তৃষ্ণা-কুমকুম গগৈ

©Admin
0
মোক এখন নদী লাগে,
যাৰ বুকুৱেদি প্ৰবাহিত হব
জীবনানন্দৰ পবিত্ৰ সোঁত।
এই সোঁতত মেলি দিম আমাৰ নাওঁ;
তৰি দিম বৰ্ণহীন মৰমৰ শুকুলা পাল।
নদীৰ ঢৌৰ লহৰে লহৰে
গাই যাম মানৱতাৰ গান;
লগতে চাই যাম নদীখনৰ দুটি পাৰ,
দুখন হৃদয় উপত্যকাত গজি উঠা 
শৰতৰ শুভ্ৰ বাসনা কঁহুৱা।
দুয়োয়ে দুকাণ উনাই শুনিবলৈ চেষ্টা কৰিম
পৰস্পৰৰ হৃদয়ৰ বাৰ্তা।
ভাগৰ লাগিলে পাৰলৈ চাপি আহি
হেঁপাহেৰে আজলি ভৰাই পানী খাম,
আৰু দূৰ কৰিম মনৰ তৃষ্ণা।
মোক এখন ভাল পোৱাৰ নদী লাগে,
মই যে তৃষ্ণাতুৰ।


মোক এজাক বৰষুণ লাগে,
এজাক ভাল পোৱাৰ বৰষুণ।
যিজাক বৰষুণে মেঘবোৰ গলাই নামি আহিব,
ফৰকাল কৰিব মোৰ মন আকাশ।
বৰষুণ জাকে জীপাল কৰি তুলিব
মোৰ হৃদয়ৰ মধুুময় উপবন।
হৃদয়ত তুলিব মৃদু মধুৰ মলয়াৰ
মন প্ৰাণ নিনাদিত কৰি তোলা সুৰৰ ঝংকাৰ।
বৰষুণ জাকেই মোৰ হৃদয় উপবনৰ
কেঁচা মাটিক সগৰ্ভা কৰি তুলিব;
লহপহকৈ বাঢ়ি আহিব এটি সৃষ্টিৰ ভ্ৰূণ,
পুৰাব মোৰ মনৰ তৃষ্ণা।
মোক এজাক ভাল পোৱাৰ বৰষুণ লাগে; মই যে তৃষ্ণাতুৰ।

(বিঃদ্ৰঃ নাজানো কোনে আহি পুৰাব , কেনেকৈ পুৰাব মোৰ মনৰ তৃষ্ণা... কিন্তু তেঁওৰ বাবে হৃদয়ৰ সমস্ত আকুলতা লৈ পৰম আগ্ৰহেৰে ৰৈ থাকিম মই)



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)