সন্ধিয়াৰ অপেক্ষাত - দেৱজিত বৰুৱা

©Admin
0
সূৰ্যাস্তৰ সময় আহিল,
পশ্চিমৰ হেঙুলীয়া বেলিটিৰ আভা বিয়পাই
হেঁপাহৰ আবেলিটি আহিল।

উদিত সূৰুযৰ
কোমল আভাৰ পৰশত
সকলোৰে কল্পনাৰ আকৰ
দিগন্তলৈ ঢাপলি মেলে।

আগন্তুক সুপ্ৰভাতৰ প্ৰতিশ্ৰুতিৰে অমৃতবাণী বিলায় মৰত শুৱনি কৰি, সুগন্ধি বকুল সিঁচি,
অৰুণে মেলানি মাগে
মহাসমুদ্ৰৰ সিপাৰলৈ।

দিনটোৰ ভাগৰে আৱৰি ধৰা
ক্লান্ত দেহাটিৰে, আকাশী পথেৰে, চৰাইবোৰৰ উভতনি যাত্ৰাৰ শৃংখলিত শব্দ শুনা যায়।

পাৰিশ্ৰমিক দিনটোৰ অন্তত
বিষন্নতাৰ পোছাকযোৰ খুলি
সকলো বিষাদ অৱসাদ আতঁৰাবলৈ শ্ৰমিক,কৰ্মচাৰী সকলোৱে আশাৰে চাই ৰয় সন্ধিয়ালৈ।

 গাঁৱৰ বাহনি ডৰাৰ মাজে- মাজে গো-বাটটোৰে গৰখীয়াই
গৰুজাকক লৈ, ঘৰমূখী হয় সকলোটি।
সন্ধিয়াৰ মন্দিৰৰ ডবা, বৰকাহৰ ধ্বনিৰে মুখৰিত হয় আকাশ-বতাহ। 

গধূলিৰ উকা নিসংগতাতো
সকলো আশাবাদী আগন্তুক পুৱাৰ নীলগভীৰ সাগৰৰ মাজত মানিক বুটলিবলৈ।

সকলো ব্যস্ত আজি
আহৰি নাই কাৰো
সোণসেৰীয়া সন্ধিয়াও
ক্ষন্তেক অনুভৱী হোৱাৰ মন ।


এনেদৰেই আহে সন্ধিয়া ,
সন্ধিয়া সচাঁই প্ৰাণৱন্ত
সন্ধিয়াই সকলোৰে ক্লান্ত, বিষাদ, অৱসাদ আতঁৰাই কোলাত লৈ আহে
কেৱল প্ৰশান্তি
মাথোঁ প্ৰশান্তি....।

✍️দেৱজিত বৰুৱা
দ্বাদশ শ্ৰেণী
শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)