এজনী নিষিদ্ধ পখিলাৰ গান-নন্দিতা গগৈ

©Admin
0
নিঃশেষ নোহোৱাকৈয়ে শেষ হ'ব ধৰিছে জীৱনৰ ৰঙবোৰ! 
এতিয়া মানুহবোৰো যেন  চিনাকি হৈও অচিনাকি মুখাধাৰী!
তমসাবৃত বুকুত চকুপানীৰ শিলৰ ভৰ ..
জীয়াব পাৰি জানো এনেকৈ ?
সময়ৰ ছুৰীৰে নিজক মাৰি মাৰি পাৰিনে জীয়াব !
তেজৰ ৰঙেৰে জানো খেলিব পাৰি ৰঙহীন হোৱা জীৱনৰ খেল!

এতিয়া যে জীৱনৰ ৰঙবোৰ দুহাতৰ মুঠিৰ চেপাত বিলীন । 
আৱদ্ধ কোঠাৰ মৌনতাক সামৰি সকলো এতিয়া মাথোঁ অজুহাতত বন্দী । 

ফুলপাহ মৰহাৰ পিছত সুবাসখিনিৰ কি হয় !!
থাকে জানো তাৰ সুবাস সদায়ৰ বাবে ! 
জীৱনোটো এপাহ ফুল! 
থাকেনে সকলো নোহোৱা হোৱাৰ পিছত হেঁপাহৰ মাদকতা ?

বুজা নাছিলো তেতিয়া একোৱেই . 
জীৱনে বুজিবলৈ সুবিধা দিছিল কিন্তু অনুভৱ কৰা নাছিলো ..
বুজি উঠিব পৰা নাছিলো যে ,
ফুল মৰহি যাব সুবাস হেৰাই যাব 
অথচ ! 
সেই ফুলৰ ৰং ৰৈ যাব হৃদয়ত 
সাঁচি ৰাখিব হৃদয়ে সেই ৰং নিজৰ মাজত । 
ঠিক জীৱনৰ দৰে । 

কোনে কয় জীৱনৰ ৰং শূণ্যতাত হেৰাই যাব ! 
শূণ্যতাই যে উভতাই আনে নিজস্বতাক নতুন ৰূপত ...

হেৰাই হেৰাইও বৈ যায় জীৱনৰ গান ..
যি গানত মায়া আছে । 
মায়াতেইটো সপোন আছে !!
যি সপোনে বিলাই থাকে হেঁপাহৰ মাদকতা !

হেঁপাহত গুঞ্জৰিত আধা ফুলা ফুলপাহে আজি আকৌ গাইছে সেই গান ..
জীৱনৰ আঁহে আঁহে বৈ যোৱা এক গান..
এজনী নিষিদ্ধ পখিলাৰ গান । 
   
✍️ নন্দিতা গগৈ 
শ্ৰেণী :- দশম 
ঘৰ :- ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)