মানৱ জাতি সজাগ হ'বৰ হ'ল -মিন্টু গোৱলা

©Admin
0
বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি মনত বাৰে বাৰে প্ৰশ্ন উঠিছে । মানৱজাতি সঁচাকৈ জীৱশ্ৰেষ্ঠ নে ? ইয়াৰ উত্তৰত হয়তো বহুতেই ক'ব নিশ্চয় জীৱশ্ৰেষ্ঠ । কিন্তু জীৱশ্ৰেষ্ঠ হৈ আমি কিয় ইমান প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছোঁ ? জীৱশ্ৰেষ্ঠ হিচাবে আমি আমাৰ দায়িত্ববোৰ কিয় পালন কৰিব পৰা নাই ? এই পৃথিৱীত মানৱ জাতি বা জীৱশ্ৰেষ্ঠ হিচাবে জীয়াই থাকিব বিচাৰিলে , আমি আমাৰ অকল নিজৰ কথাবোৰ ওপৰত গুৰুত্ব দিলে নহ'ব ।আমি আমাৰ পৰিৱেশ আৰু প্ৰকৃতিৰ ওপৰতো অলপ নজৰ দিয়া আমাৰ কৰ্তব্য। কাৰণ প্ৰকৃতিৰ বাবে আমি জীয়াই আছোঁ। প্ৰকৃতি নহ'লে আমি এই পৃথিৱীত জীয়াই থকা টান । প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিলে আমাৰ ক্ষয়-ক্ষতি হয়, কিন্তু আমি বুজি নাপাওঁ কিয় ?তেনেদৰে আমি আমাৰ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিলে  ,  এটা সময়ত পৃথিৱীত অক্সিজেন শেষ হ'ব, আৰু আমাৰ মানৱ সভ্যতা ধ্বংস হ'ব ।যিদৰে এই পৃথিৱীৰ পৰা ডাইনেশ্বৰ শেষ হৈ গ'ল , ঠিক তেনেদৰে আমিও শেষ হয় যাম। আমি প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ বাবে আমি আজিও বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব লগা হয় । বৰ্তমান অৱস্থাৰ কথা ক'বলৈ গ'লে , গছ -গছনি কম হোৱাৰ বাবে গৰমত অধিক গৰম হোৱা দেখা যায় ।ঠাণ্ডাত অধিক ঠাণ্ডা হোৱা পৰিলক্ষিত হয়।কাৰণ প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ বলি হ'ব লগা হৈছে আজিৰ মানৱ সভ্যতা ।
বৰ্তমান প্ৰকৃতিৰ পৰিস্থিতিৰ ওপৰত ক'বলৈ গ'লে ,
আবতৰীয়া ভাৱে কিছুমান ঠাইত অধিক ঠাণ্ডা হোৱা দেখা গৈছে।পানী বৰফ হৈ পৃথিৱীত পৰিছে ।এই লক্ষণবোৰে কৈ যায় মানৱ সভ্যতা আৰু বেছি দিন নাই শেষ হ'বলৈ ।সকলো আমাৰ ভুলৰ বাবে আমিও এদিন এই পৃথিৱীৰ পৰা নাইকিয়া হʼম ।আমি সজাগ হ'বৰ হ'ল আৰু প্ৰকৃতিক সংৰক্ষণ কৰি ৰখাৰ দায়িত্ব আমাৰ । বৰ্তমান প্ৰকৃতিৰ পৰিস্থিতি বৰ জটিল হৈ উঠিছে।
কোনো দিন নোহোৱা ঘটনা আজি শুনিবলৈ পাইছোঁ।বৰফ পৰাৰ কথা শুনিছোঁ আৰু দেখিছোঁ। কিন্তু গোটেই অঞ্চলত বৰফ পৰি শুভ্ৰ হোৱা শুনা বা দেখা  নাই ।যেন বৰ্তমান প্ৰকৃতিৰ পৰিস্থিতি ইমানেই বেয়ালৈ গৈছে,অসমখনো কাশ্মীৰত পৰিণত হৈছে ।এয়া আমাৰ ভুলৰ বাবে মৰাণত হঠাৎ কাশ্মীৰৰ দৰে পৰিস্থিতি হ'ব লগা হৈছে।এই পৰিস্থিতিয়ে মানৱজাতিৰ ওপৰত ভাবুকি আনিছে ।
বৰ্তমান মানৱজাতিৰ অন্তিম সময় আহি পৰিছে ।আমি যদি সজাগ নহওঁ , তেন্তে এই পৃথিৱীৰ পৰা আমিও লুপ্ত হৈ যাম।
    আমাৰ ওপৰলৈ ভাবুকি আহি পৰিছে ।আমি সজাগ হওঁ আহক । প্ৰকৃতিক সংৰক্ষণ কৰোঁ, গছ- গছনি ৰোপন কৰোঁ, প্ৰকৃতিক সেউজীয়া কৰি তুলো। তেতিয়াহে আমাৰ সপোনবোৰ সেউজীয়া হৈ থাকিব ।
===============================

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)