নিষিদ্ধ কামনা-অনন্ত কুমাৰ ভূঞা

©Admin
0
সুগন্ধি সুবাস হেৰুৱাই
অতৃপ্ত বাসনাত ভুঞ্জিছোঁ‌ নিকাৰ
দুৰ্গন্ধৰ গোন্ধ কৰিছোঁ স্বীকাৰ 
নিষিদ্ধ কামনাত অনুৰক্ত 
সিদ্ধি লাভৰ স্বাৰ্থত অসুস্থ ভাবনা
উদিত সূৰ্য্যক ডাৱৰে জন্মাইছে ব্যাঘাত
সন্ধ্যা ৰজনী গন্ধাৰ গোন্ধ 
আজি নাইকিয়া হ'ল ।
শিল্পীৰ নিখুঁত সৃষ্টি নষ্ট হৈছে 
দুষিত পৰিবেশত লেটিপেটি হৈ
কামনাৰ উৎস খুচৰি 
অশ্লীল মজিয়াত কৰে খদমদম 
ঢলি পৰিলে চেকা লাগিব 
উন্মাদ স্বভাৱে কলংকৰ বোজা সানিব ।
জন্ম যদি অশ্লীল
তেন্তে নগ্নতাও নিষিদ্ধ কামনাৰ উদ্গিৰণ
এইয়া যে সদিচ্ছাৰ অনুৰণন 
আমি কোনেও নাজানোঁ‌ 
নৰকৰ ঠাই কিমান লেতেৰা 
গৰ্হিত কামত কিয় পূণ্য বিচাৰোঁ
স্বৰ্গ সুখৰ আশাত বিহ্বল হিয়া ।
মৌপিয়া চৰাইয়ে মৌ চুহি খাই 
মাছোৰোকাই থপিয়াই মাছ
বাঘৰো আছে এখনি স্বাৰ্থপৰ হৃদয়
নিৰ্দয় ভাবনা সততে উদয় 
এইয়া জানো নিষিদ্ধ কামনাৰ স্বৰূপ ! 
সজাগ চেতনা পমি গলে 
বিৰহত জহিখহি যায় জ্ঞানৰ ভড়াল
ৰজাই কাঢ়ে জনতাৰ সম্পদ
ৰখীয়া হৈ ৰাজবিষয়াই উদৰ পুৰায়
নিষিদ্ধ কামনাত অনুৰক্ত সদায়
বেজৰ নাকত খৰে খায়
নৈৰাজ্য দিশেৰে বাস্তৱ আগুৱাই ।
তেজাল ডেকাৰ ভেজাল কাৰ্য 
সস্তীয়া লালসাৰ অভিসন্ধিত বন্দী মন
নিষিদ্ধ কামনাই খোপনি পোতে
বিলুপ্তি ঘটে সাধনাৰ বৰঘৰ
জলকীয়াৰ জাল কোনেও নাজানে
সোৱাদ ললেহে তৃপ্তি লভে ।
বন্দীত্বৰ সোৱাদ কিমান বিষাদ
অনুশোচনাত নিদ্ৰা হৰে
ধৰ্ষণত ওপজে বিভৎস আশা
ক্ষণিক উন্মাদনাত নিষিদ্ধ উদাৰতা 
কামনাত সঘনে জাহ যায় মন ।
ধৰ্ষণ আৰু নিচাসক্তৰ দুৰ্নাম কিমান
আৰক্ষীৰ ডায়েৰীত পাব পাৰি উমান  
বিভৎস বিলাসৰ এইবোৰ অস্থিৰ উল্লাস ।
অভিলাষ আছে দুধৰ্ষ ডকাইতৰ 
অস্ত্ৰৰ খোঁ‌চত তেজ নিগৰিলেও
অনুতপ্ত নহয় উতপ্ত হৃদয় ।
নিষিদ্ধ কামনাত বিষাক্ত চেতনা
উদণ্ড অবাধ্য অসভ্য ভাষ্য স্খলিত মনৰ
এইয়া অধঃপতনৰ সচিত্ৰ চৰিত্ৰ 
দুৰন্ত কামনাত বিৰক্ত সমাজ
নিষিদ্ধ কামনাই বিশৃংখল কঢ়িয়াই
জুইয়ে পোৰা ঠাইবোৰ 
বখলা বখলে উখহে
বিষত কোঙা হৈ শেতেলিত বাগৰে
নিষিদ্ধ কামনা শেষ হ'লে
পোহৰ যাত্ৰা পথৰ সাৰথি হৈ ৰ'ব 
আকাশে যদি আশ্ৰয় নিদিয়ে 
জিলমিল তৰা নিঃসংগ হৈ পৰিব ।


✍️অনন্ত কুমাৰ ভূঞা,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)