অগণন শ্বহীদৰ নিজৰ
তেজৰ বিনিময়ত
ভাৰতে পালে আজি স্বাধীনতা ।।
১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখ
ত্ৰিৰংগা পতাকা উত্তোলনে
ভাৰতে ৰছিলে এক নতুন ইতিহাস।
দেশবাসীয়ে পালে এক শান্তিৰ নিশ্বাস।।
সকলোতে উচ্ছাৰিত হ'ল
"বন্দে মা তৰম" প্ৰতিধ্বনি।
জনতাই একে সুৰতে গালে
"জনগন মন অধিনায়ক জয়হে"
গীতে সংবিধান হ'ল পূৰ্ণ।
সকলোতে মাথোঁ বাজি উঠিল
দেশপ্ৰেমমূলক গীতৰ জোৱাৰ ধ্বনি।।
মন্দিৰ ,মজিদত ,গীৰ্জাতো
বাজি উঠিল শঙ্খ ঘন্টাৰ সুৰৰ ধ্বনি।
এয়াই আমাৰ জননীৰ গৌৰৱৰ গাঁথা ।
কিন্তু, বহু আশাৰে বহু শ্বহীদৰ
ত্যাগৰ স্বাধীনতা আজি
সংবিধানতে মাথোঁ সীমাবদ্ধতা হ'ল ।।
পলে পলে কেতিয়াবা অনুভৱ হয়
নিপীড়িত সাধাৰণ জনতাক
সকলোৱে দেখিছে জানো ?
সমতাৰ অধিকাৰ।
মৌলিক অধিকাৰ,
ক্ষমতা অধিকাৰ আকৌ কেতিয়াবা
নাৰীৰ স্বাধীনতা দেখি প্ৰশ্ন উদয় হয় ?
বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ
একতাৰ এনাজৰী অটুট থকা
আজি, স্বাধীন ভাৰতত
তথাপিও মুক্ত নহয় আমি ।
মুক্ত নহয় আমাৰ মনবোৰ।।
তথাপিও সদায় আমি গৌৰৱ
অনুভৱ কৰোঁ স্বাধীন দেশ হিচাপে ।
আমি একো একোজন
দেশখনৰ নাগৰিক হিচাপে।।
✍️নৱজিৎ নাথ
ছিপাঝাৰ, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ