তোমাক ৰাখিছোঁ।
তোমাক লৈ নিভাঁজ প্ৰেমৰ মালা গাঁথিছো
হৃদয় কেনভাচৰ ৰঙবিহীন কোঠালীৰ,
তোমাৰ প্ৰিয় ৰঙেৰে ৰামধেনু আকিছোঁ।
কেতিয়াবা মন যায় জানা? তোমাৰ উদাস মনটোত
এছাতি প্ৰেমৰ ৰং সিঁচি দিবলৈ ।
কিন্তু, ভয় লাগে জানা?
যদি বিষাদৰ বৰষুণ নামি ধুই নিয়ে ৰঙবোৰ।
তথাপিও, নিশাৰ মৌনতাৰ মাজত দুচকু জপালে
তোমাৰ প্ৰতিচ্ছবি ভাহি আহে।
তেতিয়া প্ৰশ্ন হয় মই বাৰু তোমাৰ প্ৰেমত পৰিছোঁ নেকি ?
আকৌ , নাই নহয় মোৰ ভ্ৰম হৈছে বুলি মনক সান্ত্বনা দিওঁ।
তথাপিও অবুজন মোৰ কৌতুহলী মনটোৱে ভাৱে
তোমাৰো বাৰু মোৰ দৰে দুচকু জপালে
মোৰ প্ৰতিচ্ছবি ভাহি আহে নেকি বাৰু ?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ