এতিয়া আৰু নাই।
কবিয়ে লেখা শুৱনি গাওঁখনি
ৰসাতলে যায়।।
ডাল ভৰি ভৰি ফল-ফুল লগা গছবোৰো
ফল ফুলহীন হ'ল।
তাৰ সলনি পোকে ধৰা ঠেংঠেঙীয়া গছবোৰহে
দেখা পোৱা গ'ল,
ধানেৰে উপচা ধাননি পথাৰ খন
বাকৰিলৈ পৰিণত হ'ল।
পানীৰে উপচা নৈৰ ঘাটলৈ
মূদৈও নহা হ'ল।।
আজিকালি গাঁওবোৰত
পঁজাঘৰ নাইকিয়া হ'ল।
তাৰ সলনি নতুন পদ্ধতিৰ
টিনপাতৰ ঘৰ আহি গ'ল।।
তাহানি দিনৰ বাঁহৰ জেওৰা,বাঁহৰ নঙলা
ক'তনো হেৰাই গ'ল।
তাৰ সলনি নতুন পদ্ধতিৰ
পকাৰ দেৱাল আহি গ'ল।।
তাহানিৰ দিনৰ ৰং ধেমালী, মৰম চেনেহ বোৰ
ক'তনো হেৰাই গ'ল।
তাৰ সলনি চকু-চৰহা, আপোন-পেটীয়া
ভাৱহে বাঢ়ি গ'ল।।
✍️ধনমণি কোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ