মাছ - ধীৰাজ গোস্বামী

©Admin
0
                                 
'হেল্ল' ছাৰ ... বজাৰলৈ আহিব নেকি?'         
        আজি উৰুকা ।দিনটো বজাৰে বজাৰে ফুৰি বেয়া নালাগে ।কিন্তু, ফুৰি থাকিলে জানো ভোগালী বিহু হ'ব ?ভোগালী বিহুটো সভা, ৰাস বা পূজা নহয় যে কাৰোবাৰ পিছে পিছে বা কাৰোবাক লগ পোৱাৰ প্ৰবল ইচ্ছাই পাহৰাব পাৰিব দুভৰিৰ বেদনা।লৈ যাব পাৰিব চকু দুটাক ভিৰৰ মাজত ভিৰ ফালি, কাৰোবাৰ দুই কান্ধৰ মাজৰ ফাঁকেৰে কাৰোবাৰ চকুলৈ,কাৰোবাৰ বুকুলৈ,কেতিয়াবা চেম্পু কোম্পানীবোৰে দাবী কৰা ষ্ট্ৰেইট চুলিকোচালৈ নে পাহৰাব পাৰিব ঘপককৈ ঘুৰি চোৱা ঘামৰ গোন্ধৰ মাজত উৰি অহা যৌৱনৰ সেই চিনাকি গোন্ধৰ উৎস বিচৰাতে পোৱা গলৰ শিকা ল'ৰাৰ বেদনা।বজাৰখন ভোকৰ ভোগালী নহৈ প্ৰেমৰ ভোগালী হ'লে হয়তো ময়ো দৌৰ দিলোঁহেঁতেন ...।কথাখিনি দেবেন 
মাষ্টৰে মনতে ভাবিলে ।
    ' মই নাযাও দিয়া ।'
কথাষাৰ কোৱাৰ লগে লগে সিফালৰ পৰা ক'লে--'ছাৰ আপোনালোকে স্কুলত ছাত্ৰ ছাত্ৰীক পাঠ্যপুথিৰ কথা শিকাবহে জানে বাকী বহু কথাই নাজানে।সেইকাৰণে মাষ্টৰ মানুহৰ সমস্যাৰ শেষ নাই আৰু চৰকাৰেও আপোনালোকৰ সমস্যা সমাধান নকৰে।যি খৰচ কৰিব নাজানে তেওঁলোকক বেছিকৈ পইচা দি কি লাভ ?শুনক ছাৰ, ৰাতিপুৱা আপুনি প্ৰতি কিল'ত ১০০০ টকাকৈ কিনা মাছ এতিয়া ২০০ টকাত ।ধনী ধনী মানুহে গাড়ীৰ গ্লাছ নমাই বেপাৰীক চাৰি পাঁচ কিলোৰ মাছ ডিকিত ভৰাই দিব দিছে।অ' ছাৰ, কাইলৈ ৰাতিপুৱাই বজাৰলৈ আহিব- দৈ ,গুৰ নিবলৈ।ৰাতিপুৱা ভাল পাব দিয়ক ।আপোনাকনো কি ক'ম !বোধহয় কাৰোবাক আগতীয়াকৈ কৈয়ে থৈছে ।হ'ব দিয়ক মাহৰ শেষত কিবা অসুবিধা হ'লে ৩% হাৰত পাই যাব ।চাকৰি কৰা মানুহ।'
      নৱ প্ৰজন্মৰ উৎপতীয়া ল'ৰাটোৰ কথাকেইটাই দেবেন মাষ্টৰক বহু কথাই শিকাই গ'ল।কথাখিনি পেলাই দিব নোৱাৰি কিয়নো ল'ৰাজন উৎপতীয়া হ'লেওঁ 
মাষ্টৰৰ শুভাকাংক্ষী।
         'হেৰা শুনিছানে ,বজাৰত হেনো মাছৰ দাম কমিছে।ধনী ধনী মানুহে ডাঙৰ মাছ কিনিছে।আমিহে দাম ভৰি মৰিলোঁ।'
কথাখিনি কৈ মাষ্টৰে পাকঘৰত কাম কৰি থকা ঘৈনীয়েকৰ ওচৰ পালে।
        'হেৰি, দামৰ অংক কৰিব নালাগে দিয়ক ।পাৰিলে ল'ৰা ছোৱালী দুটাক অলপ কিতাপৰ অংক শিকাব।যি আনিছে সেইখিনিৰ একাংশ দিনৰ ভাগত মিলা- প্ৰীতিৰে সকলোৰে পেটত পৰিছে । বাকীখিনিৰে সোনকালে ৰাতিৰ সাজ ৰান্ধি খালে হ'ল।নহ'লে বিশেষ কাম নাই যদি মোকে আলু, পিয়াজ কাটি অকণ সহায় কৰি দিয়ক।'
        'হেৰা ৰ'বাহে, তোমালোক মহিলাসকলে উৎসৱ আহিলেই পাকখন আমাক উপহাৰ দিব খোজা ।অলপ পলম হ'লেও কথা নাই দিয়া ।মোৰ কিছু জৰুৰী কাম আছে ৰ'বা ।'
সেইবুলি দেবেন মাষ্টৰে মোবাইলটো হাতত লৈ টি.ভি টোৰ ওচৰলৈ গ'ল।
     'দেতা আমাৰ বহুত পইচা ন।তুমি মাষ্টৰ ন ,চাকৰি কৰা ।সেইকাৰণে তুমি আমাক নতুন নতুন বস্তু দিয়া ,ধূম মাছ আনা।ডাঙৰ হ'লে ময়ো চাকৰি কৰিম।আমাৰ আৰু বহুত পইচা হ'ব।ছোৱালীজনীৰ মুখৰ কথা কেইটা কি যে মধুৰ।তাইৰ ভাবনা আৰু মুখৰ কথাই দেবেন মাষ্টৰৰ পৰিয়ালটোৰ ভোক ,পিয়াহ দূৰ কৰে।
      মাষ্টৰে ভাবিলে মই নামতহে মাষ্টৰ।সমাজখন বৰ জ্ঞানী।শিকোৱাৰ গৌৰৱত জীৱনত বহু কথা শিকাই নহ'ল।স্কুলৰ ছবিখন মাষ্টৰৰ চকুৰ আগত ভাঁহি উঠিল।অতীতৰ পৰা ভাল নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকল ধনী হৈছে।এসময়ত তেওঁলোকক মই শিকাইছিলোঁ।হয়, তেওঁলোক জ্ঞানী ।পৰিৱৰ্তিত সমাজত মিলিব পৰা জ্ঞান ,বুদ্ধি তেওঁলোকৰ জন্মগত ।আৰু শেষৰ ফালে বহা ,সেই যে মাহাজনৰ ল'ৰা, যি জীৱনত গণিতত কোনোদিনে পাছ কৰা নম্বৰ নাপালে, সি এতিয়া ৩%হাৰত পইচা সূতত ধাৰলৈ দিয়ে।নগৰত মাটি কিনা-বেছা কৰে।সিয়ো এতিয়া অট্টালিকা আৰু গাড়ীৰ মালিক।সিয়ো জানিছে পৰিৱৰ্তিত সমাজত খাপ খাই ধনী হোৱাৰ কৌশল।সকলোৰে জ্ঞান হৈছে। চাদৰ ওপৰত চাদ সজাবলৈ কি কৰিব লাগে সেয়া শিকিছে ।জ্ঞান হৈছে কাৰ লগত কেনে কথা ক'ব লাগে ?কেতিয়া কি কৰিব লাগে ?নিজকে জনা বুলি ফিতাহি মৰা আমিবোৰহে এতিয়া পাখি গজা পৰুৱা।
         'ছাৰ ,খানা খালেনে ?'বাহিৰত নয়নৰ আপোন সেই চিনাকি কণ্ঠ ।এসময়ৰ মাষ্টৰৰ ক্লাছত মাজৰ বেঞ্চত বহা প্ৰিয় ছাত্ৰ নয়ন, এতিয়া টেটৰ মাষ্টৰ মাত্ৰ।চাকৰি পাই নতুনকৈ সমাজৰ হৈ কাম কৰাৰ চখ হৈছে । নৈতিকতাক উৰ্ধত ৰাখি কাম কৰাৰ প্ৰবল ইচ্ছা।এসময়ত আজি মই কৰা অনুভৱৰ দৰে বোধহয় সিয়ো কৰিব লাগিব সমাজৰ ময়ে এক জধা মূৰ্খ ।কথাবোৰ ভাবি ভাবি দেবন মাষ্টৰ দুৱাৰখনৰ ফালে আগ বাঢ়ি গ'ল আৰু ক'লে -
'খোৱা নাই ৰ'বা তোমাৰ বাইদেউই খানাৰ যোগাৰ কৰিহে আছে ।নয়ন ,তুমি বাৰু ১০০০টকীয়া মাছ ২০০টকাত অনাৰ কৌশলটো পালানে?'

✍️ধীৰাজ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)