২ ডিচেম্বৰ- আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা

Rinku Rajowar
0
🅾️আজি অসম দিৱস বা চুকাফা দিৱস (অসম, ভাৰত)। সমগ্ৰ ১৯৮৭ চনৰ পৰা অসমবাসীয়ে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰি আহিছে।
🅾️১৮০৪ চনৰ আজিৰ দিনটোতে নেপোলিয়ন বোনাৰ্পাট ফ্ৰান্সৰ একচ্ছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয়।
🅾️১৯১১ চনৰ আজিৰ দিনটোতে জৰ্জ পঞ্চম আৰু ৰাণী মেৰী ভাৰত ভ্ৰমণ কৰা প্ৰথম ব্ৰিটিছ ৰাজপৰিয়ালৰ সদস্য হিচাপে পৰিগণিত হয়। তেওঁলোকৰ আগমণৰ উদ্দেশ্য বোম্বাইত (বৰ্তমান মুম্বাইত) গেটৱে অৱ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল।
🅾️১৯৫৫ চনৰ আজিৰ দিনটোতে ফণী শৰ্মা পৰিচালিত আৰু ভূপেন হাজৰিকা প্ৰযোজিত ছাৰ্টিফিকেট অব মেৰিট লাভ কৰা প্ৰথম অসমীয়া ছবি পিয়লী ফুকন বোলছবিয়ে মুক্তি লাভ কৰে।
🅾️১৯৫৭ চনৰ আজিৰ দিনটোতে কাশ্মীৰ সংঘাত সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ১২৬ গৃহীত হয়। কাশ্মীৰ সংঘাত হৈছে কাশ্মীৰ অঞ্চলক লৈ দুখন দেশৰ মাজত হোৱা সংঘাত মুখ্যতঃ ভাৰত আৰু পাকিস্তানৰ মাজত, চীনে তৃতীয় পক্ষৰ ভূমিকা পালন কৰে। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত এই সংঘাত আৰম্ভ হয় কিয়নো ভাৰত আৰু পাকিস্তান দুয়োপক্ষই পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু-কাশ্মীৰ নিজৰ নিজৰ বুলি দাবী কৰিছিল।
🅾️১৯৬১ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় ভাৱে সম্প্ৰচাৰিত এক ভাষণত কিউবাৰ নেতা ফিদেল কাষ্ট্ৰই ঘোষণা কৰে যে তেওঁ এজন মাৰ্ক্সবাদী-লেনিনবাদী আৰু কিউবাই সাম্যবাদ গ্ৰহণ কৰিব।
🅾️১৯৮৮ চনৰ আজিৰ দিনটোতে বেনাজিৰ ভূট্টোৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। যি মুছলমান সংখ্যাগৰিষ্ঠ দেশ এখনৰ চৰকাৰৰ মুৰব্বী হোৱা প্ৰথম গৰাকী মহিলাৰূপে পৰিগণিত হয়।
🅾️১৯৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে ৰাজীৱ গান্ধীয়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল।
🅾️১৯৯১ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নৰ পৰা ইউক্ৰেইনৰ স্বাধীনতাক স্বীকৃতি দিয়া কানাডা আৰু পোলেণ্ড প্ৰথম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।
🅾️২০০১ চনৰ আজিৰ দিনটোতে সংক্ষিপ্ত অসমীয়া বিশ্বকোষৰ প্ৰথম খণ্ড প্ৰকাশিত হয়।

সংগ্ৰাহক ~ৰিংকু ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)