নিয়তিৰ বাণীত
তুমি আজি ম্লান হʼলা।
কাব্যৰ শলিতাৰে
কত চাকি জ্বলা
কত চিয়াঁহীৰে বিয়পালা
কত নৱ নৱ কাব্য ।
কাব্যৰ চিয়াঁহীৰে নিজৰ পৰিচয় দিলা,
ককা নীলমণি বুলি ।
কত জনৰ মনত কত সাঁচ বহুৱালা
প্ৰেৰণাৰ এটি গোলাপ হৈ !
হঠাৎ নিস্তব্ধ হ'ল
তোমাৰ চিয়াঁহীৰে বাগৰা বহিখন
ম্লান হ'ল সাহিত্য জগতখন ;
দুখত ম্ৰিয়মাণ হ'ল ,
সকলো সাহিত্যানুৰাগী
তুমি গুচি গʼলা - সেই সূৰ্য্যৰ দেশত ।
তুমি হʼলা - সূৰ্য্যৰ মানুহ !
সূৰ্য্যৰ কিৰণত তুমি কিৰণময়ী
হৈ উজ্জ্বলি উঠা সৌ আকাশত
তোমাৰ আত্মাই চিৰ শান্তি পাওঁক ।।
আপ্লুত হ'লো🙏
ReplyDelete