আঘোণৰ কুঁৱলী‌ - ৰঞ্জু গায়ন বৰুৱা

©Admin
0
আঘোণৰ কুঁৱলী ,
তুমি যে এতিয়া লাজুকী লখিমী
তোমাক আদৰিবৰ বাবে আহিছে বহুতো আলহী ,
আঘোণৰ কুঁৱলীয়ে বাট ভেটি বাৰে বাৰে কৰিছে আমনি একোকে নামানে বুজনি ।

আঘোণৰ কুঁৱলী,
নথকা হ'লে দেখিলোহেঁতেন পকা সোণ-বৰণীয়া ধান আচঁলত লুকাই থকা লিহিৰি লিহিৰি দাৱনিৰ আঙুলি ,
চাওঁ নেচাওঁ কৈ একা-বেকা চাওঁনিৰ দুটি ওঠৰ মিচিকিয়া হাঁহিটি ।

 আঘোণৰ কুঁৱলী'
 সোণ গুটি পথাৰত দেখিছো এজাক দাৱনি মূৰবোৰ ওপৰলৈ তুলিবলৈ নাই যে আহৰি 
অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন আছিল বা: মোৰ মালতী
 জনী ?
 
✍️ৰঞ্জু গায়ন বৰুৱা , নামৰূপ
ফোন নং- ৯৯৫৪১২৬৩৪৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)