অঘৰী জীৱন - ৰজনী কুমাৰ ডেকা

©Admin
0
আজি মোৰ বুকুখন বৰকৈ বিষাইছে ,
হয়, বৰকৈ বিষাইছে হৃদয়খন ৷
এটি কৰুণ দৃশ্যই মোৰ
আৱেগক বৰকৈ কন্দুৱাইছে ,
সঁচাকৈয়ে কাৰোবাৰ জীৱনটো
এক চিয়াঁহী বিহীন কলম,
যি আখৰৰ কোনো ৰং নাই ৷
জীৱনৰ আদিপুৱাতে ভুলনো 
আছিল কি সিহঁতৰ ?
যিহৰ বাবে আজি এনে দশা হল ৷
কেতিয়াবা ৰে'লৰ প্লেটফৰ্মত,
কেতিয়াবা পকীকালভাৰৰ তলত,
কেতিয়াবা বিপণিৰ বাৰাণ্ডাত
আৰু অন্যান্য ৷
এখাজ অন্নৰ বাবে সিহঁত যেন
কৰ্মৰ অনন্যা ৷
দিনৰ পিছত দিন বাগৰে
তথাপিতো অভাৱে যেন 
সিহঁতৰ সংগ নেৰে ৷
মুক্ত আকাশৰ তলত সিহঁত যেন
চিৰ মুক্ত মনৰ অধিকাৰী ৷
নাই কোনো লোভ, নাই কোনো ক্ষোভ ,
মাথোঁ বিচাৰি ফুৰে ৰে'লৰ 
ইটো ডবাৰ পিচত সিটো ডবাৰ
পেলনীয়া আৱৰ্জনা বোৰ ৷
এটকাৰ পিচত আন এটকালৈ
হাত মেলে ,
আহৰি নাই যেন তাত গৰ্ভৱতী মাতৃৰো ৷
নিয়তিৰ কিনো বিনোদন
কাৰোবাৰ জীৱনৰ শিৰত উঠে
ৰাজমুকুট ,
আকৌ কাৰোবাৰ জীৱনৰ
মূৰত উঠে ভগাবস্তুৰ ভাৰ খন ৷

✍️ৰজনী কুমাৰ ডেকা
                  ৰঙিয়া ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)