ভাৰ্চুৱেল পৃথিৱী- নাছিৰ আহমেদ

©Admin
0
মোৰ চকুৰ সন্মুখত উদ্ভাসিত হ'ল 
এখন বিশাল পৃথিৱী ; ভাৰ্চুৱেল পৃথিৱী।

দিগন্ত প্ৰসাৰী নীলা আকাশখনে মেলি দিলে
এক জনজাতীয় বোৱাৰীৰ হাতে বোৱা 
ৰঙ-বিৰঙৰ এখন নীলাভ চাদৰ ,
পুৱাৰ ৰ'দ কাঁচিয়লি পদূলি মুখত ৰাঙলী সূৰুযে
গালে - মুখে সানি দিলে কোমল আভাৰ পৰশ !
ৰং-বিৰঙৰ চৰাইৰ কল-কাকলিত 
সৃষ্টি হ'ল মধুৰ ৰাগ-ৰাগিনীৰ সুৰৰ মূৰ্চ্ছনা !

মায়াবী ৰাতিৰ জোৎস্না ঢৌত ৰূপালী বৰ্ণচ্ছটাই
নাৰিকল গছৰ ফাঁকেদি নামি আহি
নৱ-যৌৱনা গাভৰুৰ শোৱা-পাটি ৰঙেৰে বোলাই দিলে ;
ৰাজকোঁৱৰৰ সোণৰ-কাঠি, ৰূপৰ-কাঠিৰ স্পৰ্শত 
নৱ- যৌৱনা গাভৰুৰ বুকুত সাগৰৰ জোৱাৰ নামিল ।

মোৰ চকুৰ সন্মুখত উদ্ভাসিত হ'ল
এখন বিশাল পৃথিৱী; ভাৰ্চুৱেল পৃথিৱী।
হাতত হাত ধৰি চাৰিওফালে ঘূৰি থাকিল
একো একোজন যেন স্বৰ্গৰ দেৱ-দেৱী সদৃশ ;
উৰ্বশী,চিত্ৰলখা কিম্বা মেনকা নৃত্য -পটীয়সী
বা একো একোজন জাপানী পুতলাৰ ঈশ্বৰ !

এয়া যেন কবিৰ কল্পনাপুৰী (Dream land) ;
য'ত বাৰ মাহে চিৰ - বসন্ত বিৰাজ কৰে,
ফলে-ফুলে , শস্য-শ্যামলাৰে সজীৱ হৈ থাকে ধৰা
অনবৰতে প্ৰৱাহিত হয় চিৰ শান্তিৰ নিজৰা!
পমিলী- ৰহিমলা আৰু ৰংমন -চেলিমহঁতৰ                  
মুখত সদায় লাগি থাকে হাঁহিৰ সঁফুৰা !

কিন্তু, ভাগ্যৰ কি বিড়ম্বনা !
বাস্তৱৰ লৌহ কশাঘাতত আৰম্ভ হয়
জীৱন নৌকাৰ দুৰ্বিসহ বোজাৰ এক অসহনীয় যন্ত্ৰণা !
থুনুকা কাঁচৰ দৰে ঠাচ ঠাচকৈ ভাঙে স্বপ্নৰ কাৰেং !
নদীৰ ঢৌত উটি ভাহি যায় বৃহৎ চোতালৰ বটবৃক্ষ !
প্ৰিয়তমা পত্নীৰ শুকান মুখত মৰুভূমিৰ হাহাকাৰ,
সন্তানৰ অসহায় চকুত মানসিক ব্যাধিৰ অবোধ যন্ত্ৰণা !
এমুঠি অন্ন, এখন বস্ত্ৰ আৰু এটি আশ্ৰয়ৰ বাবে
প্ৰতি মুহূৰ্তে চলে জীৱন সংগ্ৰামৰ কৰুণ দস্তাবেজ!

মোৰ চকুৰ সন্মুখত উদ্ভাসিত হ'ল
এখন বিশাল পৃথিৱী; ভাৰ্চুৱেল পৃথিৱী!
বাস্তৱ পৃথিৱীৰ প্ৰচণ্ড দুখ আৰু বেদনাত
ভাৰ্চুৱেল পৃথিৱীখন মকৰাৰ জালৰ দৰে 
মাথোঁ শূন্যত ওলমি থাকিল মকৰাৰ মৃতদেহ লৈ !!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)