মোৰ প্ৰাণৰো প্ৰাণৰ কৃষ্ণচূড়াৰ দেশ।
বিদেশী আধিপত্যৰ পৰা মুক্ত হৈ প্ৰজ্বলিত হোৱা
বীৰ-বীৰঙ্গনাৰ দেশ
এইখন মোৰ দেশ।
তেজৰ শিৰে শিৰে
ৰুষ্ট আজি এই দেশ
জাগ্ৰত নৱপ্ৰজন্মৰ অশ্ৰুৰ বানেৰে
শান্তিক আঁকোৱালি লোৱা মানৱীৰত্নৰ দেশ
স্বাধীনতাৰ যুঁজাৰো 'দেৱানৰ' দেশ।
তেজেৰে তিলক লগোৱা 'কনকলতা'
জাতীয়ত্বৰ তেজ উথলি উঠা 'মূলাগাভৰু' আৰু
অহিংস পূজাৰী গান্ধীৰ দেশ
এইখন সু-বিশাল মোৰ দেশ।
মোৰ দেশৰ প্ৰান্তে প্ৰান্তে বাজিছে আজি
স্বাধীনতাৰ গান , বিজয়ৰ গান
বতাহৰ আঁৰে আঁৰে উৰিছে মাতৃভূমিৰ চন্দ্ৰমা
গৌৰৱৰ তিনি বৰণীয়া জাতীয় পতাকা।
এইখন মোৰ দেশ বিপ্লবী কোঁৱৰৰ দেশ
নৱৰূপী স্বাধীন দেশ
এইখন মোৰ দেশ ।
✍️ জ্যোতিষ্মান চমুৱা
(দ্বাদশ শ্রেণী, ঢকুৱাখনা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ