২০২২ চনটোও হয়তো সেই একেখন নদীৰে সোঁত য'ত আপুনিও লগ পাইছে বহু লোকক আৰু এতিয়া ২০২২ শেষ হ'বলৈ আৰু বেছিদিন নাই । সময় সলনি হ'ব পাৰে কিন্তু মানুহৰ সপোনবোৰ একেই থাকে । সময়ৰ টিকনিডালত ধৰিয়েই সকলো আগুৱাই গৈ আছে , সফলতা-বিফলতা থাকিবই কিন্তু সফলতাৰ পাছত দৌৰি ভাগৰিছে যদিও আপুনি কাহানিও থমকিব খোজা নাই বাবে আজিয়ো যুঁজি আছে নহয় জানো ? আপোনাৰ জীৱনৰ সকলো সময় ভাল নহ'বও পাৰে । আপুনি হয়তো কোনো কাৰণত মোক বেয়া পাব পাৰে আৰু মইও আপোনাক কোনো কাৰণত বেয়া পাব পাৰো কিন্তু দুদিনীয়া জীৱনত এজনে আনজনৰ লগত বেয়া হৈ কি কৰিব নহয় জানো ?
আহক ,২০২২ ত পোৱা অপ্ৰয়োজনীয়খিনি এৰি যাও বিদায়স্থলীত আৰু তাৰ ঠাইত স্থান দিওঁ ২০২৩ ৰ নতুনত্বখিনিক ।
আহক , বিদায় দিওঁ ২০২২ ক আৰু ২০২৩ ক উদযাপন কৰোঁ । ২০২৩ সকলোৰে বাবে হৈ পৰক প্ৰাপ্তিৰ বছৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ