সাঁকো বন্ধু -তেজ বাহাদুৰ ছেত্ৰী

©Admin
0
এইখন দৃশ্যই কি কয় শুনি লওঁ থিয় হৈ।
নজনা নুশুনা ভাও নুজুৰিবা কাষত ৰৈ।
উপলব্ধি পৰিত্যক্তৰ,অনুশোচনা ঘনীভূত।
উপকাৰীৰ এই দশা, কালচক্ৰত বশীভূত।
আজি নাই সেইদিনৰ মিত্ৰ, নাই ভাই ককাই ।
অৰ্ধভগ্ন দেহৰ ব্যথিত মন কান্দে হুকহুকাই।
ভৰযৌৱনত পূৰ্ণকাৰ্যক্ষম ,কৰিছিল সৱে ব্যবহাৰ।
ভৰবাৰিষাত পূৰ্ণভৰষাৰে হৈছিল ইপাৰ সিপাৰ ।
অনেক জনৰ সংকটত দৈনিক সহায় কৰিছিল।
আজি হল একাষৰীয়া মোক চাই কান্দিছিল ।
স্বাৰ্থসিদ্ধি মানস যাৰ কৰে অনেক আওকান।
সৰ্বমঙ্গলৰ ভৱনাই উপকাৰ কৰে মৰনপন 
অশুশীয়া দেহত নাই যৌৱনৰ তজবজীয়া বল নিষ্কাম দেখি কৃতঘগ্ন জনে নকৰে পোহপাল ।
দহৰ বাবে দিনে ৰাতি নিৰৱে কৰিছিল কাম।
ইয়াৰ বাবে আজি কোনোবাই দিবনে নিদান ?

✍️তেজ বাহাদুৰ ছেত্ৰী,
ধনশিৰী,মাজবাট,
জিলা,ওদালগুৰি


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)