সম্পাদকীয়- ২০২২ ডিচেম্বৰ মাহৰ সংখ্যা

Rinku Rajowar
0
আঘোণৰ পথাৰত দাৱনীৰ কাম আছে
মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি ,
কাম আছে ,
আঘোণৰ পথাৰত কাম আৰু কাম ।

ব্যস্ততাভৰা আঘোণে কৃষক ৰাইজক আনন্দ দিয়ে , হাড়-ভঙা পৰিশ্ৰমৰ ফচল যোগাই সুখৰ ৰামধেনু আঁকে । হেঁপাহ আৰু প্ৰাপ্তিৰ মাহ আঘোণৰ লগত সংপৃক্ত হৈ থাকে চহা কৃষক ৰাইজৰ জীৱন চৰ্যাৰ কিয়দাংশ । শাওণত শালি ধান ৰুই , চ'তত বাও সিঁচি সোণগুটি চপাবলৈ যি অপেক্ষাভৰা এছোৱা বৰ্ণিল সময় অতিবাহিত কৰে সেই সময়ছোৱাৰ সমাপ্তি ঘটাই আঘোণে । আঘোণৰ পথাৰখনে দাৱনীজাকৰ কথা শুনে ; বেথা বুজে । দাৱনীৰ লিহিৰী আঙুলি আৰু চিকমিক কাচিৰ আগত লখিমীয়ে যেন সগৰ্বে আত্মসমৰ্পণহে কৰে । বিৰীয়াত সোণগুটিৰ মেটমৰা বোজা ওলোমাই ৰান্ধনী বেলিৰ সৈতে ঘৰমূৱা হয় দাইটি - ককাইটিহঁত । অন্নদাতাৰ মুখত হাঁহি বিৰিঙাবলৈকে বছৰে বছৰে আঘোণ আহক ; চহা কৃষকৰ সপোন হৈ , অনন্য মাদকতা লৈ...

শেহতীয়াকৈ তিনিদিনীয়া কাৰ্যসূচীৰে অন্ত পৰিল বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বিশেষ অনুষ্ঠান । বীৰ পুৰুষজনাক সুঁৱৰি সম্পন্ন কৰা বিভিন্ন কাৰ্যসূচীয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধা নৱপ্ৰজন্মৰ মাজত দুগুণে বৃদ্ধি কৰিলে যেন আমাৰ মনে ধৰে । 

আশাবাদত বিশ্বাসী আমি আৰু ত্ৰিশ দিনৰ পাছতে বিদায় দিব লাগিব বৰ্ষ ২০২২ ক । বছৰৰ অন্তিমটো মাহৰ আৰম্ভণি ক্ষণত আমি শ্ৰদ্ধাৰ পাঠক সমাজলৈ যাঁচিছো অভিনন্দন - ২০২২ ক অতিক্ৰম কৰাৰ বাবে । জীৱন যাপনৰ বিপৰীতে উৎযাপনৰ অন্য এক পৃষ্ঠা হওক আগন্তুক বৰ্ষ । তাৰে আশাৰে ২০২২ লৈ ধন্যবাদসূচক বিদায় ।

                        

সম্পাদক 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)