৰযোজনাতো যে প্ৰেক্ষাগৃহ, মঞ্চ সজ্জা, পোহৰ, প্ৰচাৰ, শব্দ, নিয়মীয়া আখৰা, প্ৰতিযোগিতামূলক নাট বিচাৰকৰ মাননি, পুৰস্কাৰ, দলক আপ্যায়ন আদিৰ লগতে আৰু এশটা এনেকুৱা সমস্যা যে জড়িত হৈ আছে তাকো বিচাৰ কৰিব লাগিব। সেইবোৰ কথা তথাকথিত নাট্যসমালোচনা, নাট্যনীতিৰ অন্তৰ্ভূক্ত নোহোৱাটোও নাটকৰ গণবিচ্ছিন্নতাৰ অন্যতম কাৰণ। নাট্যগোষ্ঠী একোটাৰ আৰ্থিক দৈন্যতাৰ লগতে উদযাপন সমিতিৰ আৰ্থিক অনাটনৰ বাবে কেনেকুৱা দুখলগা পৰিৱেশৰ সৃষ্টি হয় সেয়া নাট্যদল আৰু উদযাপন সমিতিত থাকি নাট্য আন্দোলনৰ ধাৰা ৰক্ষা কৰা লোকসকলেহে বুজে। তথাপি আমাৰ দৰে আধাকেঁচেলুৱা লোকৰ দ্বাৰা অসমীয়া নাট্য আন্দোলনৰ ধাৰাটো চলাই থাকিবলৈ চেষ্টা অব্যাহত আছে যদিও সেয়া পেটত গামোচা বান্ধিয়ে।
এইবোৰ দিশৰ উপৰিও নাট্যকৰ্মীৰ অধ্যয়ন বিমুখিতা, নাট্যদল সমূহৰ মাজত সহমৰ্মিতা, সমন্বয়ৰ অভাৱ, নাটক সম্পৰ্কীয় গঠনমূলক পৰ্যালোচনা, নাটকৰ সঠিক মূল্যায়ন কৰিব পৰা সমালোচনাৰ অভাৱে গোটেই অপেচাদাৰী নাট্যধাৰাটোক ভৱাতকৈও বেছি ক্ষতি কৰি আহিছে। আজি পৰিৱেশিত নাটক এখনৰ সমালোচনা কৰিবলৈ যাওঁতে নাটকখনৰ প্ৰকৃত ৰং, পোহৰৰ ৰং, বৰ্ণ-বাক, সংগীত, মঞ্চসজ্জা, ৰূপসজ্জা আদিৰ কিয় প্ৰকৃত সমালোচনা হোৱা নাই, সেয়া কি নাটকৰ অংগ নহয় ? এনে কি কাৰণ থাকিব পাৰে যে সাংস্কৃতিক মন্ত্ৰালয়ে হওঁক বা চৰকাৰ বিদ্যায়তনিক প্ৰতিষ্ঠান সমূহে হওক ক'তো এতিয়ালৈ নাট সম্পৰ্কে সঠিক প্ৰণালীবদ্ধ পৰিকল্পনা আজিকোপতি হোৱা নাই। অপেচাদাৰী নাটকত যে নাটকৰ প্ৰকৃত আত্মা আৰু প্ৰাণ সোমাই আছে সেই কথা চৰকাৰে অনুভৱ কৰি নাটকৰ ক্ষেত্ৰখনত পৃষ্ঠপোষকতা আগবঢ়াৱা উচিত। নহ'লে প্ৰকৃত নাট্য আন্দোলনৰ ধাৰাটো অতি সোনকালে অন্ধকাৰমুখী হৈ পৰিব। নিজৰ পকেটৰ পইছা খৰছ কৰিয়ে অসমৰ বিভিন্ন প্ৰান্তত বহু অপেচাদাৰী নাট্যদলে মনৰ জোৰত নাটক কৰি আহিছে। অপেচাদাৰী নাট্যক্ষেত্ৰখনত চৰকাৰৰ পৃষ্ঠপোষকতা থকা হ'লে হয়তো অসমৰ অসমৰ নাট্য আন্দোলন আৰু বেছি আগুৱাই গ'লহেতেন। চলচিত্ৰ মহোৎসৱৰ দৰে অসমৰ বিভিন্ন প্ৰান্তৰ নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হোৱা দলসমূহক লৈ অপেচাদাৰী নাট মহোৎসৱ চৰকাৰী উদ্যোগত আয়োজন কৰি এই নাটক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা শিল্পী, কলা-কুশলী সকলৰ সাংস্কৃতিক, আৰ্থিক, সামাজিক উত্তৰণৰ দিহা কৰিব পাৰে।
গতিকে আহক আমি সকলোৱে মিলি অসমীয়া নাটকৰ প্ৰাণ আৰু আত্মা জড়িত হৈ থকা অপেচাদাৰী ধাৰাটোৰ বাবে ৰজাঘৰক সুকীয়া নীতি বিচাৰি দাবী কৰোঁ।
সমাজ আৰু আমি ছাত্ৰ
◾দেৱজিত বৰুৱা
দ্বাদশ শ্ৰেণী
শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ
ফোন -৯৩৯৪১২৫৫১১
ছাত্ৰ আৰু সমাজ, সমাজ আৰু ছাত্ৰ -এই দুয়োটাই সম্পৰ্ক অভিন্ন। সমাজে গঢ়িব লাগিব ছাত্ৰ, সমাজে ছাত্ৰৰ উত্তৰণত গঢ়িব লাগিব পৰিৱেশ। আজিৰ সমাজে ছাত্ৰৰ অধ্যয়নৰ বাবে দিব লাগিব উপযুক্ত পৰিৱেশ, সা-সুবিধা। আকৌ সেই ছাত্ৰই গঢ়িব অনাগত দিনৰ সমাজ।একোখন সমাজ এখন দেশৰ উত্তৰণৰ এক প্ৰহৰী। ছাত্ৰক প্ৰকৃত প্ৰহৰী হোৱাৰ শিক্ষা লবলৈ সমাজে দিব লাগিব।
এখন সুশৃংখল সমাজ মানে এটি সুশৃংখল জাতি,এখন দেশ। দেশ আৰু জাতিক হৃদয়ত স্থাপন কৰাৰ মানসিকতা ছাত্ৰক দিব লাগিব সমাজে। সমাজ হʼল সংস্কৃতিৰ বাহক। ছাত্ৰ হব লাগিব সংস্কৃত। সাংস্কৃতিক মন এটাৰ উত্তৰাধিকাৰী হব লাগিব প্ৰতিজন ছাত্ৰ। আজিৰ ছাত্ৰ ভৱিষ্যত দেশৰ নাগৰিক।অকল এজন নাগৰিক হʼলেই নহ'ব, হব লাগিব সু-নাগৰিক। দেশৰ উত্তৰণৰ প্ৰতিটো দিশত জাগ্ৰত প্ৰহৰীৰূপে অৱতীৰ্ণ হব পৰাকৈ নিজকে প্ৰস্তুত কৰিব লাগিব।
প্ৰতিগৰাকী ছাত্ৰই নিজৰ সমাজখনৰ, দেশৰ সংস্কৃতি চিনি পাব লাগিব। মাত ফুটাৰ পিছত এটি শিশুৱে যি ভাষাত 'মা' বা 'আই' বুলি মাতিব সেয়াই মাতৃভাষা- সেই ভাষাক সমৃদ্ধিশালী কৰিবলৈ, খুটি-নাটি মাৰি শিকিবলৈ আৰু বুজিবলৈ যত্নপৰ হব লাগিব প্ৰতিজন ছাত্ৰই। দেশখনৰ, সমাজখনৰ সংস্কৃতিৰ চৰ্চা, ৰক্ষণাবেক্ষণ আৰু উত্তৰণত গুৰুত্ব দিব লাগিব। কৃষ্টি-সংস্কৃতি নথকা এটা জাতি হবই নোৱাৰে আৰু সেয়া ৰক্ষণাবেক্ষণ দিব নোৱাৰিলে জাতিটো হৈ পৰিব মৃতপ্ৰায়। আহক আমি দেশ-জাতিৰ হকে কাম কৰিবলৈ মানসিকভাৱে প্ৰস্তুত হওঁহক।
পতিতা
◾আব্দুল কাদেৰ মিঞা
দক্ষিণ শালমাৰা মানকাচাৰ( অসম)
বেংক বেলেঞ্চ একো কৰিব পৰা নাই।
কোনো মতে সংসাৰ খন চলি আছে। মধ্যবিত্ত পৰিয়াল । একমাত্ৰ সন্তান আকাশ ক্লাছ ওয়ানত পঢ়ে।
মহেশ বাবু বিগত তিনিমাহৰ পৰা অফিচত যাব পৰা নাই।
কাৰণ মহেশ বাবুৰ বৰ্তমান ঠিকনা গুৱাহাটী বি. বৰুৱা কেন্সাৰ হাস্পাতাল। কাৰণটো নিশ্চয় আৰু বহলাই কোৱাৰ প্ৰয়োজন নহ'ব।
হয়! প্ৰায় লাষ্ট ষ্টেজ অফ কেন্সাৰ ।
সৰু ল'ৰা আকাশ কেন্সাৰ ৰোগৰ বিষয়ে একো নজনা। মানুহৰ মুখত শুনিছে দেউতা আৰু বেছিদিন জীয়াই নাথাকিব।
চন্দ্ৰানি দেৱী মহেশ বাবুৰ স্ত্ৰী। দেখাত সুশ্ৰী , লিখা পঢ়াত উচ্চ মাধ্যমিক পাছ।
স্বামীৰ এনে ৰোগৰ কাৰণে বহুতৰে ওচৰত হাত পাতিব লগা হৈছে। সাহায্যও পাইছে। গাওঁৰ ক্লাবৰ পৰাও কিছু টকা সংগ্ৰহ কৰি চন্দ্ৰানি দেৱীৰ হাতত তুলি দিয়া হৈছে।
দিন যিমানেই ঘনাই আহিছে সাহায্যৰ হাত সিমানেই কমি আহিব ধৰিছে।
এনেদৰে তিনিমাহ অতিক্ৰম কৰিলে।
চিকিৎসকে শান্তনা দিয়ে যদিও ধাৰাবাহিক ভাৱে চন্দ্ৰানিৰ ডক্টৰৰ খৰছ বহন কৰাৰ ক্ষমতা অক্ষম হৈ পৰিছে।
অসহায় চন্দ্ৰানি দেৱী স্বামীক মৃত্যুৰ মুখত ঠেলিও দিব নোৱাৰে। আকৌ নোৱাৰে মৃত্যুৰ মুখৰ পৰা উভতাই আনিবলৈ। তথাপিও স্বামীৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ শেষ চেষ্টা কৰি আছে।
এইকেইদিন চন্দ্ৰানি দেৱীৰ বৰ্তমান ঠিকনা গুৱাহাটী গণেশগুৰি। আৰু নিজৰ নাম সলনি কৰি হৈছে চামেলি বৌদি।
সন্মানৰ উপাধি পাইছে ' বেশ্যা '।
অপমান আহে , অত্যাচাৰ আহে।নিজক অপৰাধী বুলি ভাবে যদিও এতিয়া নিয়মীয়াকৈ টকা আহে।
স্বামীক বচাবলৈ শেষ উপায় ।
নিজৰ ভালপোৱাক জীয়াই ৰাখিবলৈ শেষ চেষ্টা।
পদ্মপুৰাণত বৰ্ণিত আছে সতী বেউলায় নিজৰ স্বামীৰ প্ৰাণ বচাবলৈ স্বৰ্গলৈ গৈছিল। দেৱতাৰ ওচৰত নৃত্য কৰি দেৱতাসকলক মুগ্ধ কৰি মৃত্যু স্বামীক জীয়াই তুলিছিল। আৰু আজিৰ চামেলি বৌদি স্বামীৰ প্ৰাণ বচাবলৈ নৰকত গৈছে।
সমাজৰ তথাকথিত ভদ্ৰ মানুহক সুখী কৰিছে কিছু টকাৰ প্ৰয়োজনত।
সমাজৰ ওচৰত চামেলি বৌদি বেশ্যা হ'ব পাৰে কিন্তু মহেশ বাবুৰ ওচৰত বেউলাতকৈ কম নহয়। নাজানো মহেশ বাবু আৰু জীয়াই থাকিব নে নাই! কিন্তু মহেশ বাবু কেতিয়াও উপলব্ধি কৰিব নোৱাৰিব তেওঁৰ স্ত্ৰীৰ আত্মত্যাগৰ কথা।
( গল্পত সমস্ত চৰিত্ৰ ও ঘটনা কাল্পনিক, ইয়াত কেৱল বেশ্যাৰ অন্তৰালত নাৰীৰ আত্মত্যাগৰ বিষয়টোক গল্পৰ জড়িয়তে উপস্থাপন কৰা হৈছে।)
আলোচনা আৰু সমালোচনা
◾সংযুক্তা দত্ত।
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।
এই শব্দ দুটা মানুহৰ মুখত বহুত শুনো আমি । মানুহ সমাজ প্ৰিয়। মানুহে এখন সমাজত থাকি ভাল পায় । এই সমাজ পাতি বাস কৰি থকা মানুহৰ মুখত দুটা শব্দ - আলোচনা আৰু সমালোচনা । কাৰোবাক লৈ মানুহেই আলোচনা কৰে আৰু আন কৰোৱাক লৈ মানুহেই সমালোচনা কৰে। এই আলোচনা আৰু সমালোচনা কেতিয়াবা ভালো হ'ব পাৰে আৰু কেতিয়াবা বেয়াও হ'ব পাৰে। আপোনাক লৈ যিয়ে ভালকৈ আলোচনা কৰে তেওঁক হয়তো আপুনি বহুত ভাল পায়। আৰু আমি সকলোৱে আমাক লৈ যিয়ে সমালোচনা কৰে তেওঁক টো আমি সকলোৱে বেয়া পাওঁ। হয় বেয়া পাবও লাগে । কাৰণ তেওঁ কামেই কৰে আমাৰ অন্তৰত দুখ দিয়া। আমাৰ অন্তৰত যিয়ে দুখ দিয়ে আমি জানো তেওঁক ভাল পাব পাৰোঁ। কিন্তু ভাল পাব লাগে । আপোনাক লৈ আলোচনা কৰা জনক যিমান ভাল পায়। আপোনাক লৈ সমালোচনা কৰা জনকো এবাৰ ভাল পায় চাব চোন। সদায় কিমান নিজৰ ভালটো শুনিব কেতিয়াবা কিন্তু নিজৰ বেয়াটোও শুনিব লাগে। কোনোবাই আপোনাক লৈ সমালোচনা কৰিলে গুৰুত্ব কেতিয়াও নিদিব। যদিহে আপুনি জানে আপুনি শুদ্ধ বুলি। তেতিয়া দেখিব আপোনাক লৈ কৰা সমালোচনাই আপোনাৰ অন্তৰত কেতিয়াও দুখ দিব নোৱাৰে। সমালোচনা কৰা ব্যক্তিক ভাল পাবলৈ শিকক। কাৰণ - আজি হয়তো আপুনি যিটো স্থানত আছে সেই স্থান কিন্তু সমালোচনা কৰা ব্যক্তিকেইজনে পাব পৰা নাই। আৰু নিজৰ লক্ষ্যত থিয় হৈ এবাৰ ধন্যবাদ দিব সেই সকলক যিয়ে এসময়ত সমালোচনা কৰিছিল। তেতিয়া কৰা সমালোচনাৰ কাৰণেই এদিন আপুনি সকলোৰে আলোচনাৰ ব্যক্তি হৈ পৰিব ।
অণুগল্প
শিৰোনাম: কৰ্তব্য
◾মিনাক্ষী দত্ত ।
ধেমাজি ( মাছখোৱা ) ।
১০৮ এম্বুলেঞ্চত কৰ্মৰত এজন চালকে পথ ৰ্দুঘটনাত পতিত এজন যুৱকক তৎকালীনভাৱে চিকিৎসালয়লৈ আনিবলৈ গৈ দেখে যুৱকজনে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে আৰু মৃত যুৱকজন হৈছে তেওঁৰে একমাত্ৰ পুত্ৰ অজয় । কৰ্তব্য খাতিৰত নিজ পুত্ৰৰ নিথৰ দেহটো এম্বুলেঞ্চত তুলি দেউতাকে নিজেই লৈ আহিল চিকিৎসালয়লৈ ।
শীতৰ বাতৰি
◾বিকাশ দাস
বৰপেটা
আনিলে শীতৰ বাতৰি ,
আকৌ আহিলে ঠাণ্ডাৰ দিন
লগত আনিলে আনন্দৰ পাপৰি ।
নিয়ৰৰ শব্দ টোপ টোপা টোপ
প্ৰকৃতিৰ মনোমোহা স্বৰধ্বনি ,
আনন্দৰে সুমধুৰ গীত জুৰে
বিলাই সকলোতে মধুবাণী ।
সকলো জীৱই শীতৰ দিনত
উম লয় সূৰ্যৰ ,
শীতত কম্পমান পোক-পৰুৱাইও
সূৰ্যৰ উত্তাপত গৰম কৰে শৰীৰ ।
শীতে আনিলে জাক-জমকতা
মন নাথাকে সুস্থিৰ ,
মাঘ মাহত ভোগালী বিহু
সীমাহীন আনন্দৰ তীৰ ।
চিৰা ,পিঠা,সান্দহ, চুঙা পিঠা
তিলপিঠা আৰু নাৰিকলৰ লাৰু ,
আহা ভাই, অহা ককাই , আহা বাই
পাতো মিলিজুলি এইবেলি বিহু ।
শীতৰ সময়ত আনন্দৰে ভৰপূৰ
বিভিন্ন ঠাইৰ বনভোজথলী ,
ব্যস্ততাৰ মাজত সময় উলিয়াই
আহা আনন্দত দিওঁ এপাক নাচি ।
ককা-আইতাসকলে বান্ধি থৈ যোৱা
অসমৰ সুন্দৰ সংস্কৃতি ,
আহা জীয়াই ৰাখো সকলোৱে
বিশ্বদৰবাৰত চিনাকি কৰি ।
বাপতিসাহোন তিনিটি বিহু
তাৰে এটা হৈছে ভোগালী ,
শীতকালে আনিছে কঢ়িয়াই
মাঘৰ সুকীয়া বাতৰি ।
নাচি উঠিব মন-প্ৰাণ
আনন্দৰে উপভোগ কৰা বিহুতি ,
সবে একেলগে মিলিজুলি ।।
এজাক বৰষুণ
◾হেমন্ত বৰুৱা
ননৈ মহাবিদ্যালয়
স্তব্ধ আকাশত যেন তীক্ষ্ণ গাজনি
বিজুলীৰ চাতি মাৰি ধৰা এক চমক
আৰু নিতাল ৰাতিৰ এজাক মৃদু সমীৰ ।
.. মোক যেন চুই যায়.....
মই ৰৈ চাইছো
ক্ৰমশঃ মেঘাছন্নতাৰ মাজত লুপ্তপ্ৰায়
জোনাকৰ জোন টি.....চাবতো আৰু খুজিছিলো বহু!!!
কিন্তু,...
মেঘৰ মাজে নামি অহা
প্ৰতিটোপাল বৰষুণে মোক
বাটে বাধা দিছিল ।
এক ধাৰাষাৰ বৰষুণ ধৰণীত পৰি
যেন ৰুনজুন ৰুনজুন
শব্দৰে বাজি উঠিছিল,...
আৰু মই ইয়াৰ মাদকতাত মোহাছন্ন হৈছিলোঁ।
ক্ৰমশঃ ডাৱৰ বোৰ আঁতৰিছিল আৰু
ফটিক জোনাকে
মোৰ দুচকুত ধৰা দিছিল...
মায়াময় এই ৰাতিৰ মাদকতাই
মোৰ উতনুৱা মন যেন
শান্ত কৰিছিল....।
তুমি আহিবা বুলি
◾মিন্টু গোৱলা
লখিমপুৰ কদম
টোপনিও নহা হʼল ,
তুমি আহিবা বুলি আশাৰে
অপেক্ষা কৰি ।
তুমি আহিবা মোৰ শেৱালী
জোপাৰ তলেৰে স্নিগ্ধ জোনাক নিশা।
তুমি আহিবা বুলি বাট চাই
মই খিৰিকী খন খুলি লʼলো।
কিন্তু তুমি নাহিলা (!)
মই বাট চাই চাই ভাগৰি পৰিলোঁ,
শেষত খিৰিকী খন জপাই দিলোঁ।
খিৰিকী জপোৱাৰ পাছত
মোৰ দুচকুত টোপনিয়ে
হেতা -উপৰা লগালে,
মোৰ দুচকু আপোনা আপুনি
জাপ খাই পৰিল।
মই টোপনিৰ কোলাত পৰি ৰʼলো,
তুমি অহাৰ খৰব মই গমেই নাপোলোঁ।
তথাপিও সপোনত আহিবা বুলি
আশাৰে বাট চাই আছিলোঁ ।
~~••~~
পৰিচয়
◾নিতুমণি দাস ,ঢকুৱাখনা।
অসমী আইৰ তেজৰ চকুপানী
লুইতপৰীয়া সকল এতিয়া
লালকাল টোপনিত।
অসমীয়া বুলি পৰিচয় দিবলে
অসমৰ জয় গান গাবলে
জাতীয় চৈতন্য জগাই তুলিবলে
ভূপেন দা যে নাই আৰু!
তিল তিলকৈ কঠিন এন্ধাৰত ডুবিব ধৰিছে
অসমীয়াৰ গৌৰৱোজ্বল ইতিহাস ।
মহাকাশৰ বিশাল দৃষ্টি
ধুমুহাৰ প্রচণ্ড শক্তি
ব্রজৰ উদত্ত কণ্ঠ
শক্তি আৰু সাহসৰ বলিয়ান গীতেৰে
দিগন্ত কঁপাবলৈ
এক বলিষ্ঠ প্ৰতিবাদী সত্বাৰ প্রয়োজন।
অসমীয়া জাতিৰ দুৰ্দিৰ দুৰ্যোগ দেখিও
যদি নিৰৱ স্তব্ধ হোৱা লুইতপৰীয়া ডেকা বন্ধু
চিৰ বিনন্দীয়া ঐতিহ্যশালী,
বিশাল কৃষ্টি সংস্কৃতি
দুস্কৃতিকাৰীয়ে গ্ৰাস কৰিব ।
অসমীয়া জাতিৰ দোষ আঙুলিয়াই
ভূপেন দাই গাইছিল
"আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব। "
আঘোণ
কৃষকৰ প্ৰথম প্ৰেমৰ চুমা।
আঘোণ মানেই হ'ল
কৃষকৰ প্ৰথম প্ৰেমৰ গোলাপ।
আঘোণ মানেই হ'ল
কৃষকৰ বুকুত হিল্লোল তোলা
চঞ্চলতা ভৰা এটি মাহ।
আঘোণ মানেই হ'ল
শীতৰ এজাক ফুল,
দাৱনীৰ বুকুত হেন্দোলনী তোলা
শিহৰণ ভৰা এটি
মধুৰ গান।
আঘোণ মানেই হ'ল
ফেঁহুজালী পুৱাই নিয়ৰৰ
দলিচা গচকি,লক্ষিমীক আদৰাৰ প্ৰস্তুতি।
আঘোণ মানেই হ'ল
সোনবৰনীয়া ৰ'দৰ
সোনগুটিৰ চিক্মিক্নি।
আঘোণ মানেই হ'ল
ৰবাব টেঙা ৰ সোৱাদৰ
এটি লোনীয়া স্মৃতিৰ ঢৌ।
আঘোণ মানেই হ'ল
কৃষকৰ বুকুত উৰি যোৱা
এজাক শান্তিৰ কপৌ চৰাই।
আঘোণ মানেই হ'ল
উকা ভঁৰালৰ স্বপ্নাতুৰ উত্তেজনা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ