কিতাপ পঢ়াৰ আনন্দ- কুমকুম গগৈ

©Admin
0
এখন কিতাপে এজন ব্যক্তিক জ্ঞান দিয়াৰ লগতে ব্যক্তিজনৰ মনত কিছুমান ভাৱৰ উদ্বেগ ঘটায়। কিতাপ পঢ়িলে দেহ মন ভালে থাকে। বৰ্তমান মানুহৰ মনত এনে এটা ভূল ধাৰণাৰ জন্ম হৈছিল, যিয়ে বাস্তৱমুখী জ্ঞানক মানুহৰ বাবে প্ৰয়োজনহিন কৰি পেলাব পাৰে। মানুহে ভাৱে যে পঢ়া শুনাৰ প্ৰধান উদ্দেশ্য হল পৰীক্ষাত সুফল লাভ কৰি এটা চাকৰি যোগাৰ কৰা। কিন্তু আমাৰ জীৱনত বাস্তৱমুখী শিক্ষা খুবেই প্ৰয়োজন। এই বাস্তৱমুখী জ্ঞান বা শিক্ষা লাভ কৰিবলৈ হলে বিদ্যালয়ৰ কিতাপ পত্ৰ পঢ়াৰ উপৰিও আন কিছমান কিতাপ পত্ৰও পঢ়িব লাগে। কিয়নো সৎ পথত থাকি এটা আদৰ্শবাদী জীবন গঢ়িবৰ বাবে কিতাপ এক গুৰুত্বপূৰ্ণ আহিলা।
         বৰ্তমান প্ৰায় মানুহেই চিনেমা চোৱা, সন্মুখত কম্পিউটাৰটো লৈ বিভিন্ন অনলাইন গেমছ খেলি বা চছিয়েল মিডিয়া আদিত ব্যস্ত হৈ আজৰি সময় পাৰ কৰা দেখা যায়। যিহেতু সময় অতি মূল্যৱান সম্পদ সেইয়ে আমি সকলো বেয়া অভ্যাস ত্যাগ কৰি সময়ক সঠিক মূল্য দি চলা উচিত। এইবোৰ কৰাতকৈ আমি যদি আজৰিপৰত এখন কিতাপ পঢ়ো আৰু তাৰ পৰা বিভিন্ন কথা আয়ত্ব কৰিব পাৰোঁ, তেন্তে সময়ৰ সদব্যৱহাৰ কৰাৰ লগতে আমাৰ লাভো হব। তদুপৰি কিতাপ পঢ়িলে মানুহৰ জ্ঞান বৃদ্ধিৰ লগতে চিন্তাশক্তিৰো বিকাশ ঘটে। বেয়া দিশটো সহজেই আমাৰ আয়ত্বলৈ আহে, কিন্তু সহজে আতৰি নাজায়। সেইয়ে আমি সদায় নিজৰ বিবেকেৰে ভাল আৰু বেয়া দিশটো চালি জাৰি চাই ভাল দিশটো অনুকৰণ কৰিব লাগে। এই ক্ষেত্ৰত কিতাপে আমাক যথেষ্ট সহায় কৰে। আজিৰ যুগত হয়টো খুব কম মানুহেহে কিতাপ পঢ়ে, কিন্তু পঢ়া সকলে বুজে"কিতাপ পঢ়াৰ আনন্দ"কিমান! নপঢ়া সকলে সহজে এই আনন্দক অনুধাৱন কৰিব নোৱাৰে।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)