নদী - ৰিংকুমণি বড়া

©Admin
0
শীৰ্ণকায় দেহাটো লৈ নৈখন বৈ আছিল
খৰাং বুকুত কাহানিও বব নজনা 
অলেখ কথা ! 
নাৱৰীয়াৰ বুকুৰ বেথা
চকুপানী হৈ উজাই যোৱাৰ দিনা
নৈখনে কান্দিছিল
একাজঁলি দুখে তাইৰ বুকুত গোঁজ লৈছিল। 
আকাশৰ অভিমান ভাঙি
মেঘ নমাই অনাৰ প্ৰতিশ্ৰুতিৰে
ৰ'দজাকেও তাইক ঠগিছিল ! 
তথাপি নৈখন বৈ আছিল
শুকান বুকুখনেৰে মৰি মৰি জী আছিল , 
অৰণ্যখনৰ লঠঙা উচুপনিবোৰ বুকুত বান্ধি 
নদীখন বৈ আছিল ।

✍️ৰিংকুমণি বড়া, ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)