বীৰ চিলাৰায়: কোচ ৰাজ্যৰ জাতি সত্তাৰ ভুমিকা অতুলনীয় -চিন্ময় ডেকা

©Admin
0
চিলাৰায়ৰ জন্ম:১৫১০- মৃত্যু:১৫৭১ খ্ৰীষ্টাব্দত। তেখেতৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক 'চিলাৰায়' বুলিও জনা যায়। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। তেওঁৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে মাঘী পূৰ্ণিমাৰ দিনা তেওঁৰ জন্মৰ দিনটোত "চিলাৰায় দিৱস" হিচাপে উদযাপন কৰি অহা হৈছে।
      আজি অসমত চুকাফা, শ্ৰীমন্ত শঙ্কৰদেৱ, চিলাৰায় আৰু লাচিত বৰফুকনৰ দৰে মহৎলোক সকলৰ জীৱন পৰিক্ৰমা আৰু অতীতৰ প্ৰগতিশীল কাৰ্য্যাৱলী চৰ্চ্চাৰ পৰা পোৱা শিক্ষাইহে অসম তথা পূব ভাৰতক পুনৰ একতাৰ ডোলৰে বান্ধিবলৈ সঠিক পথ নিৰ্দ্দেশনা দিব পাৰিব৷ উদাৰ দৃষ্টিভঙ্গীৰে এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সকলোকে সামৰি ৰাজ্য গঠনৰ পাতনি মেলা চুকাফাক আজি অসমীয়াই পাহৰিলে ভৱিষ্যতলৈ একতাৰে আগবাঢ়িবলৈ প্ৰেৰণা পাব কেনেকৈ? আজিৰ পৰা ৫০০ বছৰ আগতে কুসংস্কাৰ-অনাচাৰেৰে পৰিপূৰ্ণ ভাৰতৰ পূব দিশৰ বাৰেমিহলি জনজাতি আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত চলি থকা বিভিন্ন অন্ধবিশ্বাস দূৰ কৰি ঠেক জাত-পাত-বৰ্ণৰ ব্যৱধানৰ উৰ্দ্ধত একতাৰ ডোলেৰে বান্ধিবলৈ মহাপুৰূষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা মানৱতাৰ বহল প্ৰমূল্যসমূহ নিহিত ভক্তি আন্দোলন একশৰণীয়া নাম ধৰ্ম্মই অকল অসম ভূখণ্ডতে নহয়, সমগ্ৰ পূব ভাৰততেই হেজাৰ হেজাৰ ভক্তৰ সৃষ্টি কৰি প্ৰগতিৰ বাট দেখুৱাইছিল৷ সেই একে সময়তে শ্ৰীমন্ত শংকৰদেৱৰ ভতিজা জীক বিয়া কৰাই মহাপুৰূষজনাৰ আদৰ্শৰে প্ৰভাৱিত হৈ প্ৰেম, দয়া, ধৰ্ম্মনিৰপেক্ষতা, সহনশীলতা ইত্যাদি মানবীয় গুণৰে সংপৃক্ত চিলাৰায়ৰ দৰে এজন গুণী, জ্ঞানী, আৰু দুদ্ধৰ্ষ কৌশলী সেনাপতি-যোদ্ধাই অতীৱ দূৰদৃষ্টিসম্পন্ন ব্যক্তি হিচাবে যোগা-যোগৰ কোনো ব্যৱস্থা নথকা পশ্চাদপদ অনুন্নত পূবভাৰতৰ বিভিন্ন ধৰ্ম্ম-জনগোষ্ঠী-সম্প্ৰদায়ক একতাৰ ডোলৰে বান্ধি এখন সমৃদ্ধিশালী, ঐক্যবদ্ধ আৰু সংস্কৃতিসম্পন্ন পূৰ্বভাৰতৰ সপোন দেখিছিল৷
        পৃথিবীৰ ভিতৰতেই ভাৰতবৰ্ষৰ চিলাৰায় (১৫১০-১৫৭১)আৰু ছত্ৰপতি শিৱাজী (১৬৩৯-১৬৮০)আৰু ফ্ৰান্সৰ সেনাপতি নেপোলিয়ন বোনাপাৰ্ট (১৭৬৯-১৮২১) অসামান্য সমৰবিদ৷ চিলাৰায়ৰ পূব-ভাৰতৰ সামৰিক অভিযান সমূহৰ প্ৰতি সেই সময়ত জয় কৰা অঞ্চলসমূহৰ জনসাধাৰণৰ স্বত:স্ফূৰ্ত সমৰ্থনে প্ৰমাণ কৰে এই অভিযান সমূহ যেন সম্প্ৰীতিৰ বতৰা কঢ়িওৱা এক উন্নত সংস্কৃতিক আন্দোলনহে আছিল৷ কাৰণ চিলাৰায়ে জয় কৰা অঞ্চলসমূহ কোচ ৰাজ্যৰ লগত সংযুক্ত কৰি এখন বিশাল কোচ সাম্ৰাজ্য গঢ়াৰ সপোন দেখা নাছিল, তাৰ পৰিবৰ্ত্তে সেই অঞ্চলসমূহৰ নৃপতি সকলৰ লগত সন্ধি কৰি অন্য বিজেতাৰ দৰে পৰাজিত কৰা অঞ্চলসমূহৰ জনসাধাৰণৰ ওপৰত লুটপাত, অত্যাচাৰ কৰাৰ পৰিবৰ্ত্তে আলি-পদূলি আৰু উপাসনাস্থল নিমাৰ্ণ, বৃক্ষৰোপন, খোৱাপানীৰ বাবে পুখুৰী খন্দা, কৃষিক্ষেত্ৰৰ উন্নয়ণৰ বাবে আঁচনি, কুটীৰ উদ্যোগক উদগনি দিয়া আদি কৰি নানা উন্নয়ণমূলক কামৰ জৰিয়তে সুন্দৰ শাসন ব্যৱস্থা স্থাপন কৰি পুনৰ কোঁচবিহাৰলৈ উভতি গৈছিল৷ কোঁচৰাজ বুৰঞ্জীত, চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰি বন্দী হোৱাৰ কথা পোৱা যায়। বন্দী হোৱাৰ পাছত, তেওঁক সাপে খোটাৰ চিকিৎসাত গৌড় ৰাজমাতা তুষ্ট হৈ মুক্তি দি নিজৰ কন্যাক তেওঁৰ লগত বিয়া দিয়ে আৰু যৌতুক ৰূপে বাহাৰবন্দ, গয়বাৰী, চেৰপুৰ, দহকনীয়া আদি নামৰ পাঁচখন পৰগণা দিয়ে। আন এখন ইতিহাস মতে, কৰতোয়াৰ পূৰ্ব অংশত থকা গৌড় অধিকাৰ চিলাৰায়ক যৌতুকত দিয়ে আৰু ঘোঁৰা, তৰোৱাল আদি নানা উপহাৰ আদি চিলাৰায়ে লাভ কৰে। সেই সময়তে চিলাৰায়ে পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্ত, বাগীশ আদি পণ্ডিতসকলক গৌড়ৰ পৰা লগত লৈ আহে। ভৱিষ্যতে গৌড়ৰাজ্য আক্ৰান্ত নহ’বলৈ বোধ হয় ৰাজমাতাই এই মৈত্ৰীৰ ব্যৱস্থা কৰিছিল।
                এসময়ত চিলাৰায় আৰু নৰনাৰায়নে বহু পণ্ডিত নিয়োগ কৰি পুৰাণ আৰু মহাকাব্যসমূহ সাধাৰণ মানুহে পঢ়িব পৰাকৈ সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰাইছিল৷ "গুণীয়েহে গুণীৰ মোল বুজে৷" চিলাৰায় নিজে এজন পণ্ডিত হোৱাৰ উপৰিও পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞানচৰ্চ্চা কৰিছিল। শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰ নাৰায়ণৰ সভা উজ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষ সহায় আছিল। তেওঁ নিজে সমৰ্থন নকৰা বেলেগ ধৰ্ম্ম, বিশ্বাস আদিকো সন্মান প্ৰদৰ্শন কৰি প্ৰকৃত ধৰ্ম্মনিৰপেক্ষতাবাদৰ পৰিচয় দিছিল৷ চিলাৰায় নিজেও তেখেতৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰেই আছিল এক সৰ্ব্বগুণী মহান বিচক্ষণ পুৰুষ আছিল।
                সংস্কৃত ভাষাত বিৰাট দখল থকা চিলাৰায়ৰ সকলোতকৈ উল্লেখযোগ্য সাহিত্যকৰ্ম্ম বাৰ শতিকাত জয়দেৱে ৰচনা কৰা বিশ্ববিশ্ৰুত "গীতাগোবিন্দ"ৰ ওপৰত সুগভীৰ নান্দনিক দৃষ্টিভংগীৰে লিখা "সাৰৱতী টীকা" যাৰ সমন্ধে ডঃ সত্যেন্দ্ৰনাথ শৰ্মাই দেবে লিখিছিল -"শুক্লধ্বজ (চিলাৰায়) যে এগৰাকী বিৰাট পণ্ডিত, ৰসজ্ঞ, শিল্পী তথা জ্ঞানী উৎসাহী ৰাজকীয় ব্যক্তি আছিল সাৰৱতী টীকাই সুন্দৰকৈ প্ৰমাণ কৰিছে৷" পূব ভাৰতৰ অতীতৰ গুণী-জ্ঞানী অসাধাৰণ লোকসকলৰ কৃত্বিত্বৰ প্ৰতি সততে এই অঞ্চলৰ বাহিৰৰ সৰ্ব্বভাৰতীয় ইতিহাসবিদ আৰু বুদ্ধিজীৱি সকলে সদায়েই অৱজ্ঞা বা অনীহাৰ মনোভাৱ লৈ আহিছে৷
       সেয়েহে সাম্প্রতিক অসমৰে এজন সুশাসক, শাসনৰ সু-আৰ্হি বিকাশ কৰোতা তথা জ্ঞান চৰ্চাৰ পৃষ্ঠপোষক মহাবীৰ চিলাৰায়ৰ জীৱন-কৰ্মৰ ওপৰত আলোকপাত নিশ্চয়কৈ জৰুৰী। চৰকাৰী বন্ধৰূপে ঘোষিত হোৱা চিলাৰায় দিৱসত প্ৰকৃততে এই কৰ্মময় জীৱনৰ ওপৰত সজাগতাৰ বাবে পদক্ষেপ ললেহে প্ৰকৃতাৰ্থত এই দিৱস পালন কৰাৰ অৰ্থ থাকিব নহ'লে সমাজৰ উত্তৰ-পুৰুষেই অতীতৰ ভেটিত সোনোৱালী ভৱিষ্যতৰ সপোন দেখিবলৈ উদ্বুদ্ধ হ'ব। 

✍️চিন্ময় ডেকা, জলাহ টংলা ওদালগুৰি
দূৰভাষ:-৬০০২৬৬৬৫৯৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)