আজিও তোমাৰ অপেক্ষাত আছোঁ - আব্দুল কাদেৰ মিঞা

©Admin
0

তুমি কৈছিলা
          অপেক্ষা কৰিবলৈ, 
বসন্তৰ সকলো সৌন্দৰ্য্য
          মোৰ বাবে লৈ আহিবা ।
আজিও মই তোমাৰ
            অপেক্ষাত ৰৈ আছোঁ
এটি দুটি কৰি 
              বসন্ত পাৰ হৈ গ'ল
পাৰ হ'ল এটা যুগ
              তথাপিও তুমি উভতি নাহিলা ।
হঠাৎ এদিন শুনিলোঁ 
              তুমি নতুন ঠিকনা এখন পাইছা 
তাতে পাৰ হৈছে তোমাৰ বসন্ত
             আৰু ' মই '
আজিও তোমাৰ অপেক্ষাত আছোঁ!

আব্দুল কাদেৰ মিঞা
দক্ষিণ শালমাৰা মানকাচাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)