মোৰ এজনী কাঠৰ গাই,
পিঠিয়েদি মল ত্যাগ কৰে
বুকুৱেদি খায়।
-- কাঠ শিতল কৰা মেচিন
▶️সাঁথৰ নং ২
মোৰ এটি প্ৰাকৃতিক গাড়ী,
ওপৰত ইঞ্জিন তলত দাড়ী,
ইন্ধন বিহীন চলে গাড়ী।
--মেটেকা
▶️সাঁথৰ নং ৩
এনে কি লাগতীয়াল মণি?
দুবাৰ পাওঁ বিনামূল্যে
তৃতীয় বাৰত আনো কিনি।
-- দাঁত
▶️সাঁথৰ নং ৪
ঘৰৰ তলত ঘৰ,
তাতে গৈ মৰ।
--আঁঠুৱা
▶️সাঁথৰ নং ৫
হাঁহিমুখে কাটে মাছ-মাংস-আলু
এনে কি কাটিব গৈ ওলায় চকুলো।
-- পিয়াজ
▶️সাঁথৰ নং ৬
এনে কি?
থাকিলে দাহ নহয়,
নাথাকে বিয়া নহয়।
-- প্ৰাণবায়ু
▶️সাঁথৰ নং ৭
ক'লীয়া ভোমৰাই ক'লা ঘাঁহ খায়,
ৰাতি গভীৰ হ'লে গড়ালত যায়।
-- কেঁচী।
▶️সাঁথৰ নং ৮
ৰাতি খীৰাই দিনত খাঁও,
মিঠা মিঠা সোৱাদ পাওঁ,
আলিৰ দাঁতিত থিয় গাই,
সাৰ-পানী আৰু ৰ'দ হে খায়।
-- খেজুৰৰ ৰস
▶️সাঁথৰ নং ৯
ফল যেনে সৰু, গছ তেনে চাপৰ,
লোভত কোনোৱে কামুৰিলে,
গালত হে কেৱল মাৰে চৰ।
-- জলকীয়া
▶️সাঁথৰ নং ১০
তুমি আছিলা খালত,
মই আছিলোঁ ডালত,
তোমাৰ স'তে দেখা হ'ল
মৰণোত্তৰ কালত।
-- মাছ আৰু ঔটেঙা।
◾ফাৰুক হুছেইন
হাউলী, বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ