ফাগুন - ৰজনী কুমাৰ ডেকা

©Admin
0
নতুন দিগন্তৰ কোমল ক্ষণত
সপোনৰ বীজ সিঁচি শান্তিৰ
শস্য চপোৱা, ফাগুন তুমি বাৰু
কোন প্ৰান্তৰৰ খেতিয়ক ? 
ধূলিৰ ৰণ ভূমিত শত্ৰুক
বিনাশ কৰা । 
ফাগুন কিনো তোমাৰ তাণ্ডব নৃত্যৰ 
অৰ্থ ? 
শীতৰ এন্ধাৰত বেৰহি ধৰা কালৰাত্ৰিক উমি, উমি জ্বলি
খেদি ফুৰা । 
হে ফাগুন তুমি বাৰু কি পোহৰৰ
শিখা বাস্তৱ নে দূৰ অতীতৰ ? 
ক'ত দূৰ ক'ত পৰুৱাৰ লানি সনা ।
মৌ-পৰশা মন তুমি চোৱা, 
ফাগুন তুমি কি পুস্পৰ সুগন্ধি ? 
আকাশে-বতাহে, পাহাৰে-ভৈয়ামে
একতাৰ সহযাত্ৰীৰ দৰ্শন কৰোৱা। 
ফাগুন তুমি বাৰু কোন দেৱতাৰ 
পূজাৰী ? 

✍️ৰজনী কুমাৰ ডেকা 
     ৰঙিয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)