মেঘালী-প্ৰিয়ংকা চমুৱা

©Admin
0
তোমাৰ ঘন মেঘালী চুলিত গুজি দিব পাৰোঁ
মোৰ হেঁপাহৰ সকলো দৰিকণা
দৰিকণা বিচাৰি হাবাথুৰি খালে
মোক মাথোঁ নিলগাই নাৰাখিবা
তোমাৰ অন্তৰীন অনুভৱময়
 আলসুৱা হৃদয়ৰ পৰা
তুমি যদি আশাৰ নদী
মই হেঁপাহৰ পিয়াসী উপত্যকা
থিতাপি লওঁ তোমাৰ বুকুত
মূৰ গুজি টোপনি যাওঁ
নিশব্দ একুঁকি সপোন সাবটি

তুমি সাগৰ হ'লে
মই শেলুৱৈ হৈ
সাবটিম তোমাক দুবাহুত
তুমি আকাশ হ'লে 
গঙ্গা চিলনি হৈ উৰিম
তোমাৰ আদৰুৱা উদাসি বুকুত
পয়োধৰা তুমি
প্ৰাচীন সুঁতি তুমি মোৰ
জীৱন ধাৰৰ
নিজৰ তুমি মোৰ
জিনিছা সকলো দুস্বপ্ন
মহাকালৰ
নাৰী তুমি
অনন্যা
প্ৰিয়ভাষীনি মোৰ 
হৃদয় চহৰৰ
প্ৰতিটো কোণৰ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)