ভোগালীৰ ভোগ - লহৰজ্যোতি মৰাণ

©Admin
0
হেঁপাহৰ ভোগালী 
আহি পালেহি পদূলি
চূঙা-চাউল-পিঠা , নাৰিকলৰ লাড়ু ,
দৈ-গাখীৰ জুতি কৰো। 
কাঠ আলু, মিঠা আলু
আনৰ বাৰীত বিচাৰি পালো। 

লোকেল মাছ , লোকেল হাঁহ-মূৰ্গী
বজাৰত দাম বহুত বেছি! 
তথাপিও হেঁপাহৰ ভোগালী
পৰিয়ালৰ সকলোৰে সৈতে এসাজ খায় কৰো ধেমালি। 

মাঘৰ মেজি ঘৰ ভেলা
পুৱটি নিশালৈ কৰো আনন্দমেলা ;
সকলোৰে মংগল কৰি ৰাখক
ভগবানে আৰ্শীবাদ কৰক।

✍️লহৰজ্যোতি মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)