মৃত্যু হোৱা স্বপ্নৰ দুৰ্গন্ধ- অনন্ত কুমাৰ ভূঞা

©Admin
0
নিস্তদ্ধতাৰ আতঙ্কৰ 
ঘোপ মৰা আন্ধাৰৰ নিৰস সময়
স্তব্ধ আশাৰ মাজত 
অবিৰাম চকুলো টুকি
মৃতপ্ৰায় আশাৰ বন্দিত্বৰে 
এইয়া মোৰ অপ্ৰত্যাশিত জীৱন।

সাহস লুকাল  
প্ৰেৰণা অচিনাকি পথত হেৰাল।
প্ৰশ্ন কৰি জটিল নকৰিবা
দুৰ্বল মুহূৰ্তত ওপঙি ৰৈছোঁ‌ মই
মন নিঃকিন অতি দুৰ্বল 
উত্তৰ দিব নোৱাৰোঁ‌ মই ।

বিবৰ্ণ চেহেৰা
শুকান মুখ   
চেঁ‌চা পৰা নিঠৰ 
নিশকটীয়া শৰীৰ মোৰ 
কোনেও বুটলি নোলোৱা 
জঁ‌কাটোহে আছেগৈ ।

জোনাক নিশাৰ আশা হৈ 
তুমি নাহিলা এদিন
প্ৰেৰণা হৈ উৰি আহি 
এদিনো মোৰ মনত
সোমাবলৈ উৎসাহ নজগালা তুমি।

বিস্ময়
বিস্মৃতি
এইবোৰ আজি পাহৰণি সময়
আপোচহীন নীতিত জীৱনৰ 
দুৰ্ভাৱনাই মোক
খুলি খুলি খাইছে 
পৰি আছো শূন্য এখন উকা হৃদয় লৈ ।

অৰ্দ্ধহাৰ , অনাহাৰ 
আৰু পঙ্গুত্ব উপহাৰ মোৰ জীৱনৰ ।
মৃত্যু হোৱা সপোনৰ
দুৰ্গন্ধত লেটি-পেটি হৈ আছোঁ‌ 
একো আশা নকৰাকৈ 
ময়ো এটা জীয়া মানুহ আছিলোঁ‌ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)