চকুৰ সন্মুখত আন্ধাৰ দেখিলেও
নিজৰ শাৰিৰীক আৰু মানসিক
কষ্টৰ ফলত পোহৰ বিচাৰি যোৱা
সেয়াহে
জীৱনৰ আচল পোহৰ হয়।
মনটো সদায় সতেজ কৰি ৰাখিবা
হিতকৰ চিন্তাকহে আগস্থান দিবা
আনৰ প্ৰতি দয়ালু হৈ
সহায় কৰিবা
তেতিয়াহে তুমি সুখী হ'ব পাৰিবা।
সন্মুখৰ বিষৰ কাইটবোৰ নিজেই
আতঁৰাই সিদ্ধান্ত ল'বলৈ চাবা
নিবিচৰাকৈ তেতিয়া
সকলোৰে পৰা
মৰম আৰু আদৰ , সন্মান পাবা।
আনৰ উপদেশক উপলুঙা কৰি
আগুৱাই যাবলৈ চেষ্টা নকৰিবা
নিজৰ বিপদ তুমি
নিজেই মাতি নলবা
আনক কিবা কোৱাৰ আগত
গভীৰভাৱে কথাবোৰ চিন্তা কৰিবা
এবাৰ আনৰ ঠাইত থাকি
নিজকে তেওঁৰ মাজত
বিচাৰি চাবা
এবাৰলৈও হ'লেও নিজকে খুচ মাৰি
সেই বিষ অনুভৱ কৰিবা.........
অনুভৱেই সকলোতকৈ ডাঙৰ গুণ
সেই কথা সদায় মনত ৰাখিবা... ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ