এটা সীমা থাকেই
এক নিৰ্দিষ্ট সীমাতকৈ বেছি
মন গলেও পাহৰিব নোৱাৰি বহু কথা৷
বহুখলপীয়া তেনে কথাবোৰে
পিটপিটাই ঘুৰি ফুৰে
মন মগজুৰ মাজত ।
আমি মাত্ৰ পাহৰাৰ অভিনয় কৰিব পাৰো৷
মাজে মাজে পাহৰিবলৈ
কচৰৎ কৰোঁ
আৰু
মাজে মাজে আনে নজনাকৈ
মনত পেলোৱাৰ
আমেজত ডুবি থাকো...
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ