তৰাবোৰৰ মাজত কোনটো
উজ্জ্বল তৰা বিচাৰি চাম
চকুলো লুকুৱাই তোমাক
বুকুত হাত থৈ অনুভৱ কৰিবলৈ।
অযথা প্ৰয়াস কৰা মোৰ
অভিমানী হিয়াৰ উচুপনি
কেৱল মাথোঁ তোমাৰ বাবে
সন্ধানী চকুহালো যে তোমাক
চোৱাৰ আপাহতে ঘূৰি থাকে।
আজি তোমালৈ অভিমান নকৰোঁ
আক্ষেপো নাৰাখো দেউতা
যতেই আছা ভালকৈ থাকিবা।
✍️দিপশিখা ৰাজকোঁৱৰ!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ