উৰি ফুৰা অচিনাকি চৰাইজাকৰ কাহিনী
সজাৰ বন্দী অভিমানী মইজনীৰ বেদনাদায়ক হাঁহি
প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য্যই
আকৰ্ষিত কৰি অনুভৱী কৰি
উৰণীয়া কৰি তোলা মোৰ এই
অভিমানী আলসুৱা মন.......।
লৈ যোৱা বুলি ক'লে জানো
মোক উৰিবলৈ লৈ যাব পাৰিব
বুজি নোপোৱাকৈ নথকা নহয়
মনৰ পৰা ওলাই অহা প্ৰতিটো
অনুভৱেই অচিনাকি চৰাইজাকে বুজে
অনুভৱৰ সৈতে খেলা কৰা মোৰ
অভিমানী মনটোও বুজি পায়।
অনুভৱবোৰ মোৰ শিপা
শব্দবোৰ মোৰ উশাহ.....
কবিতাবোৰ মোৰ জীৱন
সেয়ে অনুভৱত বিলীন হৈ
খেলা কৰিবলৈ মই ভয় নকৰোঁ
ভাল পাওঁ মই অনুভৱক
অভিমানী অনুৰাগী মই
হৃদয়ৰ পৰা নিগৰিত হৈ অহা
প্ৰতিটো মুহূৰ্তৰ সজীৱ অনুভৱৰ
নিজকে ব্যস্ত কৰি ৰাখো
অনুভৱৰ সৈতে খেলি....... ।
✍🏻দিপশিখা ৰাজকোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ