অ' আই
জানা ! মই যে এজনী কন্যা সন্তান..
তুমি মোক নিদিবা জন্ম
নহ'লে ভুগিব লাগিব লাঞ্চনা,
সহিব লাগিব সমাজৰ অত্যাচাৰ।
এই নিষ্ঠুৰ সমাজৰ অমানৱে নুবুজিব
তোমাৰ মাতৃত্ববোধ !
সিহঁতৰ মানত মই যেন
তোমাৰ বাবে এক অভিশাপ।
তুমিতো মাতৃ, জন্মদাত্রী
তোমাৰ বাবে মই তোমাৰ হিয়াৰ আমঠু।
কিন্তু সমাজক কেনেকৈ বুজাবা অ' আই ,
কেনেকৈ সলনি কৰিবা মানুহৰ মানসিকতা।
নোৱাৰিবা অ' তুমি
কাৰণ , অবুজ এই সমাজ।
মই নিবিচাৰো হ'ব তোমাৰ অশ্ৰুৰ কাৰণ !
সেয়ে আকৌ কৈছো মোক জন্ম নিদিবা অ' আই।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ