প্ৰেম আদালতৰ শেষ ৰাতি -ফাৰুক হুছেইন

©Admin
0
নাই নোৱাৰিম প্ৰিয়, তুমি বিচাৰিলেই
শেষ ৰাতিটো ৰঙীন কৰিবলৈ, 
তোমাৰ মন আদালতৰ জীৱন্ত
গছৰ পৰা সৰিলো আজি সৰাপাত হৈ।
উভতাই কুঁহিপাত হোৱা জানো সম্ভৱ?

মেঘ হৈ বিশাল আকাশৰ বুকুত
মুক্তভাৱে বিচৰণ কৰি,
অভিমানত বৰষূণ হৈ ধৰালৈ আহিলে
বাষ্প হৈ পুনৰ উভতি পাৰি।
কিন্তু সূৰ্যৰ উত্তাপ অবিহনে জানো সম্ভৱ?

অ' নিৰ্দয় পাহাৰ তোমাৰ বুকুৰ পৰা
অনাদৃত নদী হৈ আবেগত সাগৰলৈ গতি,
মোক বিচাৰিলে বহু প্ৰতীক্ষা সময়ৰ
বিষাদেৰে কৰা পাৰ উজাগৰে বহু ৰাতি।
বহু প্ৰতীক্ষাতে হ'ব মোৰ প্ৰতি প্ৰেমৰ অনুভৱ,
প্ৰেম-মগ্ন হ'লে শেষ ৰাতি ৰঙীন হোৱা সম্ভৱ।

                ✍️ফাৰুক হুছেইন
                হাউলী, বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)