মনতটো নপৰে কেতিয়াবা স্তব্ধ হৈ ৰোৱা ক্ষণৰ কথা!!অহৰহ আগুৱাইছোঁ প্ৰত্যাহ্বান নেওঁচি নিৰন্তৰে।। এই যে ক্ষন্তেকৰ বাবে লগ দি আঁতৰি যায় মানুহবোৰ, যাবলৈ দিওঁ আজিকালি!! শিক্ষা লওঁ অকলশৰীয়া সময়বোৰৰ পৰা, নিজক বিচাৰি লওঁ। যি সময় একান্তই মোৰ, যাৰ পৰিধি 'মই'ৰ পৰা 'মোৰ'লৈ।।
সুখী কিমান হওঁ নুসুধাই ভাল; ইয়াৰ বিস্তৃতি কিমান মই বুজাব নোৱাৰি।এআকাশ মৰম উপজে নিজলৈ। মৰম আকলুৱা মইজনী যে এতিয়া শিথিল হৈ পৰিলোঁ। কিমান পৰিচৰ্যাৰে বান্ধি ৰাখিছোঁ মনটোক। উৰিব খোজা মনটোৱে এতিয়া শান্তিৰ সন্ধানৰ বাটলৈ আগুৱাইছে নিজৰ মাজত। মই যেন সলনি হৈছোঁ, থিক সলনি নহয়!!নিজৰ লগত কৰা যুদ্ধখন জিনিছোঁ।
এতিয়া উপভোগৰ সময়।মোৰ সময়খিনি সজীৱ কৰাৰ সময়।
আমিটো হাৰি হাৰিও হাঁহিবলৈ নাপাহৰা মানুহ। কিছু ক্ষণৰ অপেক্ষাই ম্লান পেলাব নোৱাৰে আমাক। আমি যুঁজিম,আমি জিকিম,আমি হৃদয় জিনিম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ