অভিমন্যু - মিন্টু গোৱলা

©Admin
0
বীৰৰ ৰক্তৰে বীৰত্বৰ পুত্ৰ মই অভিমন্যু
সুভদ্ৰাৰ গৰ্ভত জন্মিলোঁ,
গৰ্ভতেই শিকিলোঁ চক্ৰবেহুৰ প্ৰৱেশ 
নিশিকালে চক্ৰবেহুৰ বাহিৰ হোৱা পথ ।
 
পিতৃৰ বীৰত্ব ৰাখিব হেতু যুঁজিলো
কুৰুক্ষেত্ৰৰ যুদ্ধত
অধৰ্ম কৌৰৱে মোক বেৰি বেৰি কৰে অস্ত্ৰাঘাত ।

চক্ৰবেহু সাজি মোক যুদ্ধত নমালে
বেহুৰ ভিতৰে মোক 
সপ্তৰথীয়ে অস্ত্ৰৰে প্ৰহাৰ কৰে ।

ৰক্তৰে ৰঞ্জিত আজি বীৰ অভিমন্যু
নিষ্কৰুণ ভাৱে মোক শৰাঘাত কৰে ,
নিদাৰুণ কৌৰৱৰ হাতে আজি প্ৰাণ যায়।

ক'ত আছা পিতৃ মোৰ আহি দেখা দিয়া ,
তোমাৰ পুত্ৰ আজি ৰক্তৰে প্ৰপ্যাৰ।

ক'ত আছা মামা মোৰ আহি দেখা দিয়া,
দুষ্প্ৰাপ্য কৌৰৱে আজি ভাগিনৰ প্ৰাণ ল'ব।

ক'ত আছা কুন্তী আই এবাৰ আহি চাই যোৱা 
 তোমাৰ নাতি আজি যমৰ ঘৰলৈ যাব ।
 বিনাদোষে আজি‌ দুষ্ট কৌৰৱৰ হাতে মৰণ মিলি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)