চিগমাৰ পৰা ছাংগ্ৰি-লালৈ -চুমিন্দ্ৰ চৌধুৰী

©Admin
0
 দৰিদ্ৰতাই কেতিয়াও হাবিয়াস পূৰণৰ বাবে মনক বান্ধি ৰাখিব নোৱাৰে । সেই বাবেই কোৱা হয় অভাৱেই আবিস্কাৰৰ মূল। অভাৱত ভোগা এজনে তুলনাত্মক ভাৱে চহকী লোক এজনতকৈ সহজেই নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰ উমান ল'গাব পাৰে। আৰ্থিক দৈন্যতাৰ বলি হৈয়ো তীব্ৰ মনোবলৰ বাবে নিজৰ সামৰ্থ্য আৰু প্ৰতিভাৰ জৰিয়তে মনৰ হাবিয়াস পুৰণ কৰিবলৈ সমৰ্থ হয় । অভাৱত স্বভাৱে গঢ় লয়। অভাৱে কাৰো স্বভাৱ নষ্ট কৰিব নোৱাৰে যদিহে ঘৰখনৰ অভিভাৱকে সন্তানক জীৱনৰ সঠিক মূল্যবোধ আৰু সংস্কাৰৰ বিষয়ে শিক্ষা দিয়া হয় ।

    আৰ্থিক অনাটনৰ মাজতেই নিজক প্ৰতিষ্ঠিত কৰিবলৈ মোৰ দেউতায়ো আমাক শিকাইছিল জীৱনৰ যুঁজত আনে লাভ কৰা সফলতাৰ প্ৰতি হিংসা তথা জেদ নকৰি একমাত্ৰ নিজৰ লগত প্ৰতিযোগিতা কৰি আগুৱাই যাবলৈ। প্ৰথমতে বুজিব পৰা পোৱা নাছিলো নিজৰ লগত প্ৰতিযোগিতা কৰা মানে কি লাহে লাহে চালুকীয়া হৈ অহাৰ লগে লগে বুজি পাইছিলো ।
সৰুতে দেউতাই মোৰ পাঁচজনী বাইদেউ, মোৰ দাদা আৰু খুড়াৰ ল'ৰা তিনিজনক আমি যে আৰ্থিক দৈন্যতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছিলো পাৰ্য্যমানে তাক অনুভৱ হ'বলৈ নিদিছিল। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেউতাই মাহেকৰ দৰমহাৰ টকা কেইটা হাতত পৰাৰ লগে লগে তাৰ পাছদিনাখনেই গুৱাহাটীলৈ গৈ মোৰ কাৰণে দুই এখন নতুন কিতাপ কিনি সম্পৰ্কীয় মানুহবোৰৰ ঘৰ পৰা পুৰণা ছোভিয়েট দেশ, নামনাই, সঁফুৰা আদি গোটাই পিতাই মোনা ভৰাই লৈ আহিছিল। ১৯৯০ চনত দেউতাই অৱসৰ গ্ৰহণ কৰাৰ পাছত আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বহুতেই শোচনীয় হৈ পৰিছিল। দ্বিতীয়জনী বাইদেউৰ সৰু চাকৰিটোৰ ওপৰতে নিৰ্ভৰ কৰি চলাৰ অসুবিধা হোৱাৰ বাবে দেউতাই ঘৰুৱা শিক্ষক হিচাপে কেইটামান লৰা ছোৱালীক পঢ়াবলৈ আৰম্ভ কৰিছিল। 
১৯৯২ চনত মেট্ৰিক পৰীক্ষা দি গুৱাহাটীৰ পৰা গাৱঁলৈ উভতি আহিছিলো। দেউতাই কম দৰ্মহাৰ চাকৰি কৰি থাকোঁতেও ঘৰত দৈনিক অসম কাকতখন নিয়মীয়া কৈ ৰাখি আমাক বাতৰি কাকত পঢ়িবলৈ উদ্গনি দিছিল । বিগত দুবছৰ ধৰি গুৱাহাটীত থকাৰ পাছত ঘৰলৈ উভতি আহি গম পাইছিলো যে পইছা পাতিৰ অভাৱত নিয়মীয়া কৈ ৰখা কাকতখন দেউতাই ইতিমধ্যেই ল'বলৈ এৰি দিছে । ইফালে ৰাতিপুৱাই বাতৰি কাকতখন পঢ়িবলৈ নোপোৱাৰ বেদনাই মোক আঘাত দিছিল। এদিনাখন দেউতাৰো পেপাৰখন পঢ়িবলৈ অত্যন্ত ইচ্ছা জগাত উপায়ন্তৰ হৈ চুবুৰীৰে মানুহ এঘৰলৈ গৈ তেওঁলোকে ৰখা বাতৰি কাকতখন পুনৰ ঘুৰাই দিম বুলি পঢ়িবলৈ বিচাৰিলোঁ। বাতৰি কাকতখন টেবুলৰ ওপৰত থকা স্বত্বেও সিদিনাখন হকাৰ জনে কাকতখন দিয়াই নাই বুলি কোৱা ঠোট মুখ চেলেকি ঘৰলৈ মনৰ ক্ষোভত ঘৰলৈ উভতি আহিছিলো। সেইদিনাখন ৰাতি ভাত খোৱাৰ সময়ত এখন হাতেৰেই পাঁচজনী ছোৱালী আৰু পাঁচটা লৰাক ডাঙৰ কৰা মোৰ দেউতাৰ ভাৰাক্ৰান্ত দায়িত্ব পূৰ্ণ মুখখন দেখি মোৰ কৈশোৰ মনটো হাহাঁকাৰ কৰি উঠিছিল। 

পিছদিনাখন ৰাতিপুৱাই শোৱাৰ পৰা উঠিয়েই মেট্ৰিক পৰীক্ষাৰ সময়ত ইজনে সিজনে খবৰ লবলৈ যাওঁতে দিয়া নগদ টকাখিনি হিচাপ কৰি দেখিলোঁ প্ৰায় এহেজাৰ টকা আছে। পৰীক্ষাত পাছ কৰাৰ পাছত দৰকাৰ হ'ব বুলি সাঁচি ৰখা টকা খিনি পকেটত ভৰাই লৈ মনতে এক গোপন পৰিকল্পনা কৰি চিধাই মোৰ গাওঁ কুৰুঁৱাৰ বাল্য বন্ধু বিমল তালুকদাৰৰ ওচৰ চাপিছিলো। বিমলক লগ ধৰি আমি মেট্ৰিক দি আজৰি হোৱা লৰাবোৰ লগ হৈ এটা বিজ্ঞান সংঘ খোলাৰ প্ৰস্তাৱ দিলো। বিমলে মোৰ কথাত সন্মতি জনাই কৈছিল সংঘ খুলিলে আমাক পইছা কোনে দিব? তেতিয়া মই মোৰ হাতত জমা থকা পইছাখিনি বিমলৰ হাতত দি ক'লো। পইছাখিনি তই ৰাখ। তই ধনী ঘৰৰ ল'ৰা টকাখিনি তোৰ হাতত বেছি সুৰক্ষিত হৈ থাকিব। অৱশেষত এমাহৰ ভিতৰতে বিমল আৰু মোৰ যুটীয়া প্ৰচেষ্টাত ৰমেন, দেওবৰ, কুশল বীৰেণ, সোভেশ্বৰ, ধন ,শচীন , দয়াল আৰু মুকুট আদি কৰি দহ বাৰজন লৰা লগ হৈ এমাহৰ ভিতৰতে " কুৰুৱা প্ৰদূষণ মুক্তকাৰী সমাজ" নামৰ কুৰুৱাৰ প্ৰথমটো বিজ্ঞান সংঘ স্থাপন কৰি বৃক্ষৰোপন আৰু স্বচ্ছতাৰ বাবে শ্ৰম দান আদি কাৰ্য্যসূচীৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলো। তেতিয়ালৈকে মোৰ মনৰ গোপন পৰিকল্পনাৰ খবৰ কাকোৱেই দিয়া নাছিলো। সিদিনাখন ৰাতি বাতৰি কাকতখন পঢ়িবলৈ নোপোৱা দেউতাৰ অসহায় মুখখনৰ কথা মনৰ মাজত পুহি ৰাখি মাত্র মই মোৰ লক্ষ্যত উপস্থিত হ'বলৈ গোপনে পৰিকল্পনা ৰচিছিলোঁ। ইতিমধ্যেই আমাৰ বিজ্ঞান সংঘটোৱে ৰাইজৰ সঁহাৰি লাভ কৰাৰ লগে লগে এসিকা দুসিকা কৈ পুঁজিত ধন জমা হ'বলৈ ধৰিছিল। সংঘৰ বাকীবোৰ সদস্যয়ো নিষ্ঠাৰে পুঁজি সবলীকৰণৰ বাবে চেষ্টা কৰিছিল। অৱশেষত আমাৰ পুঁজিত বিভিন্ন লোকৰ সহযোগত প্ৰায় পাঁচ হেজাৰ টকা জমা হৈছিল।পুঁজিত ধন জমা হোৱাৰ সাহস পাই মই বিমল আৰু লগৰবোৰক মোৰ মনৰ গোপন পৰিকল্পনা সিহঁতৰ আগত প্ৰকাশ কৰিছিলো। প্ৰথমে প্ৰায়বোৰ সদস্যয়েই সহজে মোৰ প্ৰস্তাৱ মানি লোৱা নাছিল। সকলোৱেই বিচাৰিছিল জমা হোৱা টকাখিনিৰে এটা ব্যায়ামাগাৰ স্থাপন কৰিবলৈ। মই কৈছিলো গাওঁখনৰ আমাৰ বয়সৰ ল'ৰা ছোৱালীৰ বাবে শাৰীৰিক ব্যায়ামতকৈ মানসিক ব্যায়ামৰ প্ৰয়োজন বেছি। তুলনামূলক ভাৱে চহৰতকৈ আমাৰ গাঁৱৰ লৰা ছোৱালীয়ে যঠেষ্ট শাৰীৰিক পৰিশ্ৰম কৰো । গতিকে আমি আমাৰ মানষিক ব্যায়ামৰ প্ৰতি সজাগ হোৱাৰ দৰকাৰ বেছি । লগতে আমি সুযোগ পাইছো যেতিয়া এনেকুৱা এটা ঐতিহাসিক কাম কৰিব লাগে যিটো কুৰুৱাবাসীয়ে কাহানিও ভবা নাই আৰু চিৰদিনলৈ মনত ৰাখিব। 
মোৰ কথাখিনিয়ে লগৰবোৰক কি যাদু কৰিলে নাজানো কিন্ত বিজ্ঞান সংঘটোৰ প্ৰত্যেকজন সদস্যৰ আপ্ৰাণ সহযোগত ১৯৯২ চনৰ জুন মাহত দৰঙ জিলাৰ প্ৰথমখন মাহেকীয়া বিজ্ঞান বাতৰি কাকত "চিগমা" সম্পাদনা কৰি উলিয়াইছিলো । সেইদিনাখন দেউতাই পঢ়িবলৈ হেপাহ কৰা বাতৰি কাকত এখন দেউতাৰ হাতেৰেই উন্মোচন কৰিবলৈ পাই ধন্য মানিছিলো । লগতে সিদিনাখন ৰাতি মোৰ দেউতাই সগৌৰৱে মহানন্দে " চিগমা" কাকতখন ওলোটাই পালটাই কেবাবাৰো পঢ়ি থকা দেখি আৱেগত দুটোপাল চকুলো বৈ আহিছিল। 
 আমাৰ সকলোৰে বহু প্ৰচেষ্টাৰ মুৰত সিদিনাখন মোৰ মনৰ গোপন পৰিকল্পনা সফল হোৱাৰ পাছত এটা কথা হাড় হিমজুৱে বুজি পাইছিলো যে মানুহৰ ইচ্ছা শক্তিৰ আগত দৈন্যতা কেতিয়াও প্ৰতিবন্ধক হ'ব নোৱাৰে। 

পৰৱৰ্তীসময়ত প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ আৰ্য্য বিদ্যাপীঠ কলেজত বিজ্ঞান শাখাত নাম লগোৱাৰ পাছত পঢ়া শুনাৰ হেচাঁত মোৰ সাহিত্য চৰ্চা স্তিমিত হৈ পৰিছিল । ১৯৯৪ চনত অসম এৰি অৰুনাচলৰ নেৰিষ্টত ইন্জিনীয়াৰিঙ পঢ়িবলৈ যোৱাৰ পাছত সেই স্তিমিত হৈ পৰ চৰ্চাকনো একেবাৰেই নোহোৱাৰ দৰেই হৈ পৰিছিল।  
সেয়া ১৯৯৮ চনৰ মে মাহৰ কথা হ'ব। গ্ৰীষ্ম বন্ধৰ সময়ত গাঁৱলৈ উভতি আহি অসম ছাত্ৰ সন্থা, কুৰুৱাৰ আহ্বান মৰ্মে কুৰুৱা হাইস্কুলত বিনামূলীয়া শিক্ষাদান অনুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ সময়ত পুনৰ সাহিত্য চৰ্চাৰ প্ৰতি মন মেলিছিলো । সেই সময়তে লিখি উলিওৱা গল্পবোৰৰ ভিতৰত "এখন চিঠি" নামৰ গল্পটো বিভিন্ন জনে পঢ়ি সেই গল্পটো বাতৰি কাকতলৈ পঠাবলৈ অনুৰোধ কৰিছিল । লগৰ বন্ধু সকলৰ পৰামৰ্শ মতেই এদিনাখন গুৱাহাটীৰ এখন আগশাৰীৰ বাতৰি কাকতৰ কাৰ্য্যালয়লৈ গৈ সহকাৰী সম্পাদকজনক দেখা কৰি মোৰ গল্পটো জমা দিছিলো। পাছে ভদ্ৰভাৱে কথা পতা গুৰু গম্ভীৰ লোক জনে মই তেওঁৰ কুঠৰীটোৰ পৰা ওলাই অহাৰ লগে লগে মোৰ গল্পৰ পাণ্ডুলিপিটো ডাষ্টবিনত পেলাই দিয়া দুৱাৰৰ ফাঁকেৰে দেখি মনটো মৰহি গৈছিল। অপমানৰ দাবানলত মই তিল তিল কৈ জ্বলি পুৰি মাৰিছিলোঁ। মোৰ সেই মনৰ ক্ষোভ মোৰ দেউতাৰ এজন প্ৰিয় বন্ধু মঙ্গলদৈৰ মহঃ কোৰবান আলী দাদাক কোৱাত তেখেতে ১৯৯৮ চনৰ জানুৱাৰী মাহত নগদ তিনিহেজাৰ টকা খৰচ কৰি মোৰ জীৱনৰ প্ৰথমখন গল্প সংকলন "এখন চিঠি" প্ৰকাশ কৰি উলিয়াইছিল। মোৰ সাহিত্য সাধনাৰ প্ৰতি মৰহি যোৱাৰ আশাক পুনৰ সঞ্জীৱিত কৰি তোলাৰ বাবে শ্ৰদ্ধাৰ কোৰবান আলী দাদাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰৈছোঁ। দাদাৰ সেই উদগনিৰ বাবেই চাগে আজি এজন লেখক হিচাপে পৰিচিত হ'ব পাৰিছো ।
"এখন চিঠি " নামৰ গল্প সংকলনখন প্ৰকাশ কৰাৰ পাছত সাংসাৰিক আৰু কৰ্মব্যস্ততাৰ হেচাঁত মই সাহিত্যচৰ্চা পৰা একেবাৰেই আতৰি পৰিছিলোঁ । জীৱনত পুনৰ কলম ধৰিম বুলি কোনো পৰিকল্পনাও কৰা নাছিলোঁ । কিন্ত ২০২০ চনৰ ভয়াবহ কৰোণা মহামাৰীৰ সময়ত গৃহাৱদ্ধ হৈ থকাৰ সময়ত মই মোবাইলৰ ওৱাটছাপ আৰু ফেচবুক গোট কেতবোৰত লিখিবলৈ আৰম্ভ কৰিছিলো । সেই যে আৰম্ভ হ'ল তিৰ পাছত আঠ মাহৰ ভিতৰত প্ৰায় এক লাখ পঞ্চাশ হেজাৰ শব্দ মোবাইল ফোনতে টাইপ কৰি "বিহংগম দৃষ্টিত মিজোৰাম " নামৰ এখন পূৰ্ণ দৈৰ্ঘ্যৰ উপন্যাস, "মোৰ গাও মোৰ মানুহ" নামৰ এখন স্মৃতিলেখা, পঞ্চাশ টা গল্প আৰু প্ৰায় ত্রিশটা প্ৰবন্ধ ৰচনা কৰি ইন্ডিয়া বুক অৱ ৰেকৰ্ডছত অভিলেখ সৃষ্টি কৰি পেলালোঁ। ইমান কম সময়ৰ ভিতৰত বিশৃংখল বছৰৰ বিৰতিৰ পাছত নেদেখাজনৰ অজান শক্তিৰ বলত ইমানবোৰ লিখি যুগুতালো নিজে গমকেই নাপালোঁ। সামাজিক মাধ্যম আৰু বাতৰি কাকতত প্ৰকাশ পোৱা ইটো সিটোৰ লেখাৰ বাবে লাহে লাহে পৰিচিত হৈ পৰাৰ পাছত এদিন ভাষা প্ৰকাশনৰ মুকুট শৰ্মা দাদাই ফেচবুকত ধাৰাবাহিক হিচাপে মই লিখি থকা "বিহংগম দৃষ্টিত মিজোৰাম"নামৰ উপন্যাসখন প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি ফোন কৰিছিল। তেখেতক ক'লো দাদা কৰোণা কালত কিতাপ ছপাব লৈছে হয় কিন্ত মোৰ হাতত টকা শিকা নাই। তেতিয়া দাদাই টকা পইচাৰ লাহে ধীৰে দিলেও হ'ব বুলি কৈ কিতাপখনৰ ছপাৰ কাম আৰম্ভ কৰি দিছিল। সৌভাগ্যবশতঃ ২০২১ চনত ভাষা প্ৰকাশনে প্ৰকাশ কৰা ফোনতে টাইপ কৰি লিখা মোৰ " বিহংগম দৃষ্টিত মিজোৰাম " নামৰ উপন্যাসখন আৰু ইয়াৰ ইংৰাজী অনুবাদ Nghah Loh Dawr কিতাপখনে অসম আৰু মিজোৰামৰ পাঠক সমাজৰ আৰু সংবাদ মাধ্যমৰ মাজত চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে দুই একে লিখক হিছাপে চিনিবলৈ ধৰিছিল । কেইদিন মানৰ পাছত মোৰ এই উপন্যাসখন গুৱাহাটী বিশ্ববিদ্যালয়ে গৱেষণাৰ পাঠ্যক্ৰম হিচাপে গ্ৰহণ কৰা খবৰটো পাই পুনৰ কিতাপ লিখিবলৈ মনত অদম্য সাহস আৰু ইচ্ছা জাগি উঠিছিল । মনৰ সেই ইচ্ছাৰ দমাই ৰাখিব নোৱাৰি শ্ৰীমতীৰ সাঁচতীয়া ধন কেইটামান খৰচ কৰি কৰোণা মহামাৰীৰ সময়ত ৰচনা কৰা গল্প আৰু প্ৰবন্ধবোৰ গোটাই বিগতএপ্ৰিল মাহত "এজন সাহিত্য অভিযন্তাৰ আত্ম কথা" নামৰ সংকলন প্ৰকাশ কৰি উলিয়াইছিলোঁ।

কৰোণা মহামাৰীৰ সময়তে মোৰ ফেচবুকৰ পেজত ৰাজতান্ত্ৰিক ভুটানৰ পটভূমিত "যাদু আৰু সাধুৰ দেশৰ দিহিঙে দিপাঙে" বুলি আৰু এখন উপন্যাস লিখিব আৰম্ভ কৰিছিলো। বিগত জুন মাহৰ কোনোবা এটা দিনত মনিকূট প্ৰকাশনৰ মৃনাল মিশ্ৰ দাদাৰ লগত ফোনতেই কথাবতৰাৰ পাতি থাকোতে দাদাই মোৰ ধাৰাবাহিক ভাৱে প্ৰকাশ পোৱা এই উপন্যাসখন প্ৰকাশ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাত মই যেন নিজৰ কানকেই বিশ্বাস কৰিব পৰা নাছিলোঁ । মোৰ দৰে এজন অৰ্ধপক্ক, অভিজ্ঞতা নথকা অপ্ৰতিষ্ঠিত লেখক এজনৰ লেখাকো মনিকূট প্ৰকাশনৰ দৰে আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান এটাই সুযোগ দিব ভাবিবই পৰা নাছিলোঁ । মৃনাল দাদাই ভূটানৰ পটভূমিত লিখা মোৰ কিতাপখন প্ৰকাশ কৰিবলৈ আন্তৰিকতাৰে আগবাঢ়ি অহাৰ বাবে কৰ্ম ব্যস্ততাৰ মাজত বহ বিনিদ্ৰ ৰজনী কটাই অৱশেষত যোৱা অক্টোবৰ মাহৰ অন্তত " ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি " নামেৰে নামাকৰণ কৰা মোৰ এই উপন্যাসখনৰ পাণ্ডুলিপিটো জমা দি আৱেগিক হৈ পৰিছিলোঁ । 
বিগত দুটা বছৰ কৰোণা মহামাৰীৰ সময়ত কাকতালীয় ভাৱে মোৰ লগত ঘটি যোৱা এই বিভিন্ন ঘটনাৰাজিৰ পৰা এইটোৱেই বুজিব পাৰিছিলো দুৰ্যোগৰ মাজতো ভগৱানে সকলোকে সুযোগ দিয়ে । সন্ধান কৰিব পাৰিলে সেই সংযোগবোৰে অভাৱনীয় সাফল্যও কঢ়িয়াই আনিব পাৰে। সেয়েহে দূৰ্যোগ আৰু দাৰিদ্ৰতাক জীৱনৰ প্ৰতিবন্ধকতা বুলি নধৰি আমি সম্ভাৱনাৰ আন এখন দুৱাৰ বুলি ধৰিব লাগে। 

ধন্যবাদ। 

- চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)