তুমি পাষাণ প্ৰতিমা নহয় -অনন্ত কুমাৰ ভূঞা

©Admin
0
কাঁচৰ দৰে ঠুনুকা নহয় 
মোৰ প্ৰণয় 
মায়াবী স্বপ্নই চুব নোৱাৰে 
সাগৰ সদৃশ মোৰ মনৰ গভীৰতা ।

তুমি নোহোৱা পাষাণ প্ৰতিমা 
জগাবলৈ ভয় লাগে 
কাৰণ !
সাৰ পালে যৌৱন জাগিব তোমাৰ।

মই বাসনা পুহি ৰখা নাই 
অভিসাৰত লিপ্ত হোৱাৰ
হেঁ‌পাহ মোৰ নাই ।

প্ৰতাৰণা এক অভিলাষ নহয়   
বশীকৰণ মন্ত্ৰ মাতি 
চলনা কৰিব নোৱাৰা মোক।

দুগ্ধ পবিত্ৰ মোৰ প্ৰণয়
মৰম পুহিছোঁ‌ সেউজীয়া বুকুত।

অতিৰঞ্জিত অভিনয় কৰি 
তাজমহল সাজিবলৈ 
সঘনাই তাগিদা নিদিবা মোক ।

বাঁ‌হীৰ কোমল সুৰত 
প্ৰণয় জাগে 
কুলিৰ মাতত বসন্ত আহে 
কুঁ‌হিপাতে অনুভৱ জগায়।

বিহ ঢালি নষ্ট নকৰিবা 
প্ৰশান্ত সাগৰ যেন গভীৰ প্ৰণয় ।

মই চিত্ৰত খোদিত 
মদন কামদেৱ নহয়
মোক বিচাৰি নাপাবা তাত।

স্পন্দিত প্ৰাণ মোৰ 
অনুভৱ কোমল 
কল্পনাত বিচৰা নাই 
কামনা তোমাৰ ।

তুমি অজন্তা আৰু ইলোৰা গুহাত
শুই থকা পাষাণ প্ৰতিমা নহয়।

তোমাক চুই দিলে  
কামনাৰ জুয়ে পুৰিব মোক
তোমাৰ যৌৱন সাৰ পাই আছে।

উন্মাদ দৃশ্যত বন্দী কৰি 
লেতেৰা নকৰিবা মোক ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)