ফাগুন- ৰাতুল চেতিয়া ফুকন

©Admin
0
জানো যৌৱন প্ৰাচুৰ্য্যৰে 
ভৰপূৰ তুমি
তুমি প্ৰগল্ভা ফাগুন,
সেয়ে হ'বলা
তোমাৰ এই নান্দনিক ভেম
অথবা সংযমী প্ৰৱনতা
প্ৰত্যাসিত হ'লে ইচ্ছা, অভিমান বাঢ়ে
অভিমানে জন্মদিয়ে মৰম
তেনে মৰমৰ বাবেই নেকি
তোমাৰ এই অভিমান ।
কেনেকৈ সহোবাৰু
বুকুৰ মাজত সুতীব্ৰ দহন ।
ফাগুন তোমাৰ স'তে
ভুলটো নহয়
সংগোপন এই আবেদন ।
********

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)