পখিলী খণ্ড নং ৪- বিটুমনি কোচ

©Admin
0
মানুহজনী মৰিল।বৰ কষ্টত গ'ল অ'।মাকৰ কাষত ৰাউচি জুৰি কান্দি থকা পখিলীক ভাই- ভনী কেইটাই ঘেৰি ধৰিলে। 
কি হৈছে ,টোপনিৰ জালত সিহঁতে একো ধৰিব পৰা নাই।

নেকান্ধিবি আই।আজিৰ পৰা তইয়েই ইহঁতৰ মাক হ'ব লাগিব।

সিহঁতৰ মাকজনীক বাহিৰলৈ উলিয়াই নিছে।
পখিলীৰ বুকু খন বিষায় গ'ল।মাকে যেন, তাইলৈ চাই-চাই কেনকেনাই কৈছে, মাজু আই, মই বৰ দুখ পাইছোঁ।

টানকৈ নধৰিব।হাতখন মেলি ক'বলৈ লোৱা কথাষাৰ তাই ডিঙিৰ পৰা নোলাল।

কোনোবা এজনে চিঞঁৰি ক'লে, পখিলী যা -মাৰৰ গাত নতুন বগা কাপোৰ এখনেৰে ঢাকি দে।
থৰক- বৰকৈ তাই ভিতৰলৈ সোমাই গ'ল।পুৰণি সেই সৰু বাকচটো খুলিব লৈছে তাইক যেন মাকে কেনকেনাই, কেনকেনাই কৈছে, নতুন কাপোৰ নাই অ'মাজু আই।তাই ঘূৰি চালে ।মেকুৰী জনীয়ে মেও কৰি উঠিল।

কাপোৰ পাইছনে? গাদো বৰমাক সোমাই আহিল।

চাওঁ মই চাওঁ।ক'তনো নতুন কাপোৰ থাকিব।ইটোৰ পাছত সিটো ল'ৰা পালে।তাত ববলৈ ক'ত সময় পালে।

এই খনেই হ'ব যা।কাপোৰ এখন জোকাৰি-জোকাৰি গাদো বৰমাকে পখিলীৰ হাতত কাপোৰ এখন দিলে।
কোনোবাই মাকৰ কাষত ধূপ জ্বলাই দিলে।

আহ,আহ শেষ বাৰলৈ বৌটিয়েৰক সেৱা কৰি ল।দেউতাকৰ মাতত তাইৰ বুকুখন ধপংকৈ উঠিল।

মাকৰ মেখেলা চাদৰ যোৰ পিন্ধি তিনি দিনীয়া লঘোনীয়া পেটেৰেই তাই ভকত সেৱা কৰিব ল'লে।
বায়েকজনী গা-ভাৰী।আহিব নেপায়।সমাজৰ নিয়ম মানি স্বামী ঘৰতেই বায়েকে মূৰ থেকেচি কান্দিবলৈ ল'লে।

মৃতকৰ আত্মাৰ সদগতি কাৰণে সকাম ভাগি দেউতাকে ঠিকেই কৰিবলৈ ল'লে।যদিও প্ৰতি ৰাতি মদ খাই অহা কথাটো পখিলীৰ একেবাৰেই ভাল নেলাগিল।দেউতাকৰ বাবেই যেন, মাকজনীক সিহঁতে হেৰুৱাব লগা হ'ল।কথাষাৰে তাইৰ বুকুখনত বৰকৈ খুন্দিয়াব ল'লে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)