মন দোলাই যোৱা কথাবোৰ- চুমিন্দ্ৰ চৌধুৰী

©Admin
0
জীৱনত আজি প্ৰথমবাৰৰ বাবে মনিপুৰৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী এম বীৰেন সিং আৰু জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী এল চুচিন্দ্ৰো ডাঙৰীয়াৰ সৌজন্যত চাৰ্টাড বিমানেৰে ইম্ফলৰ পৰা দিল্লীলৈ আহি থাকোতে মনত দোলা দি থকা কিছু কথা যাত্রা পথত লিখিবলৈ ল'লো। আশা কৰিছো মই লিখিব বিচৰা অনুভৱ খিনি পাঠক বৃন্দ আদঁৰি ল'ৱ । 
 মোৰ দেউতা দৰং জিলাৰ কুৰুৱাৰ নামৰ গাওঁখনৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। এজন অত্যন্ত কাঢ়া আৰু সুশিক্ষক হিছাপে সমগ্ৰ অঞ্চলতে দেউতাৰ নাম আছিল। গাওঁখনৰ ৰাস্তাই পথে ধেমালি ধুমুলা কৰি থকা ল'ৰা ছোৱালীয়ে দেউতাক দেখিলেই বাঘে খোৱা মাষ্টৰ অথৱা হাত বেকা মাষ্টৰ অহা বুলি কৈ পলাই ফাট মাৰিছিল। দেউতাৰ নাম দৰা চলতে ব্যোমকেশ চৌধুৰী আছিল যদিও গাওঁখনৰ মানুহে কাবুল ওৰফে বাঘে খোৱা মাষ্টৰ বুলিয়েই চিনি পাইছিল। ১৯২৬ চনৰ কোনোবা এটা দিনত ডেকা বয়সত দেউতাই কাছমৰা জোঙেৰে বাঘ মাৰিবলৈ গৈ বাওঁহাত খন হেৰুৱাইছিল। তেতিয়াৰ পৰা দেউতাক গাঁৱৰ মানুহে বাঘেখোৱা বুলি মাতিছিল। সৰুতে দেউতা পাঠানৰ লৰাৰ দৰে দেখিব আছিল বাবে ঘৰৰ মানুহবোৰে কাবুল বুলি কৈছিল। পাছে দেউতাৰ স্কুলৰ দুই এক উদন্ড লৰা ছোৱালীয়ে স্কুলত মাৰ খালে মনৰ ক্ষোভত হাত বেকা মাষ্টৰ বুলি লুকাই চুৰকৈ সম্বোধন কৰিছিল।  
মোৰ শৈশৱত পাঁচজনী বাইদেউ, দাদা আৰু মই লগতে মোৰ একমাত্ৰ খুড়াৰ তিনিজন ল'ৰাৰ সৈতে আমাৰ এটা বৃহৎ পৰিয়াল আছিল। দেউতাৰ কাঢ়া শাসন আৰু খুড়াৰ স্নেহত আমি ডাঙৰ ডাঙৰ হৈছিলো। দেউতাৰ উগ্ৰ শাসনৰ পৰা তাৰণ পোৱাৰ এক মাত্ৰ সম্বল আছিল খুড়া । মা আছিল মমতাৰ প্ৰতীক। কিবা এটা বস্তু পালেই সমানে ভগাই খোৱা, খুড়াৰ লৰা কেইটাক নিজৰ ভাইৰ দৰে মৰম কৰিবলৈ, ডাঙৰক মুখতুলি কথা নক'বলৈ আৰু মানুহৰ লগত কাজিয়া পেঁচাল নকৰিবলৈ মায়েই শিকাইছিল । 
পাছে অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়ত মই দেউতাৰ শাসনৰ পৰিধিৰ পৰা কিছু পৰিমানে মুক্ত হৈ পৰিছিলো । সেই সময়ত মোৰ দ্বিতীয়জনী বাইদেৱে চৰকাৰী চাকৰি এটা পোৱাত মই বাইদেউৰ লগত গুৱাহাটীলৈ গুচি আহিবলৈ সুযোগ পাইছিলো । অৱশেষত প্ৰথম বিভাগত মেট্ৰিকৰ দেওনা পাৰ হৈ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছিলো । ঠিক তেতিয়াই মোৰ দ্বিতীয় জনী বাইদেউ বিয়া হৈ গৈছিল। তথাপিও বাইদেউৰ সহকৰ্মী দিপ্তী কছাৰী বাইদেউৰ তত্বাৱধানতে কালাপাহাৰত ঘৰ এটা ভাৰা কৰি থাকিবলৈ লৈছিলো। ভাৰাঘৰৰ মালিক খুড়াৰ আলৰ বৃদ্ধ মাক দেউতাকৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। মা দেউতাই শিকোৱাৰ বাবে নেকি পৰীক্ষা পাতি দিবলৈ গ'লে সেই আশীৰ উৰ্ধৰ ককা আইতা হালক সেৱা কৰিলে মুৰত হাত থৈ আশীৰ্বাদ দিছিল। পুৱা নিশা উঠি পঢ়ি থাকিলে আইতাই তাৰ মাজতে একাপ গৰম চাহ আৰু দুখন কুকিচ বিস্কুট দি থৈ গৈছিল। হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ সময়ত দেউতাৰ আৰ্থিক পৰিস্থিতি বহুত বেয়া হৈছিল। ইতিমধ্যে দ্বিতীয়জনী বাইদেউৰো মুৰত নিজৰ ঘৰখনৰ গধুৰ দায়িত্ব আহি পৰিছিল। সেই সময়খিনিত সহপাঠী চন্দ্ৰশেখৰ নেওগৰ ঘৰখন আৰু ডাঙৰ পেহীজনীৰ ঘৰখনে মোক বহুত সহায় কৰিছিল। দেউতাৰ কান্ধত গধুৰ দায়িত্ব। খুড়াৰ শাৰীৰিক অৱস্থা ভাল নাছিল বাবে তিনিজনী অবিবাহিত বাইদেউ, দাদাৰ লগতে খুড়াৰ ল'ৰা তিনিজনৰো দায়িত্বৰ ভাৰ দেউতাৰ কান্ধৰ ওপৰতে পৰিছিল । বহুত চেষ্টা কৰিও হায়াৰ ছেকেণ্ডাৰীত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিলোঁ । দেউতাই মনত দুখ পাইছিল। দেউতাই মনৰ ক্ষোভত মোক পুনৰ বেটাৰমেন পৰীক্ষা দি হায়াৰ ছেকেণ্ডাৰীত প্ৰথম নোপোৱালৈ ঘৰলৈ আহিবলৈ মানা কৰি দিছিল। ইফালে ঘৰ ভাৰা দি গুৱাহাটীত থাকিবলৈ মোৰ হাতত কোনো উপাই নাই । অকাল মৃত্যু সাৱতি লোৱা মোৰ দাদা আছিল মোৰ সঞ্জীৱনী মন্ত্ৰৰ দৰে। মোৰ খুড়াই দাদাক যুধিষ্ঠিৰ আৰু আমি পাঁচটা লৰাক পঞ্চ পাণ্ডৱ বুলি চিনাকী দিছিল। খুড়াই আনক সদায়েই নিজৰ পাঁচজনী ছোৱালী আৰু পাঁচজন লৰা থকা বুলি কৈছিল।
অৱশেষত দাদাই মোৰ সমস্যাৰ সমাধান সূত্ৰ সাজি উলিয়াইছিল। কেইটামান বছৰ আগতে দেউতাই শিক্ষকতাৰ পৰা অৱসৰ পোৱাৰ আগতেই নুনমাটিৰ চূনচালী পাহাৰত কিনি ৰখা একচনীয়া মাটি টুকুৰাত থকা খেৰৰ ঘৰটোৱেই মোৰ বাবে উপযুক্ত হ'ব বুলি কৈ ঘৰৰ পৰা চাউল-ডালি খিনি যোগাৰ কৰি দিব বুলি ক'লে। দাদাৰ কথামতেই আহি চূনচালী পাহাৰৰ জংঘলৰ মাজৰ খেৰৰ জুপুৰিত আমি আশ্ৰয় লৈ ভীতিবিহবল হৈ পৰিছিলো। সন্ধিয়াতে মায়মনিছ নাইকিয়া হৈ পৰা নিৰ্জন পাহাৰৰ ওপৰত থকা খেৰৰ জুপুৰিটোৰ পিৰালিতে আহি শিয়ালে ৰাউচি জোৰে। ৰাতি ভয়তে হাতলেমটো জ্বলাই থলে চগা পোকে ভৰি পৰে।  
লাহে লাহে সকলোবোৰতে অভ্যস্ত হৈ পৰিছিলো। পাহাৰৰ জুপুৰিটোত থাকিবলৈ ভাল লগা হৈছিল। পিৰালিত হামৰাও কাঢ়ি থকা শিয়াল কেইটাৰ লগত হিন্দিতে ব্যংগাত্মক কৰি কথা পাতি নিজে নিজেই হাঁহিছিলো। মাজে সময়ে দাদা আহি থাকি গৈছিল। বেৰকোৰত ঢৰা উইপোক বোৰ কেৰাচিন তেল দি মাৰি , ছৌহদৰ হাবিবন যুৰি ঠিক থাক কৰি মোৰ পঢ়াত অসুবিধা হয় বুলি খৰিখেৰ যোগাই থৈ গৈছিল। 
কেৰাচিন তেল আৰু কিতাপ বহীৰ খৰছৰ বাবে খবৰ কাগজবোৰ গোটাই ঠোঙা বনাই বামুনীমৈদামৰ দোকানত বিক্ৰী কৰিছিলো । সপ্তাহত আকৌ তিনিদিন ৰাতিপুৱাই চানমাৰীৰ পৰা খোজ কাঢ়ি ভঙাগড়ৰ ৰূপনগৰৰ সহপাঠী চন্দ্ৰ শেখৰৰ ঘৰলৈ গৈছিলোঁ । তাতে দিনটো JAT আৰু NERIST অৰ পৰীক্ষাৰ বাবে পঢ়া শুনা কৰি পইছা বচাবলৈ গধুলি পুনৰ খোজ কাঢ়ি ৰূপনগৰ পৰা চিধা ভঙাগড়, ৰাজগড়, চান্দমাৰি আৰু বামুনীমৈদাম হৈ চূনচালী পাইছিলো। এতিয়াও মনত আছে সেই সময়ত ৰূপনগৰৰ পৰা চূনচালীলৈ দুঘন্টা ধৰি গোটেই ৰাস্তা চোৱা কেলকুলাছ, ফিজিক্স আৰু কেমেষ্ট্ৰীৰ সূত্র সমূহ মুখেৰে আওৰাই খোজকাঢ়ি আহি থাকোতে বহুতে বলিয়া বুলি কেনেদৰে ঘুৰি চাইছিল। 

অৱশেষত মোৰ বনবাসৰ মধুৰ সামৰণি ঘটিছিল। মোৰ নিজৰ একান্ত চেষ্টা আৰু অধ্যৱসায়ৰ বাবে মই NERIST Entrance Examination পৰীক্ষাত উত্তীৰ্ণ হৈ মেকানিকেল ইঞ্জিনিয়াৰিঙ পঢ়িবলৈ যাবলৈ সুযোগ পালোঁ। দেউতা বহুত গৌৰাৱাম্বিত হৈছিল। দাদাই আহি মোক টালি টোপোলা সহ চূনচালীৰ পৰা লৈ গৈছিল। 
অৱশেষত নেৰিষ্টৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পুণৰ চাৰিবছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি কৰ্পোৰেট জগতত প্ৰৱেশ কৰিবলৈ সমৰ্থ হ'লো । মা- দেউতা, খুড়া আৰু বিভিন্নজনৰ আশীৰ্বাদ লৈ ইংগাৰচল-ৰেন্ড, জেচিবি, ভল্ভো আৰু বৰ্তমানে কৰ্মৰত কবেল্কো নামৰ জাপানীজ বহুজাতিক কোম্পানীত কাম কৰি বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰাৰ সুযোগ পাইছো। আজি কৰ্ম সূত্রে মণিপুৰলৈ আহি চৰ্টাৰ্ বিমানত বহি এটা কথা অনুধাৱন কৰিছো জীৱনটোক গঢ় দিবলৈ প্ৰয়োজন হয়-
১৷ অনুশাসন 
২৷ অনুশীলন 
৩৷ আস্থা 
৪৷ আগ্ৰহ 
৫৷ অধ্যৱসায়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)