অসমীয়া সাহিত্যৰ চানেকি- তৃতীয় বৰ্ষ ৩৩৬ সংখ্যা

Rinku Rajowar
0
আজি শুক্ৰবাৰ ১৫ আঘোণ ১৪২৯ শকাব্দ । ইং ২ ডিচেম্বৰ  ২০২২ । আজিৰ সংখ্যাটো আপোনালোকলৈ আগবঢ়ালো পঢ়ি কেনেকুৱা পাইছে কমেন্ট কৰি জনাবচোন । 


ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু নৱ নিৰ্বাচিত ছাত্ৰ সমাজ

✍🏻সুমধুৰ গগৈ, 
ৰাজনীতি বিজ্ঞান বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়।



১৪ নৱেম্বৰ,সন্ধিয়া ৬ বাজি ৩০মিনিটৰ লাগে লগে সমূহ নাহৰবাসীৰ অপেক্ষাৰ অন্ত পৰিছিল,আমাৰ অপেক্ষাৰ অন্ত পৰিছিল।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২২-২৩বষৰ্ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই জয়ী হ'বলৈ সক্ষম হোৱা প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰা হ'ল।
        জয়-পৰাজয়ৰ এই খেলখনে প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰত্যেকজন প্ৰতিদ্বন্দিকে যে নতুন অভিজ্ঞতাৰে পৰিপূৰ্ণ কৰি তুলিলে,আমি নিশ্চিত।আমি সমগ্ৰ নাহৰবাসী নতুন অভিজ্ঞতাৰে পৰিপূৰ্ণ হলোঁ। 
      নিৰ্বাচনী প্ৰচাৰৰ  আৰম্ভণিৰ পৰা আমি নতুন দিনৰ নতুন সপোন দেখি আহিছোঁ। তেওঁলোকৰ এজেণ্ডাবোৰে আমাৰ সমগ্ৰ নাহৰবাসীকে আপ্লুত কৰিছিল।
কোনোজনে এদিন কৈছিল, প্ৰত্যেক জোপা নাহৰে যদি কথা কব পাৰিলে হয়,ৰাজনৈতিক -অৰ্থনৈতিক -সাংস্কৃতিক এই সকলো দিশত বিশ্ববিদ্যালয়খনৰ অৰিহণা কিমান তাক চিঞৰি চিঞৰি কব পাৰিলেহেঁতেন। উজনি অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় বিশ্ব দৰবাৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱাকৈ ছাত্ৰ একতা সভাই পূৰ্বদিনৰ প্ৰতিশ্ৰুতিৰ স্বাৰ্থত যৎপৰোনাস্তি চেষ্টা যে অব্যাহত ৰাখিব,আমি আশাবাদী।
আজি নাহৰবাসীৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে,ছাত্ৰ একতা সভাখন আমাৰ হ'ল।কোনো এটা বিশেষ দলৰ জয়ৰ বিপৰীতে এখন সন্মিলিত ছাত্ৰ একতা সভা গঠন হ'ল।হয়তো কোনো এক দলক প্ৰাধান্য দিয়াৰ বিপৰীতে যোগ্যতাৰ ভিত্তিত যোগ্যজনক জয়ী কৰি আনিলে।
আজিকালি সততেই শুনিবলৈ পোৱা যায়,ছাত্ৰ নেতাবোৰৰ পদক্ষেপ ধান খেৰৰ জুইৰ নিচিনা। নৱ নিৰ্বাচিত ছাত্ৰ সমাজৰ ওপৰত আমাৰ আস্থা আছে তেওঁলোকে সুপৰিচলনাৰে বিশ্ববিদ্যালয়খন পৰিচালিত কৰিব পাৰিব। 
        তেওঁলোকে কৈ যাওঁতে আমি দৃঢ়তাৰে শুনি গৈছিলো।এতিয়া তেওঁলোকে কামেৰে দেখাব তেওঁলোকৰ যোগ্যতা আৰু আমি নাহৰবাসীয়ে একেলগে প্ৰাপ্তিৰ হাঁহি মাৰিম।
    আমি আশাবাদী।




লাচিত বৰফুকনৰ জন্মজয়ন্তীৰ অন্তৰ্মুখী যাত্ৰা

✍🏻দেৱজিত বৰুৱা
     দ্বাদশ শ্ৰেণী
শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,শিৱসাগৰ
ফোন-৯৩৯৪১২৫৫১১

পাতনি নেমেলোঁ।লাচিত বৰফুকনৰ জীৱনক লৈ অসম মুলুকৰ প্ৰত্যেকজন ব্যক্তিয়েই নিজৰ জীৱনত এবাৰ হʼলেও ক'ৰবাত লিখিছে।আলোচনাত ভাগ লৈছে,ভাষণত হʼলেও শুনিছে।অসমৰ মানুহৰ মাজত এনে এগৰাকী ব্যক্তিক লৈ কিবা এটা নতুনকৈ লিখাটো মাতৃৰ মৰমৰ সঠিক বৰ্ণনা দিয়াৰ দৰেই কঠিন। 

অসম বুৰঞ্জীৰ পাত লুটিয়াই চালে দেখা পোৱা অপৰাজেয় এজন জাতীয় বীৰ আৰু ইতিহাসৰ ভোটা তৰা লাচিত বৰফুকন।আমি সকলোৱে অৱগত যে মোগলৰ আগ্ৰাসনক ৰোধ কৰি অসমৰ সামাজিক,ৰাজনৈতিক ইতিহাসৰ সুঁতি সলনি কৰি দিয়া এজন বীৰ পুৰুষ আছিল বৰফুকন।লাচিতৰ লগত জড়িত অসমীয়াৰ সন্মান আৰু আবেগ।মোমাইকটা গড়ে আজিও সোঁৱৰাই লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনী।ঠিক পুত্ৰৰ বুকুত দেৱতাৰ অৰ্থে খঞ্জৰ বহুওৱা ইব্ৰাহিমৰ বীৰত্বৰ কাহিনীৰ দৰে। এই ত্যাগ আৰু বীৰত্ব তেওঁৰ চৰিত্ৰৰ জিলিকি থকা ভূষণ। 

লাচিত বৰফুকনৰ দুৰ্মদ বীৰত্ব অসমৰ গছ -মাটি,বতাহ,নদীত মিলিত হৈ আছে।নাই হোৱা কেৱল সেই বিশাল সমুদ্ৰত অৱগাহন কৰি আগুৱাই যাব পৰা একমূখী মিচিল।সকলোৱে ব্যস্ত নিজ স্বাৰ্থ পূৰণ কৰাত।আজি অসমীয়া ব্যস্ত অৰ্থহীন কৰ্মত বিচাৰ কৰাত। ৰক্ষণশীল কঠোৰ নীতি নিয়ম, ধৰক-মুৰ্গী-গাহৰি পালনত বাধা, বিয়া-সবাহৰ মাছ-মাংসৰ নিষেধ এইবোৰে অসমীয়াৰ স্ব-বিৰোধীৰ স্থিতিক উদঙাই দিছে। ই ক্ষতিকাৰক।আৰু ই ইমান বেছি হʼব পাৰে যে বিশাল সম্ভাৱনীয়তাক ধূলিসাৎ কৰি আনিছে।এনে বিচাৰত আঁত হেৰুৱাই আজি অসমীয়াই আগডালত পাক খাই ওলমি ৰৈছে।তেনে অসমীয়াই লাচিতৰ ৰণ দুৰ্মদ ভাষা বুজিবলৈ জানো সক্ষম হʼব?কিন্তু তাৰ মাজতো লাচিতৰ সাহ তেজত প্ৰৱাহিত এচাম ডেকা এতিয়াও আছে। বৰ্তমান পৰিস্থিতিয়ে আমাক বাহ্যিকমুখী হʼবলৈ শিকাইছে। আমাৰ অন্তৰ্মুখী যাত্ৰা কেতিয়াবাই স্তব্ধ হʼল।লাচিতৰ ত্যাগ, স্বদেশপ্ৰেম,বীৰত্ব আদিৰ উজ্বল নিৰ্দশনৰ পদাংক অনুসৰণ কৰিব পৰা নাই। কিয় পৰা নাই? কাৰণ বৰ্তমানৰ উন্মত্ত ভোগবাদে আমাক বাহ্যিকমুখী হʼবলৈ শিকাইছে। সেইবাবে আজিৰ দিনত বীৰ-বীৰাংগনাৰ,মহৎ ব্যক্তি সকলৰ জন্মজয়ন্তী উদযাপনৰ নামত কেৱল প্ৰৰ্দশনকামিতাহে হৈছে।আমাক লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে,তেখেতৰ ব্যক্তিত্বৰ বিষয়ে সাৰগৰ্ভ বক্তৃতাও লাগে, গভীৰ পাণ্ডিত্যপূৰ্ণ আলোচনাও লাগে,যাতে নতুন প্ৰজন্মই সেই প্ৰমূল্যসমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈ লাচিতৰ দৰে সাহসী সেনাপতিৰ জন্ম দিব পাৰে।চন্দ্ৰ,সূৰ্য থকালৈকে,অসম আৰু অসমীয়াৰ বুকুত লাচিতৰ আদৰ্শ জীয়াই থাকিব। যিখন সমাজৰ লোক ৰক্ষণশীল হয় সেই সমাজৰ উন্নয়ন সংকুচিত হৈ পৰাৰ বিপৰীতে উদাৰ লোকৰ সমাজ সদায় গুণগ্ৰাহী আৰু বিকাশৰ পথে আগবাঢ়ে।লাচিতে যি আদৰ্শৰে অসমৰ বৰগছৰ পুলিটো জীয়াই তুলিছিল,সেই বৰগছৰ শিপাই অসমীয়া লোকৰ মনত দ-লৈকে শিপাই জনসাধাৰণৰ জীৱনৰ আহে-পাহে নিমজ্জিত হৈ থকা এক ৰাজহুৱা সম্পদ, যি অক্ষয় আৰু অব্যয়।

এনে এজন কৰিৎকৰ্মা যোদ্ধাৰ আদৰ্শৰ অমৰ জ্যোতিৰ পম খেদি নতুন চিন্তাধাৰাৰে এক মৌলিক দৃষ্টিভংগী গ্ৰহণ কৰি,জাতীয় চেতনা জাগ্ৰত কৰি,সময়ৰ বালিত খোজ ৰাখি অসমৰ লোকে মহাজীৱনৰ অনন্য প্ৰান্তলৈ ধাৱমান হʼব পাৰিব।অসমীয়া জাতি সত্বাক অমৰ কৰি ৰাখিবলৈ লাচিতৰ বীৰত্বৰ তেজ জনসাধাৰণৰ মাজলৈ উলিয়াই অনাটো প্ৰতিজন অসমীয়াৰ আজিৰ তাৰিখত উচিত কৰ্তব্য। লাচিতৰ জন্মজয়ন্তী কেৱল প্ৰদৰ্শনকামিতাৰ বাবে পালন নকৰি আমি গূঢ়াৰ্থভাৱে উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগে। বৰ্তমান অসমত এনে এক পৰিস্থিতিৰ সূচনা হৈছে যে তাত লাচিতৰ আদৰ্শৰ প্ৰাসংগিকতা বেছি হৈ পৰিছে।বৰ্তমান সাম্প্ৰদায়িকতা অপশক্তিয়ে অসমীয়া জাতিসত্বাক পৰাজিত কৰিবলৈ চেষ্টা কৰিছে।অথচ লাচিতৰ বীৰত্বৰ পথেৰে কিমানজন আগবাঢ়িছে?বীৰত্ব তথা স্বদেশপ্ৰেমৰ পথ কেনেকুৱা হোৱা উচিত,নতুন প্ৰজন্মই জানেনে?প্ৰকৃততে সাম্প্ৰদায়িকতা অপশক্তি নিৰ্মূল কৰাত অসমৰ লোকে অংশীদাৰ হৈছেনে? লাচিতৰ প্ৰাসংগিকতা তেওঁলোকে অনুভৱ কৰিব পাৰিছেনে? বাহ্যিকমুখী যাত্ৰাতকৈ অন্তৰ্মুখী যাত্ৰাইহে এই প্ৰশ্নবোৰৰ সমাধান দিব। সময়ে এতিয়া ইয়াকে দাবী কৰে।

শিক্ষা                    

✍🏻সংযুক্তা দত্ত               
দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়।

"শিক্ষাই পৰম ধন" উক্ত বাক্যশাৰী আমি সৰুৰে পৰা শুনি আহিছোঁ,শিকি আহিছোঁ।শিক্ষা অবিহনে জীৱন অকল্পনীয়। শিক্ষাই সমাজৰ পৰিৱৰ্তন সাধন কৰে।শিক্ষাই অন্ধবিশ্বাস দূৰ কৰে। শিক্ষা সদায় সকলোৰে বাবে সমান।শিক্ষাৰ দৰে পবিত্ৰ বস্তু একোৱেই নাই।শিক্ষাৰ দ্বাৰা   অসম্ভৱো সম্ভৱ হয়।সমাজক এক নতুন দিশ দেখুৱাই আগুৱাই নিয়াত কিন্তু এই শিক্ষা ভূমিকা অতিগুৰুত্বপূৰ্ণ।আমি যিকোনো বিষয়ৰ ওপৰত যিয়ে নিশিকোঁ কিয় সেই শিক্ষাই কিন্তু এদিন নহয় এদিন আমাক সহায় কৰিবই। সেইকাৰণেই হয়তো কয় - "শিক্ষাই পৰম ধন।"                                  

বোমেনা
( এক অবিশ্বাস্য যৌনাচাৰ )

 ✍🏻চুমিন্দ্ৰ চৌধুৰী,
    সাহিত্য অভিযন্তা
 নয়ডা,উত্তৰ প্ৰদেশ।

"য়ত্র নাৰ্য়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতাঃ।
 য়ত্রৈতস্তু ন পূজ্যন্তে সর্ৱস্তত্রাফলা ক্রিয়াঃ॥"
য'ত নাৰীক সন্মান কৰা হয় তাত দেৱতাসকলে ৰমণ কৰে।
 য'ত নাৰীৰ প্ৰতি কোনো সন্মান নাই, সকলো কামেই নিষ্ফল হৈ পৰে।
আজি কিছুদিনৰ পৰা ধাৰাবাহিক ভাৱে বোৰ্খা, হিজাব,ডাইনী হত্যা,কন্যা ভ্ৰূণ হত্যা,পৰকীয়া প্ৰেমৰ পৰিণতিৰ বাবে নিজ পত্নীক বধি  টুকুৰা টুকুৰ কৰি বনৰীয়া জন্তুক খাবলৈ দিয়াৰ দৰে খবৰবোৰ পাই স্তম্ভিত হৈ পৰিছোঁ।  জীৱ শ্ৰেষ্ঠ মানৱ বুলি কোৱাৰ সচাঁকৈয়েই আমাৰ ধৃষ্টতা আছেনে বুলি নিজকে প্ৰশ্নও কৰিছো। মনতে ভাবিছোঁ আমি বৰ্তমান কেনেধৰণৰ এখন সমাজত বসবাস কৰিছোঁ?যিখন সমাজত এসময়ত নাৰীক সৰ্বোচ্চ সন্মানৰ আসনত বহুৱা হৈছিল আৰু নাৰীৰ প্ৰতি সন্মান নথকা ঠাইত দেৱতায়ো ভৰি নিদিছিল বুলি বিশ্বাস কৰা হৈছিল সেইখন পবিত্ৰ ভূমিয়েই আজিৰ ভাৰতবৰ্ষ হয়নে নহয় মনত সন্দেহ হ'বলৈ ধৰিছে!
  যি সময়ত পৃথিৱীৰ আন অঞ্চলত বসবাস কৰা মানুহবোৰে নাঙঠ পিঙঠ হৈ হিংস্ৰ বন্য জন্তুৰ দৰে জংঘলত বসবাস কৰিছিল ঠিক সেই সময়তেই সিন্ধু নদীৰ উপত্যকাত আন এটা মানৱ সভ্যতাই উৎকৃষ্ট কলা-সংস্কৃতি, বৌদ্ধিক আৰু ধৰ্মীয় দৰ্শনৰ আধাৰত এক সুকীয়া পৰিচয় বিকাশ কৰিছিল।  
অথচ সেই পূণ্য ভূমিতে আজি  ভূমিষ্ঠ  হোৱাৰ পাছতেই নাৰী সকল অসুৰক্ষিত।নাৰী সকলে ঘৰৰ পদূলি পাৰ হোৱাৰ পাছত পুনৰ ঘৰলৈ উভতি নহালৈকে পিতৃ -মাতৃ অথবা স্বামীয়ে আশংকাত ক্ষণ পাৰ কৰিব লগীয়া হয়।  নাৰীৰ অধিকাৰ,সুৰক্ষা আৰু সবলীকৰণৰ বাবে দেশত বিভিন্ন কঠোৰ আইন কানুনো প্ৰণয়ন কৰা হৈছে।পাছে সংবিধানৰ সুৰুঙা, আইনী আৰু প্ৰশাসনিক প্ৰক্ৰিয়াৰ  ভ্ৰষ্টাচাৰ আৰু লেহেমীয়া গতিৰ কৰ্ম সংস্কৃতিৰ বাবে সেইবোৰ  বেছি ফলপ্ৰসূ হোৱা যেন মনে নধৰে।ইয়াৰ বাবে অৱশ্যে কেৱল চৰকাৰ,আইন আৰু প্ৰশাসনিক সেৱা বিভাগক দোষ জাপি দি হাতসাৰি গ'লেই নহ'ব।ইয়াৰ বাবে সমাজৰ প্ৰতিজন নাগৰিকো সমানেই দায়ী।ইয়াৰ প্ৰতি আমি প্ৰত্যেকেই আমাৰ নিজৰ দায়বদ্ধতাক উলাই নকৰি গুৰুত্ব সহকাৰে সচেতন হোৱাৰ সময় আহি পৰিছে।যিদৰে আমাৰ চুবুৰীয়া দেশ ভূটানৰ সকলো নাগৰিকে তেওঁলোকৰ দেশত  প্ৰচলিত 'বোমেনা' নামৰ এক ঘৃণনীয় যৌন পৰম্পৰাক শিপা উঘালি পেলাবলৈ মাৰ বান্ধি ঠিয় দিছে।আজি আপোনালোকক ভূটানৰ'বোমেনা'নামৰ সেই কদৰ্য্য যৌন পৰম্পৰাৰ বিষয়ে কিছু কথা অৱগত কৰাব বিচাৰিম।যাৰ আধাৰত মই ৰচনা কৰিছোঁ সদ্য প্ৰকাশ পাবলগীয়া মোৰ 
"ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি" নামৰ এখন পূৰ্ণ দৈৰ্ঘ্যৰ উপন্যাস। 

ভূটানত  গৃহস্থৰ লোক শুই পৰাৰ লগে লগে নিশা ডেকা ল'ৰাবোৰে  কন্যাকাল পাৰ কৰা গাভৰুৰ সৈতে গোপনে যৌন বাসনা চৰিতাৰ্থ কৰিবলৈ ওলাই আহে।সাধাৰণতে গাভৰু ছোৱালী বোৰে মাক দেউতাকৰ সৈতে একেটা কোঠালীত নুশুৱাৰ সুবিধা লৈ ডেকা ল'ৰাবোৰে মনে মনে ৰাতি বগুৱাবাই ওপৰৰ মহলাৰ কোঠাত অথবা গৰমৰ দিনত ঘৰৰ চাতৰ ওপৰত অকলশৰে শুৱা নিদ্ৰাৰত থকা চিনাকী অচিনাকী ছোৱালীৰ সৈতে  নিজৰ কামনা চৰিতাৰ্থ কৰে।তাৰ বাবে ল'ৰাজনে ছোৱালী জনীৰ পৰা সন্মতি লোৱাৰো কোনো প্ৰয়োজন নাথাকে।
যদি গাভৰুজনীৰ সৈতে কামনা চৰিতাৰ্থ কৰি সন্তুষ্টি লাভ কৰে অথবা গৃহষ্ঠৰ হাতত ধৰা পৰি যায় তেতিয়া ল'ৰা জনে তাইক পত্নী হিচাপে গ্ৰহণ কৰে।ইয়াক স্থানীয় জংখা ভাষাত  জয় দু জোঙ বুলি কোৱা হয়।অন্যথা গৃহস্থৰ মানুহ শুই উঠাৰ আগেয়ে ছোৱালীজনীক পৰিত্যক্ত অৱস্থাত পেলাই থৈ ল'ৰাজন আতঁৰি যায়। কেতিয়াবা আনকি হত্‌ভগীয়া ছোৱালী জনীয়ে আন্ধাৰৰ সুবিধা  লৈ তাইৰ সতীত্ব হৰণ কৰি থৈ যোৱা পাষণ্ডটোৰ মুখ খনো দেখা নাপায়। জয় ডু জোঙৰ অচিলা লৈ জীৱন সংগী বিচৰাৰ  নামত অতীজৰ পৰা চলি অহা ভূটানৰ এই নায্যতাপ্ৰাপ্ত কুসংস্কাৰকে 'বোমেনা' বুলি কোৱা হয়।'বোমেনা' দৰাচলতে কোনো পৰম্পৰা হ'বই নোৱাৰে।দৰাচলতে ই হৈছে সমাজৰ এচাম বিকৃত মানসিকতাৰ পুৰুষৰ কামনা চৰিতাৰ্থ কৰাৰ গোপন অভিসন্ধি। 'বোমেনা' হৈছে এক প্ৰকাৰৰ বলাৎকাৰ কিন্ত ঝংখা ভাষাত বলাৎকাৰ বুলি কোনো শব্দ নাই বাবে ১৯৮০ চনত ৰাষ্ট্ৰসংঘই 'বোমেনা'ক  লিংগ বৈষম্যমূলক আচৰণ বুলি অভিহিত কৰিছিল।  'বোমেনা' নামৰ এই কুসংস্কাৰৰ কবলত কম বয়সতে ভূটানৰ বহু গাভৰু ছোৱালীয়ে সতীত্ব হেৰুৱাই গৰ্ভ  ধাৰণৰ দৰে জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হয়। ভয়ানক যৌনব্যাধিত ভোগে আৰু কোনোবা অপৰিচিত লোকৰ জাৰজ সন্তানৰ মাতৃত্বৰ ভাৰো কঢ়িয়াবলগীয়া হয়।সেয়েহে ২০০৬ চনৰ পৰা  ভূটানৰ ৰাজতন্ত্ৰই 'বোমেনা' পৰম্পৰাক  আধুনিক সমাজৰ বাবে এক ব্যাধি বুলি  নিষিদ্ধ ঘোষনা কৰিছিল।

   পাছে অতীজৰে পৰা
ভূটানত বিবাহ বুলি কোনো আনুষ্ঠানিক পৰম্পৰা তথা ৰীতি নীতি নথকাৰ বাবে দুখীয়া পৰিয়ালৰ লোকে আজিও 'বোমেনা'নামৰ এই  অসভ্য পৰম্পৰাৰ অচিলা লৈ নিজৰ কন্যা সন্তানক আনৰ ঘৰলৈ পত্নী কৰি পঠোৱাৰ  সুযোগ ল'ব বিচাৰে।

কৰ্মসূত্রে মই ভূটানৰ বিভিন্ন অঞ্চললৈ বহুতবাৰ গৈছোঁ।যাদু আৰু সাধুৰ ৰূপকথাৰে সমৃদ্ধ ৰাজতান্ত্ৰিক ভুটানৰ শাসন ব্যৱস্থা, কলা- সংস্কৃতি,ধৰ্মীয় ৰীতি-নীতি, সামাজিক অনুশাসন আৰু সৰল নাগৰিক সকলৰ সাধাৰণ জীৱনশৈলী দেখি অভিভুত হৈ পৰিছিলোঁ।পাছে 'বোমেনা' নামৰ এই অশ্লীল যৌন পৰম্পৰাৰ কথা জানিবলৈ পাই মনত দুখ পাইছিলো°।কিন্ত বৰ্তমান ভূটানৰ সচেতন সভ্য সমাজে সেই পুৰণিকলীয়া পৰম্পৰাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ তৎপৰতাৰে আগবাঢ়ি অহা দেখি উদ্বুদ্ধ হৈছোঁ।তেওঁলোকৰ সেই প্ৰচেষ্টাৰ প্ৰতি সহাঁৰি জনাই যৎকিঞ্চিত নিজেও সামান্য প্ৰয়াস কৰি " ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি" নামৰ উপন্যাসখন লিখি যুগুতালোঁ।ভূটানবাসীৰ পৰা অন্ততঃ আমি এটা কথা শিকা উচিত যে সময়ৰ লগে লগে আমি আমাৰ সমাজৰ মাজত প্ৰচলিত হৈ থকা পৰম্পৰা, ৰীতি নীতিবোৰ বিশ্লেষণ কৰি নিজক শুধৰাই লোৱা অতি দৰকাৰ।অন্যথা আমি আমাৰ সভ্যতাৰ পৰিচয় হেৰুৱাব লাগিব। 


হেৰাই যাব নেকি মৰমৰ গৰুহাল

✍🏻শ্ৰী সুমন কাকতি,লখিমপুৰ
       একাদশ শ্ৰেণীৰ ছাত্ৰ। 

    "যাৰ নাই গৰু,সি সবাটোতকৈ সৰু" উক্ত কথাষাৰ যেন অতীত হ'বলৈ গৈ আছে।হেৰাই যাব নেকি ৰাতিপুৱা চাৰি বজাত কান্ধত নাঙল লৈ হালবাবলৈ যোৱা ডেকাসকল?হেৰাই যাব নেকি মৰমৰ গৰুহাল?সৰুৰে পৰা দেখি আহিছোঁ গৰুৰে হাল বোৱা, যুৱলিৰে বোকা কৰা মটিডৰাত ৰোৱনিয়ে ভুই ৰোৱা।এতিয়া অনুভৱ হয় সেই গৰুহাল কৰ'বাত যেন হেৰাই গৈছে!বৰ্তমান দেখিবলৈ পাইছোঁ,অসমৰ খেতি কৰা প্ৰায় খেতিয়কে টেক্টৰ ব্যৱহাৰ কৰে। বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যোগেদি খেতি কৰিলে সময় আৰু কষ্ট কম হয় কিন্তু গৰুহালেৰে হাল বোৱা সেই আৱেগ আৰু সেই মাদকতা নাথাকে।
       অসমৰ প্ৰায় খেতিয়কে টেক্টৰ ব্যৱহাৰ কৰাৰ উপৰিও মাটি ৰোঁৱা আৰু ধান কটা মেচিনো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।আকৌ কেতিয়াবা অনুভৱ হয়... জাক পাতি অহা ৰোৱনি নোহোৱা হ'ব নেকি?খেতি উঠা দিনা একেলগে খোৱা সেই ভাতসাজ নোহোৱা হ'ব নেকি? 
      সময়ৰ লগে লগে বিজ্ঞানে ন ন বস্তু আৱিষ্কাৰ কৰিছে।যাৰ বাবে সেই প্ৰযুক্তিক মানুহে দৈন্যন্দিন জীৱনত ব্যৱহাৰ কৰি বহু লাভাম্বিত হৈছে।সময়ৰ লগত পৃথিৱীখন উন্নত হৈ গৈ আছে আৰু মানুহে তাক স্বীকাৰ কৰিছে।

অনুভৱ

হেমেন হাজৰিকা               
          
         তুমি মোক চুমিছা,
          আলিঙ্গন কৰিছো
          আপাদ মস্তক।
          অথচ,
          মই তোমাক
         চুব পৰা নাই
         মাথো
        অনুভৱ কৰিছো।
       তোমাৰ বিমল অনুভূতি
        দেহা মন শীতল কৰা
      তোমাৰ অবুজ প্ৰেম   ।।

                
আকাশৰ ৰং

আৰজিয়াৰুল ইছলাম
৬০০০২৯৯৮০৭
ভেটাপাৰা, গুৱাহাটী   

নিভাজ ৰাতি আকাশলৈ বুলি
যেতিয়া দেখোঁ, 
তৰাবোৰ আনন্দৰে জিলিকি থাকে, 
যেন লুকা-ভাকু খেলিছে।
চন্দ্ৰ‌ই সন্তোষেৰে শীতল পোহৰ দিয়ে, 
ভাগৰুৱা মনটোৰ বাবেই ই যেন এক প্রশান্তিকাৰী। 

তেতিয়া মনলৈ আহে, 
সূৰ্যৰ ক্ৰোধিত পোহৰেও কিয় ক্ষান্ত কৰিব নোৱাৰে তৰাবোৰক?
প্ৰেমৰ সন্মুখত যেন সূৰ্যৰ ক্ৰোধো ভাগৰি পৰে।

সূৰ্যৰ তপ্ত পোহৰেও কিয় বিচলিত কৰিব নোৱাৰে চন্দ্ৰক?
চৰিত্ৰৰ সন্মুখত যেন তপ্ত সূৰ্য‌ও ভাগৰি পৰে।

ক্ৰোধিত সূৰ্যকো সহ্য কৰি কেনেকৈনো তৰাবোৰে ইমান আনন্দ কৰে?
তপ্ত সূৰ্যকো সহ্য কৰি কেনেকৈনো চন্দ্ৰ‌ই ইমান শীতল পোহৰ দিয়ে?

শান্ত ৰাতিৰ শীতল পোহৰত সেই মৃদু বতাহ জাকে যেন কানত ফুচফুচাই যায়।
ক্ৰোধক আকোঁৱালি লৈ আনন্দ বিলোৱা।
তাপক আকোঁৱালি লৈ শান্তি বিলোৱা।

    
মা নহ'লে পৃথিৱী আন্ধাৰ
 
✍🏻প্ৰিয়া বৰা ,যোৰহাট
      একাদশ শ্ৰেণী
  ঘনকান্ত বৰা জ্যেষ্ঠ মাধ্যমিক    
   বিদ্যালয়,তামূলীছিগা।

মা তুমিয়ে মোক এই সুন্দৰ পৃথিৱী দেখুৱালা,
তাৰ পাছতেই হঠাৎ আঁতৰি গ'লা মোক নিথৰুৱা কৰি।
এবাৰো নাভাবিলা কিয় অ' মা
তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম মই?
তোমাৰ অবিহনে দেখোন জীৱনটোৱে অন্ধকাৰ!
তোমাৰ বাহিৰেনো মোৰ আছিল কোন অ' মা..!
তুমি ক'ত হেৰাই গ'লা অ' মা
মোক এই পৃথিৱীত অকলশৰীয়া কৰি!
নোৱাৰিছোঁ আৰু মা মই তোমাৰ অবিহনে
প্ৰতিটো খোজত আগবাঢ়ি যাবলৈ,
নিতৌ নিশা গোপনে কান্দোঁ অকলে,
মোৰ দুচকুৰ নীৰ সাগৰ হৈ যাব খোজে অ' মা...
তোমাৰ অনুপস্থিতিত!
চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ!
কোনেও নুসুধে মা মই কি বিচাৰোঁ, সুখী নে মই?
নাই অ' মা কাৰোৰে সময় নাই
মোক উভতি চোৱাৰ।
সকলো ব্যস্ত নিজৰ লগত
সকলোৱে মাথোঁ মোক ব্যৱহাৰহে কৰিছে,
নাই অ' মা আজিৰ এই সমাজত
আত্মীয়তা,মমতা বুলি একোৱে নাই,
সকলোৱে স্বাথপৰ!
নুবুজে আজিৰ জনতাই  মা
মানুহৰ দুখ কষ্ট,
মা অ' এবাৰ উভতি চাই যোৱা
মাথোঁ এবাৰ
মই কিদৰে জীয়াই আছোঁ!
নোৱাৰিছোঁ আৰু মই হৃদয়ত দুখৰ বোজা কঢ়িয়াই 
সুখৰ অভিনয় কৰিবলৈ অ' মা!
কিমান আৰু এই কোমলীয়া হৃদ্য়খনে
দুখৰ বোজা কঢ়িয়াই লৈ ফুৰিব!
ভাগৰি পৰিছো অ' মা...
তোমাৰ এবাৰো বেয়া লগা নাছিল নে মা 
মোক এই স্বাথপৰ মানুহৰ মাজত এৰি যাবলৈ?
কিয় মা মোক জীৱনৰ আধা ৰাস্তাতে এৰি থৈ গ'লা
সঁচাই অ' মা 
তোমাৰ অবিহনে যে আজি মই বৰ অকলশৰীয়া অ' মা!!

সৰু চৰাই

✍🏻ৰজনী কুমাৰ ডেকা
                 ৰঙিয়া।

দোকমোকালিতে চৰাই এটিয়ে 
মোলৈ চাই সুৰ এটি জুৰিছে,
যেন কুলু-কুলু জুৰিটি বৈছে!
পাহাৰৰ সিটো পাৰে ঘৰ হেনো তাইৰ, 
উৰি যাব যেন তালি-টোপোলা লৈ!
আঘোণৰ সোণোৱালি শইচ এমুঠি
গোটাইছে 
পজাঁটিৰ পোৱালি হাললৈ। 
পাতৰ আঁৰত খেৰ-ইকৰা গোটাইছা,
অজানিতে বাৰু কিয় মেলানি বিচাৰিছা? 
জিঞা-পখিলায়ো উচুপিছে 
তোৰ গমনৰ বাধা বিচাৰিছে, 
অ সৰু চৰাই পাহাৰৰ সিপাৰলৈ
নেযাবি।
মোৰ পদুলিৰ বাগিচাত সাজিদিম 
দুকুৰি বনেৰে বাহ এটি, 
নৈত স্নান কৰিবি,
বাগিচাৰ ফল-ফুল খাবি, 
আমাৰ গাঁৱৰ শিশুৰ স'তে 
উমলিবি, 
মোলৈ চাই আকৌ এটি 
সুৰ জুৰিবি। 
আৰুনো তোক লাগিছে কি? 
বিচাৰিলে সুখ ইয়াতে সকলো পাবি।

(অণুগল্প)সংবিধান

 ✍🏻ছাইফুদ্দিন আহমেদ  




    ছাৰ আমাৰ সংবিধানে বোলে সকলোকে সমান অধিকাৰ দিছে ! 

অ' দিছে৷

    তেন্তে ছাৰ মোক আমাৰ টাউনৰ সেই আৰ্নষ্টাইন পাবলিক স্কুলত নামভৰ্তি কৰিবলৈ যাওঁতে দেউতাক কম ইনকামৰ সৰু মানুহ বুলি বুজাই পঢ়াই পঠাই দিছে কিয় ?

       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)