হাঁহি-সংযুক্তা দত্ত

©Admin
0
হাঁহি বুলি ক'লেই হাঁহি উঠি যায়। আমি সকলোৱে সৰু থাকোঁতে লক্ষ্মীনাথ বেজবৰুৱা হাঁহি নামৰ গল্পটো নিশ্চয় পঢ়ি আহিছোঁ। বৰ ধুনীয়া গল্প । বেজবৰুৱাই সেই গল্পটোৰ যোগেদি আমাক হাঁহিবলৈ শিকাইছে। মানুহে হাঁহিবলৈ যে পাহৰি গৈছে তাক সোঁৱৰাই দিছে। আমি গল্পটো পঢ়ি জানিব পাৰিছিলোঁ যে হাঁহিৰো ভাগ থাকে কেইবাটাও তাৰে কেইটামান হ'ল - ১) খিলখিলিয়া হাঁহি।
২) মিঁচিকিয়া হাঁহি। আৰু 
৩) ধেক্‌ধেকীয়া হাঁহি।
        আৰু বাকী কেইটা হাঁহি পাহৰিছো। পঢ়া দিন হ'ল। যান্ত্ৰিকতাৰ সময়ত মানুহে হাঁহিবলৈও পাহৰিছে। কেৱল এটাই হাঁহি জানে সেইয়া হ'ল - ম'বাইলত থকা ইমজি হাঁহিটো ।এখন গহীন গম্ভীৰ মুখ আৰু এখন হাঁহি মুখৰ মাজত বহুত পাৰ্থক্য থাকে। হাঁহি থকা মুখ এখনৰ প্ৰতি মানুহ সদায় বেছি আৰ্কষিত হয়। কাৰণ - আপোনালৈ কোনোৱাই চাই হাঁহি মাৰিলে আপুনিও নিশ্চয় হাঁহি এটা মাৰে। সেইয়া হ'ল মিঁচিকিয়া হাঁহি। সেইবুলিয়ে আকৌ যাকে তাকে চাই হাঁহি মাৰিব নালাগে । তেতিয়া আকৌ হাঁহিটোৱে বিপদহে মাতিব। যেনেদৰে স্থান কাল পাত্ৰ চাই কথা ক'ব লাগে । ঠিক তেনেদৰে স্থান কাল পাত্ৰ চাইয়ে হাঁহিব লাগে। দ্ৰৌপ্ৰদীয়ে হাঁহিব নজনা কাৰণেই মহাভাৰতৰ সৃষ্টি হৈছিল। হাঁহি হাঁহি মানুহে বহুত কাম কৰিব পাৰে। ঠাট্টাও কৰিব পাৰে আৰু প্ৰসংসাও কৰিব পাৰে। কিন্তু আমি বেয়াখিনি আওকাণ কৰি ভালখিনি আকোঁৱালি ল'ব লাগে । যি কি নহওঁক হাঁহি থাকিব । হাঁহিলে মনবোৰ ভালে থাকে। নিজেও হাঁহক আৰু আনকো হহুৱাওঁক 
     
✍🏻সংযুক্তা দত্ত
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)