সম্পাদকীয় - ৪ৰ্থ বৰ্ষ প্ৰথম সংখ্যা

Rinku Rajowar
0
লীন গ'ল ২০২২...
        
        "পুৰণিক বিদায় আৰু নতুনক আদৰণিৰ পৰম্পৰা মহাজাগতিক ।" এই মহাজাগতিক পৰম্পৰাৰ ওচৰত বশ্যতা স্বীকাৰ কৰিয়েই আমি পুৰণি বৰ্ষ ২০২২ ক বিদায় দি এয়া আদৰিছোঁ ইংৰাজী নৱবৰ্ষ ২০২৩ ক । আশাৰ কাঁচিয়লী ৰ'দচেৰেঙাই ভিটামিনৰ যোগান ধৰিলে নৱবৰ্ষৰ শুভকামনা অমূলক নহয় । গতিশীল সময়ৰ পাকচক্ৰই কাৰোৰে ইচ্ছা-অনিচ্ছাক নিদিয়ে প্ৰশ্ৰয় । কি এক ধৰণ কিম্বা পদ্ধতিত পৰিৱৰ্তনৰ চকৰী ঘূৰি আছে নিৰন্তৰে !‌ এনেদৰেই পোৱা-নোপোৱাৰ হৰ্ষ-বিষাদক স্মৃতিৰ চোলা পিন্ধাই লীন গ'ল ২০২২ ।

নতুন দিনৰ প্ৰত্যাশা...
        
        "পূৰ্বতকৈ নিজক উত্তৰণ কৰাৰ সোপান হিচাপে  আমি নতুন বছৰত নতুন চিন্তা আৰু কামেৰে নিজক সমৃদ্ধ কৰিব লাগিব ।" নতুনৰ আৰম্ভণি মানেই যেন উৎসাহ-উদ্দীপনাৰ সমাহাৰেৰে খোজ দিয়াৰ পণ , আত্মানুসন্ধানৰ পীড়াই দহি নিয়া জীৱনক অভিনৱ দৃষ্টিৰে চোৱাৰ ক্ষণ । নতুন বছৰে সকলোৰে অন্তৰৰ নিভৃত কোণৰ হাঁহিটি নিগৰাওক । নতুন বছৰে সততা আৰু একতাৰে সুঁতি চিনি ভেঁটি ৰাখিবলৈ শকতি বঢ়াওক । মুঠতে ভালে থাকি , ভালে ৰখাৰ প্ৰাৰ্থনাত মুখৰ হওক চৌপাশ । আমিও সহৃদয় পাঠক সমাজৰ ওপৰত ৰাখিলো দিহা-পৰামৰ্শৰ আশ্বাস । 

এনে নতুন দিনৰ প্ৰত্যাশাৰেই ফচল 'অসমীয়া সাহিত্যৰ চানেকি'...
         
        ২০২০ চনৰ পহিলা জানুৱাৰীত তিনিজন উদ্যমী যুৱকৰ আশাশুধীয়া প্ৰচেষ্টাত জন্ম লাভ কৰা অসমৰ প্ৰথমখন দৈনিক ই আলোচনী 'অসমীয়া সাহিত্যৰ চানেকি'য়ে আজি গৰকিলে তিনিটা বছৰ । তৃতীয় বৰ্ষপূৰ্তিৰ এই শুভ ক্ষণত লেখক - পঢ়ুৱৈ সমন্বিতে শ্ৰদ্ধাসূলভ অভিনন্দন যাঁচিছো সেইসকললৈ , যিসকলৰ নিৰংকুশ প্ৰয়াসে বৰ্তমান পৰ্যন্ত আমাৰ মৰমৰ আলোচনীখনৰ ধাৰাবাহিকতা ৰক্ষাত অৰিহণা যোগালে । অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা , প্ৰচাৰ আৰু প্ৰসাৰত বিন্দুমাত্ৰ সহযোগিতা আগবঢ়াবলৈ মুখ্য সম্পাদকৰ নেতৃত্বত অঃসাঃচাঃ পৰিয়ালবৰ্গই কৰা প্ৰচেষ্টা যথাৰ্থতে সৰ্বাংগসুন্দৰ হওক । লেখক-পঢ়ুৱৈৰ মাজত যোগসূত্ৰ স্থাপনেৰে এই জয়যাত্ৰা অব্যাহত ৰাখিব পৰাকৈ নেদেখাজনে সদৌটিকে কুশলে ৰাখক । বিগত বছৰকেইটাত আলোচনীখনৰ বিভিন্ন দিশত অজানিতে ৰৈ যোৱা ভুল-ত্ৰুটি শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ আমি সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰাৰ প্ৰতিশ্ৰুতিৰে...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)