ভেলেন্টাইন ডে-ৰুণু শৰ্মা

©Admin
0
অকস্মাতে শুনা পালো 
তুমি আহিবা বুলি
আজি বোলে ভেলেন্টাইন ডে !
কিবা বোলে প্ৰেমৰ দিন
বহুত দিন দেখা নাই প্ৰেম 
প্ৰেম অহাৰ দিন 
আছে নেকি বাৰু?
তেন্তে কেতিয়া , 
কেনেকৈ আৰু কোনফালে
আহিব বাৰু প্ৰেম?
বতাহত নে মেঘত নে জোনাক সৰা বাটত?
নে কাৰোবাৰ হিয়া-মন জুৰাই ৰোৱা
সপোন ফুলাৰ বাটত?
তুমি আহিবা নেকি এই নিজান ৰাতি
উদং পথাৰত অকলে অকলে সেমেকা
বতাহজাকত 
উদং পথাৰত ৰিঙা ৰিঙা মন লৈ
সৰা পাতৰ বিৰহ বেদনাৰ সাক্ষী হ'বলৈ?
ধূলিয়ৰি বাটত ফাগুন আহে এপদ দুপদকৈ
হালধীয়া দলিছাখন পাৰি 
সেউজীয়া বোৰৰ গোন্ধ ল'বলৈ,
ফাগুনৰ বন্দনাৰে 
পৃথিৱী মুখৰিত হ ওক
সেউজীয়া প্ৰেমৰ সুবাসেৰে।
ৰামধেনুৰ ৰঙেৰে 
সোনাৰু ফুলবোৰ
হালধীয়া হ ওতে‌ বিষাদেৰে আদৰা ক্ষনত
তুমিও আহিবা নেকি 
মোৰ ৰুক্ষ হৃদয়ত
এছাটি শুকান বতাহ লৈ
অপৰূপা ফাগুনৰ পৰশত 
পলাশ-মদাৰ জ্যোতিৰে 
হিয়াৰ ফাকুগুৰি ছটিয়াই 
গোকুলৰ বৃন্দাবনত আমেজসনা
ফাগুনী আহিব হিয়াৰ কল্লোলত
ৰাধাৰ সহিতে ফাকু খেলে 
স্বয়ং যাদব নন্দন 
হিয়াৰ ফাকুগুৰি ছটিয়াই
হিয়াৰ কল্লোল।

✍️ৰুণু শৰ্মা
পাঞ্জাবাৰী,বাঘৰবড়ী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)