কিছুমান প্রশ্ন তেনেকৈয়ে থাকি গ'ল-ৰাশীমা চাংমাই

©Admin
0
মনৰ একোণত আজিও ৰৈ গ'ল
কিছুমান প্রশ্ন
যাৰ সমাধান বিচাৰি
আজিও ৰৈ আছো তোমালৈ বুলি!
নাই তোমাৰ কোনো বাতৰি
চিনাকী পৰা অচিনাকী হৈ
গ'লা তুমি আঁতৰি!
মনত হাজাৰ টা প্রশ্ন
কিন্তু তাৰ উত্তৰ কেৱল তুমি
অহা বাটে গুচি গ'লা তুমি
এবাৰো নাভাবিলা মোৰ কথা
বেদনা কি নকৰা তুমি অনুভৱ
বিশ্বাস কি নোৱাৰা তুমি দিব
সেয়ে আজিও তুমি মোৰ বাবে
এক সাঁথৰ হৈ ৰ'লা।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)