দূৰণিত প্ৰেমৰ সুমধুৰ বাঁহী ,
লালসাময়ী দেহজ নহয়
শুনিছো মই কাণ পাতি ....
আত্মজ প্ৰেমৰ এয়া সুমধুৰ ধ্বনি ।
বুকুৰ মাজত প্ৰেমৰ ফল্গুধাৰা
অবিৰত বৈ যোৱা চিৰন্তৰ প্ৰবাহ ,
বিৰহত বিৰহী অশ্ৰুপ্ৰিয়াৰ
তৃষ্ণাতুৰ হৃদয়ৰ অমৃতধাৰা...
নজহা-নপমা অক্ষয় ভাণ্ডাৰ ।
মাজ নিশাৰ নিজম মনৰ বনত
কাৰ শোক , কোনে বিনাই
সজাই কবিতা কবিতা লগা
ছন্দময়ী শব্দৰ গোপন বেদী...
প্ৰেম বীণাৰ সুৰ বয় য'ত ভুৱন বিয়পি ।
ব্যাকুল সপোনত বৈৰাগী মন
তৃপ্তিময় ভাৱনা সাগৰত হয় মগন ,
চেতনা নাই উন্মাদ হিয়াৰ
প্ৰেমৰ সুমধুৰ আহ্বানত...
আছুতীয়া আবেগৰ নিৰলা পঁজাত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ