শান্তি বিয়া হোৱা ডেৰ বছৰ হ'ল।তোৰ বয়সত মই বোৱাৰী ভাত খালোঁ।মাৰে নাই যেতিয়া তোক বিয়া দিলে।এই কেইটাক কোনো চাব।ঘৰতেই থাক।ভালকৈ থাকিবি।গাভৰু ছোৱালী জংঘলৰ হৰিণাৰ দৰে।ভালকৈ থাকিবি।কথাষাৰ বুজিছ নহয়।
কথাষাৰ কৈ আঁতৰি যোৱা জেতুকি বৰমাকক তাই হাতত লৈ থকা বাঢ়নী ডালে দুকোপ মান দি দিব মন গৈছিল।
মাক থাকোঁতে কোনো এক মুহূৰ্তত সমনীয়াৰ লগত খেলিবলৈ ওলাই যোৱা পখিলীয়ে পদূলি বাট নেদেখা হ'ল।
চোতালত ভাইয়েক-ভনীয়েক কেইটাই চিঞঁৰ বাখৰ কৰি কাজিয়া লাগি আছে।ভমকৈ উঠা খংটো দমাব নোৱাৰি তাই সিহঁতক চিঞঁৰি-চিঞঁৰি গালি পাৰিলে।বৌটিৰ দৰে মইও মৰি থাকিম ৰ।কথাষাৰ শুনি আটাইকেইটা চুপ হৈ পৰিল।দুধাৰি চকুপানীয়ে তাইৰ বুকু চুইছেগৈ।
মাজু আই নাকান্দিবি।
মাকে যেন কেনকেনাই কেনকেনাই তাইক কৈছে।তাই বৌটি বুলি গোটেই ঘৰটো ধপলিয়াবলৈ ধৰিলে।
বহু ৰাতিলৈ তাই টোপনি নাহিল।সঁচাকৈয়ে বৌটিৰ আত্মাটো আমাৰ মাজত থাকি গ'ল নেকি?
,দাঁত কৰচি-কৰচি তাইক খঙ কৰি থকা বৌটিয়েকৰ মৰমবোৰ এতিয়াহে তাই অনুভৱ কৰিব পাৰিছে।
অকণমানি ভনীয়েক জনীৰ গাটো গৰম গৰম।তাই ভনীয়েকক বুকুৰ মাজত সাবটি ধৰিলে।
মদ খাই মাতাল হৈ অহা দেউতাকে নাকে ঘৎ ঘটায় শুই আছে। বৌটি অ বৌটি বুলি কণমানি ভনীয়েকৰ থেন -থেন, পেন-পেন ।
সেই দিনা পখিলী ওচৰলৈ গাঁৱৰে বাসন্তী পেহী আহিছিল।বিয়া নোহোৱাকৈ থাকি যোৱা বাসন্তী পেহীয়ে পখিলীৰ মাজত নিজৰ শৈশৱ বিচাৰি পোৱা যেন লাগিল।বাসন্তী পেহীয়ে পখিলীক বহুত দিহা পৰামৰ্শ দিলে।ঘৰখন চাফ-চিকুণ কৰি, পখিলী মূৰৰ ওকনীও চাই দিলে।
বুইছ পখিলী মতা মানুহ আৰু ইতৰ প্ৰানীৰ মাজত পাৰ্থক্য নাই।ইহঁতৰ হৃদয়ত মৰম নাই।
অ' সেইয়া বাসন্তী নহয়নে? বোলো পখিলী মাক থাকোতে তোক দেখুন এই খন ঘৰত দেখি নাপালোঁ।ভালেই হৈছে দে।
পখিলীহঁতৰ ওচৰৰে ৰমা খুড়ীয়েকৰ কথাষাৰ শুনি বাসন্তী পেহী এক মুহূৰ্তলৈও ৰৈ নাথাকিল।যোৱাৰ সময়ত এষাৰ কথা কৈ গ'ল।যদিহে কেতিয়াবা মনটো বেয়া লাগে, ভাই-ভনী কেইটাকলৈ মোৰ ওচৰলৈ গুছি যাবি।এই পৃথিৱীত নিজৰ কথামতে কাম কৰিবি।কালৈকো ভয় নকৰিবি।অকলশৰীয়া মই।মোৰ ঘৰৰ দুৱাৰ সদায় তোৰ বাবে খুলা।শেষৰ কথাষাৰ কওঁতে থুকা-থুকি হৈ পৰা বাসন্তী পেহীক পখিলীয়ে সাবটি ধৰিছিল।আগলৈ,,,,,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ